বিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা 

Spread the love

Sharing is caring!

বিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা 

  • ৰাইজে জব্দ কৰিলে এক ট্ৰাক অৰুণাচলী সুৰা
  • আবকাৰী ৰহস্য জনক ভুমিকা

দৈনন্দিন বাৰ্তা live@বিশ্বনাথ চাৰিআলি ,১৫ মাৰ্চ:

এতিয়া বিশ্বনাথত সহজতে পোৱা যায় অৰুণাচলী বিলাসী সুৰা । কাৰণ ট্ৰাকে ট্ৰাকে প্ৰতি দিনেই বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চললৈ অৰুণাচলী সুৰা আমদানি আছে কিন্তু এই সম্পূৰ্ণ বিষয় গহপুৰ আপকাৰী আৰু বিশ্বনাথৰ আপকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে কোনো অৰুণাচলী সুৰা সোমোৱা তথা আমদানি ক্ষেত্ৰত পদক্ষেপ নোলোৱা এক গুৰুত্ব অভিযোগ । ইফালে এই অৰুণাচলী সুৰা ট্ৰাক বিশ্বনাথ চাৰিআলি তথা গহপুৰ লৈ প্ৰবেশ কৰা বিনিময়ত অৰুণাচলী সুৰা ব্যৱাসী পৰা গহপুৰ আপকাৰী পৰিদৰ্শন দুলাল শৰ্মা নেতৃত্বত আৰু বিশ্বনাথৰ একাংশ বিষয়াই সহযোগত বৃহৎ পৰিমাণৰ কমিচনৰ লালত অৰুণাচলী সুৰা ভৰ্ত্তি ট্ৰাক সমুহ মুকলিকৈ জিলাখনলৈ সোমালৈ দি অহা দীৰ্ঘদিনীয়া এক অভিযোগ আছিল যদিও আজি বাঘমাৰী ৰাইজ আৰু বিশ্বনাথৰ সহ পৰিদৰ্শনক ৰুপক শইকীয়া আৰু জিয়াৰ আহমেদ গোপন সূত্ৰত জৰিয়তে অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰি তাকে প্ৰমাণ কৰিলে । অৰুণাচলী পৰা আজি দিন দুপৰতে প্ৰায় ১০ লাখৰ অধিক মূল্য অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক অহা খবৰ লাভ কৰি কেইবাজনো সচেতন যুৱক বিশ্বনাথৰ বাঘমাৰীত বাহৰ পাতি ৰৈ ট্ৰাক খন জব্দ কৰি চোৱাত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে যদিও গাড়ীৰ খন চালক জনে গাড়ী খন এৰি পলাই কৰে যদিও শেষত সাংবাদিক আৰু ৰাইজৰ তৎপৰতা বিশ্বনাথ চাৰিআলি আপকাৰী খবৰ দিয়া ত সুৰা ভৰ্ত্তি ট্ৰাক খন আপকাৰী বিভাগৰ কাৰ্যালয় লৈ যা । আপকাৰী পৰা জানিব পৰা মতে সম্পূৰ্ণ ট্ৰাক খনত প্ৰায় ৯০০ কাৰ্তন অৰুণাচলী সুৰা উদ্ধাৰ হৈছে এই সুৰা বজাৰৰ মূল্য প্ৰায় ১০ লাখৰ অধিক হব । জব্দ কৰা ট্ৰাক খন নম্বৰ এচ ০৭ চি ৮৬৩৪ ।

Related posts

Leave a Comment