হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত অৱৈধ ভাৱে ভেটি মাটি আৱণ্টনৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ ঃ

Spread the love

Sharing is caring!

হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত অৱৈধ ভাৱে ভেটি মাটি আৱণ্টনৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ ঃ

দৈনন্দিন বাৰ্তাLive@ দঃশালমাৰা ১২ ফেব্ৰুৱাৰী ঃ
নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ সদৰ ছুপাৰ মাৰ্কেট খন ১৯৯৭ চনত সেই সময়ৰ মহকুমা ধিপতি আই এচ বিষয়া শ্ৰী সঞয় লহিয়াই উক্ত মাৰ্কেট খনৰ লগতে ৪ বিঘা ১কটা ১২ লেছা মাটি বাছ আস্থানৰ নামত আৱণ্টন দিয়ে।  পৰিতাপৰ বিষয় যে এই বাছ আস্থানৰ মাটিত ৫ জন ব্যক্তিক অৱৈধ ভাৱে ভেটি মাটি আৱণ্টন দিয়ে যদিও ৰহস্য জনক ভাবে আৱণ্টনৰ প্ৰতিলিপিত চন, দিন তাৰিখ উল্লেখ নাথাকে। অভিযোগ মতে উক্ত এই ছুপাৰ মাৰ্কেট খনত জিলা উপায়ুক্তই চৰকাৰী ভাৱে নাইবা বেচৰকাৰী ভাবে  তিনি মহলিয়া অট্টালিকা নিৰ্মাণ কৰিবলৈ ছুপাৰ মাৰ্কেট ডেভেলপমেন্ট কমিটি গঠন কৰি দিয়ে। যদিও কমিটি খন বাতিল নহোৱা কৈ অৱৈধ ভাৱে ফেকামাৰী আঞ্চলিক পঞ্চায়তে কি যুক্তিত উক্ত ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টন দিয়ে। এই আৱণ্টনৰ ফলত অকল মাথোন ৩০/৪০ জন ধনী ব্যক্তিয়ে বৃহৎ পৰিমাণৰ ধনৰ বলত আৱণ্টন পাই উপকৃত হ ব।
এই মাৰ্কেট খনত প্ৰায় ৩০০ শতাধিক দুখীয়া খাটি খোৱা মানুহে এই বজাৰ খনত সৰু সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে । এই আৱণ্টনৰ ফলত উক্ত সৰু ব্যাৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হব। কিন্ত চৰকাৰী ভাবে (3)তিনি মহলীয়া অট্টালিকা আৰু যান বাহন ৰখাৰ বাবে পাৰ্কিংগৰ ব্যৱস্থা কৰিলে সকলো ব্যৱসায়ীৰ উপকৃত হ ব। এই সন্দৰ্ভত জিলা উপায়ুক্তক ব্যৱসায়ী সকলে ৩০ জানুৱাৰীত আৱণ্টন বন্ধ কৰিবলৈ অভিযোগ দিয়ে। আৰু ৬ ফেব্ৰুৱাৰীৰ দিনা অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ অতিৰিক্ত আয়ুক্ত এম জি কে ভানুক হাটশিঙিমাৰী জিলা উন্নয়ন পৰিষদৰ সভাপতিৰ নেতৃত্বত উক্ত আৱণ্টন বাতিল কৰি চৰকাৰী নীয়ম নীতিৰে চৰকাৰী ভাবে গৃহ নিৰ্মাণ কৰি উক্ত গৃহৰ কোঠাৰ আৱণ্টন দিয়াৰ সংগঠন টোৰ কোনো আপত্তি নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখ যে জিলা উপায়ুক্ত, ফেকামাৰী আঞ্চলিক পঞ্চায়ত আৰু মুখীয়াল ৰাইজৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে উক্ত ঠাইত কোনো আৱণ্টন দিয়া নহব। এনেকি ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ এক সভাত প্ৰস্তাৱ মৰ্মে উল্লেখ কৰে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু এন আৰছিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে কোনো ধৰণৰ আৱণ্টন দিয়া নহব। এই সন্দৰ্ভত জিলা উপায়ুক্তৰ নিৰ্দেশত জিলা দণ্ডাধীশ একে ইলিয়াছ আহমেদক উক্ত ভেটি মাটি আৱণ্টনৰ দুৰ্ণীতিৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে যদিও তদন্ত প্ৰঞিয়া শেষ নোহোৱা কৈ কেনেকৈ উক্ত আৱণ্টন প্ৰঞিয়া চলি আছে।
অৱৈধ আৱণ্টন বন্ধ কৰাৰ বাবে আজি অসমৰ মুখ্যমন্ত্ৰীক লিখিত অভিযোগ প্ৰেৰণ কৰে

Related posts

Leave a Comment