মদৰ বিৰুদ্ধে গোলাঘাটত আটছাৰ হুংকাৰ 

Spread the love

Sharing is caring!

মদৰ বিৰুদ্ধে গোলাঘাটত আটছাৰ হুংকাৰ 

দৈনন্দিন বাৰ্তা live@  দেৰগাঁও ১৪ মাৰ্চ:
আজি গোলাঘাট উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মূখত দৈয়াং চাহ বাগিছাৰ শ্ৰমিকৰ মৃত্যুৰ উচ্চ পৰ্য্যায়ৰ তদন্ত, আৰু বগীঢলা চাহ বাগিছাৰ সমস্যা আদি ভালেকেইটা গুৰুত্বপূৰ্ণ দাবীৰ লগতে জিলাখনৰ  বাগিছা আৰু দাতিকাষৰীয়া অঞ্চলত থকা বৈধ অবৈধ সকলো মদৰ দোকান দহ দিনৰ ভিতৰত উচ্চেদৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে ৷কাৰ্য্যসূচী ত উপস্থিত থাকি মদ মুক্ত অসম দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰবীন দাসে বাগিছা সমূহত সুৰা নিষিদ্ধ নোহোৱা পৰ্য্যন্ত আটছাৰ লগত একেলগে সংগ্ৰাম চলাই যোৱাৰ পোষকতা কৰে ৷ আটছাৰ গোলাঘাট জিলাৰ সভাপতি জগদীশ বৰাইক আৰু সম্পাদক উমা শংকৰ কুৰ্মীৰ নেতৃত্বত ৰুপায়ন কৰাৰ প্ৰতিবাদত জিলাখনত লালিগুৰ নিষিদ্ধ আৰু আবকাৰী বিভাগৰ উদ্যোগত গাৱে ভূঞে গঢ়ি উঠা চুলাই মদৰ  দোকান সমূহ বন্ধ নকৰিলে প্ৰতিবাদত সমগ্ৰ গোলাঘাট অচল কৰি দিম বুলি প্ৰতিবাদকাৰী সকলে প্ৰশাসনক সকিয়াই দিয়ে।

Related posts

Leave a Comment