শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি

Spread the love

Sharing is caring!

শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি:

দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ), শিৱসাগৰ, 6 জানুৱাৰী: দুৱৰিৰ ওঁঠত নিয়ৰৰ টোপাল। প্ৰখৰ ৰদৰ উগ্ৰতা নাই শীতৰ বতৰত। শীতৰ দিনবোৰ ওমাল কৰে জাৰৰ কাপোৰে। বিদেশী পক্ষীজাকৰ সৈতে সূদুৰ পাহাৰৰ বুকুৰ পৰা নামি আহিছে এজাক অতিথি। লগত লৈ আহিছে শীতৰ দিন আৰু ৰাতিবোৰ ওমাল কৰা জেকেট, চুৱেটাৰ আৰু অন্যান্য বস্ত্ৰৰ সম্ভাৰ। ৰাজ্যৰ অন্যান্য অংশৰ লগতে উজনিৰ তৈল নগৰী শিৱসাগৰতো ভৰি পৰিছে এতিয়া সূদুৰ তীব্বত আৰু নেপালৰ পৰা অহা জাৰৰ কাপোৰৰ ব্যৱসায়ীয়ে। তিনিশ টকাৰ পৰা তিনিহেজাৰ টকা পৰ্যন্ত অনেক বস্ত্ৰৰ সম্ভাৰ লৈ আহিছে এইসকল ব্যৱসায়ীয়ে। ব্যৱসায়ী সকলে জনোৱামতে পাহাৰৰ শিখৰত হোৱা অতিপাত তুষাৰ পাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু নিজ পৰিশ্ৰমৰ দ্বাৰা দুবেলা দুমুঠি খোৱাৰ হেঁপাহেৰে ভৈয়ামলৈ প্ৰতিবছৰে আহে এইসকল অতিথি। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো শিৱসাগৰ দ’লমুখ চাৰিআলিৰ যাত্ৰী নিবাসত এই শীতৰ অতিথি সকলে আৰম্ভ কৰিছে শীতৰ বস্ত্ৰ সম্ভাৰৰ ব্যৱসায়। উন্নত মানৰ জাৰৰ কাপোৰ উচিত মূল্যত বিক্ৰী কৰা বুলি সুনাম থকা এই ভূটীয়া বজাৰত জাৰৰ কাপোৰৰ সন্ধানত প্ৰত্যেক দিনাই যথেষ্ট সংখ্যক গ্ৰাহক আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু চলিত বছৰত দহৰ পৰা পোন্ধৰ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি হোৱাত গ্ৰাহক সকল বিপাঙত পৰিছে। আনহাতে বিগত বছৰতকৈ এইবাৰ জাৰৰ প্ৰকোপ কম হোৱাত বিক্ৰীৰ মাত্ৰা সীমিত বুলি ব্যৱসায়ী সকলৰ পৰা জানিব পৰা গৈছে। তথাপিতো এইসকল বিদেশী অতিথি আশাবাদী কিয়নো শীতৰ এই তিনিটা মাহৰ ব্যৱসায়ৰ ধনৰ ওপৰতেই নিৰ্ভৰ কৰি এইসকল ব্যৱসায়ী পৰৱৰ্ত্তী বছৰৰ বাবে সাজু হয়। জীৱন যুঁজৰ এক অক্লান্ত সৈনিক এই ব্যৱসায়ী সকলে জাৰৰ কাপোৰৰ ব্যৱসায়ৰ জৰিয়তে ভৌগলিক সীমাৰেখাৰ চিন নিচিহ্ন কৰি পাহাৰ আৰু ভৈয়ামৰ মাজত ব্যৱসায়ৰ জৰিয়তে এক অন্যন্য সম্প্ৰীতিৰ সাঁকো গঢ়িছে।

Related posts

Leave a Comment