ইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ

Spread the love

Sharing is caring!

ইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ

দৈনন্দিন বাৰ্তাLive, জামুগুৰিহাট , ১৫ মাৰ্চ : দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজিৰ্ন পথছোৱা মেৰামতিৰ দাবীত অাজি ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু নদুৱাৰ অাঞ্চলিক চাহ জন জাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত উলিওৱা এটি প্ৰতিবাদী সমদল । উত্তৰ পুৱ পৰিষদৰ অধীনত ( এন ই চি ) এই ২০ কি:মি: দৈৰ্ঘ্যৰ পথছোৱা সুদীৰ্ঘ ৩২ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বৃহত্তৰ অঞ্চল ইটাখোলা , আহুবাৰী ,খেৰবাৰী , হাটিঙা , বালিজুৰি , হাতীপট্ৰিকে ধৰি প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে । জানিব পৰা মতে উক্ত পথছোৱা মেৰামতিৰ বাবে ২০১৪ – ১৫ বৰ্ষত গুৱাহাটীস্থ ঠিকাদাৰ ভাগ্য কলিতাই অাৱন্টন লাভ কৰিছিল । কিন্তু পৰৱৰ্ত্তী পৰ্যায়ত ঠিকাদাৰ গৰাকীয়ে কি ৰহস্যজনক কাৰণত প্ৰায় ৩ কিলো মিটাৰ পথৰ কাম কৰিয়েই দায়িত্ব সামৰিলে সেয়াহে অবুজ সাঁথৰ । অন্যহাতেদি উক্ত পথছোৱাৰ মাজত থকা দিকৰাই জানৰ ওপৰত কাঠৰ দলংখনো ভাঙি দিয়াৰ ফলত বৃহত্তৰ অঞ্চলবাসী যাতায়তৰ বাবে ভীষন সমস্যাত পৰিছে । প্ৰথম অৱস্থাত ঠিকাদাৰ গৰাকীয়ে RCC কালভাৰ্ট নিৰ্মানৰ প্ৰস্তুতি চলাই প্ৰায় ৬ মাহ কাল কেম্প সাজি কালভাৰ্টৰ কাম অাৰম্ভ কৰিছিল কিন্তু কি তেনেকুৱা সমস্যাই দেখা দিলে প্ৰায় ৩০ শতাংশ কাম কৰিয়েই কেম্পবোৰ ভাঙি তাৰ পৰা উধাও হব লগা হ’ল ৰাইজে একো ভু কে নাপালে । ইয়াৰো পৰি ছৈবাৰীৰ পৰা ইটাখোলা প্ৰায় ৩ কি :মি : পথছোৱাতো নিৰ্মান হ’ল কিন্তু অতি গুৰুত্বপুৰ্ন কালভাৰ্ট টি হে সম্পুৰ্ন নহল । বাৰিষাৰ পুৰ্বে যদিহে এই কালভাৰ্টটো হৈ নুঠে তেন্তে ছৈবাৰী হৈ ইটাখোলা , বালিজুৰিৰ অাদি অঞ্চলত যোগাযোগ বিচ্চিন্ন হোৱা আশংকাই দেখা দিছে । তদ্ৰুপ ধৰনে ইটাখোলাৰ পৰা চিজুছালৈ যোৱা প্ৰায় ১৬ কি : মি : দৈৰ্ঘ্যৰ পথ ছোৱাৰ কাম বিগত বৰ্ষৰ ২০১৬ – ১৭ পৰা মাটি অাৰু চেন্ত গেভেলৰ কাম অাৰম্ভ হৈ ৪ / ৫ কি: মি: পকীকৰনো হ’ল যদিও সম্প্ৰতি ঠিকাদাৰ গৰাকীৰ কাম কাজৰ গতি – বিধিয়ে ৰাইজক অাশ্বস্থ কৰিব পৰা নাই যে ভবিষতে এই গুৰুত্ব পুৰ্ন পথটি সম্পুৰ্ন হৈ উঠিব ।ৰাইজৰ স্বৰ্থ জড়িত এই সমস্যাটো অতিশীৰ্ঘে সামাধানাৰ্থে অাজি কেইবা শতাধিক অাছু অাৰু অাটছাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰ অাৰু ঠিকাদাৰৰ বিৰুদ্ধে নানা ধৰনৰ শ্ল’গান দি ইটাখোলা ৯ নং পৰা এক প্ৰতিবাদী সমদল উলিয়াই ইটাখোলা চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী সভা আয়োজন কৰি প্ৰতিবাদী সভাৰ প্ৰস্তাৱ সম্বলিত এখন স্মাৰক পত্ৰ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বিভাগীয় মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ প্ৰেৰন কৰে ।

Related posts

Leave a Comment