চাৰি বছৰে  পৰিত্যক্ত  অৱস্থাত ২০লাখ টকাৰে নিৰ্মিত ঐতিহাসিক নেঘেৰটিঙ শিব দলৰ আৱাসিক ভৱন,

চাৰি বছৰে  পৰিত্যক্ত  অৱস্থাত ২০লাখ টকাৰে নিৰ্মিত ঐতিহাসিক নেঘেৰটিঙ শিব দলৰ আৱাসিক ভৱন,  কুম্ভ কৰ্ণ নিদ্ৰাত চৰকাৰ প্ৰশাসন  দৈনন্দিন বাৰ্তা Live@ দেৰগাওঁ ২ জানুৱাৰী: পৰ্য্যটনৰ  অন্যতম  আকৰ্ষনস্থলি  তথা   প্ৰচুৰ  সম্ভাৱনাসস্পন্ন  গোলাঘাট  জিলাৰ  দেৰগাঁৱৰ  ঐতিহাসিক  নেঘেৰিটিঙ  শিৱ  দলত  দীৰ্ঘদিনৰে  পৰা  বিভিন্ন  সমস্যাই  গা  কৰি  উঠিছে  যদিও  গুৰুত্ব  নাই  চৰকাৰৰ  |  বিশেষকৈ  খোৱাপানী  , প্ৰস্বাৱগাৰ  , শৌচাগাৰ ,জিৰনী  চৰা আদি  জ্বলন্ত  সমস্যাই  শিৱ  দলটোত  বিৰাজ  কৰি  থকাৰ  সময়তে  শেহতীয়াকৈ  দলৰ  চৌহদ  নিৰ্মান  কৰা  এটা  ভৱন  দীৰ্ঘদিন  মুকলি  নকৰাক  লৈ  ৰাইজৰ  মাজত  প্ৰতিক্ৰিয়াৰ  সৃষ্টি  হৈছে | এই  ক্ষেত্রত আজি  “দৈনন্দিন বাৰ্তাৰ” ৰ  দেৰগাওঁৰ…

Read More

নৱবৰ্ষৰ পহিলা দিনা বটদ্রৱা থানত দৰ্শনাৰ্থীৰ ভিৰ:

নৱবৰ্ষৰ পহিলা দিনা বটদ্রৱা থানত দৰ্শনাৰ্থীৰ ভিৰ:  বটদ্রৱা, ১ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোৰ পুৱাতে অসমীয়া জাতিৰ জনক জগতগুৰু শ্রীমন্ত শঙ্কৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱা থানত সহস্রধিক লোকৰ সমাগম ঘটি উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। পুৱাৰে পৰা অগনন দৰ্শনাৰ্থী, তীৰ্থযাত্রী, ভক্তপ্রাণ ৰাইজৰ আগমন ঘটিল ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা। নতুন প্রজন্মৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু নৱদম্পতি সকলোৱে জাতীয় সাজ পৰিধান কৰি নতুন সংকল্প বুকুত বান্ধি আশীষ ললে বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা আৰু দৌল মন্দিৰত। আগন্তুক বছৰটোত পৰিয়ালৰ সুখ-সমৃদ্ধি লগতে অসমৰবাসীৰ শান্তি-সম্প্রীতিৰ কামনাৰে থানত সেৱা-নৈৱেদ্য আগবঢ়ই সহস্রাধিকে লোকে। পুৰাৰ পৰা বিয়লিলৈকে বটদ্রৱা থানৰ কীৰ্তনঘৰ, হতীপুখুৰী…

Read More

নৱবৰ্ষক আদৰণি : ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন

ওদালগুৰিত উদিত বেলিৰ বহু ভাষিক কবি সন্মিলন: সাতটা ভাষাৰ কবিতাৰে জীপাল কৰি আদৰণি নৱবৰ্ষক  ওদালগুৰি: (নব কুমাৰ ডেকা) ১,জানুৱাৰী: ইংৰাজী নৱবৰ্ষক কবিতাৰ শব্দৰে আদৰণি আৰু ২০১৭বৰ্ষক বিদায়ৰ উদ্দেশ্যে আজি ওদালগুৰি জিলা কবি সমাজৰ উদ্যোগত” উদিত বেলি’ৰ বহু ভাষিক কবি সন্মিলনখনি ওদাৰগুৰিৰ খাংখালাবাৰী নিবাসী জিলা নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক বিষ্ণু শৰ্মা নেওপানেৰ বাস ভৱনত সফলতাৰে অনুষ্ঠিত হৈ যায়।  নৱবৰ্ষৰ প্ৰথম দিনটোতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভি কৰি জ্যেষ্ঠ নাগৰিক তথা অবসৰপ্ৰাপ্ত শিক্ষক গোৱৰ্ধন প্ৰসাদ চৌহানে কয়- কবিতাৰ জৰিয়তে মানুহৰ মনৰ চিন্তা প্ৰকাশ পায়। ভাষাই হৈছে কবিতাৰ বাহন।…

Read More