মমতা বেনাৰ্জীৰ অসম বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিল বাঙালী সংগঠন

শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান মমতা বেনাৰ্জীৰ অসম বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিল বাঙালী সংগঠন দৈনন্দিন বাৰ্তাLive@(দীপজ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও, ৪ জানুৱাৰী : পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ জৰিয়তে অসমৰ পৰা  ১.২৫ কোটি বঙালী লোকক খেদাৰ ষড়যন্ত্ৰ চলিছে বুলি কালি কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন বঙালী সংগঠন। নগাঁও বাঙালী সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমদাৰে আজি সংবাদ মাধ্যমৰ আগত কয় যে – অসমত অসমীয়া আৰু বাঙালী সকল দীৰ্ঘদিন ধৰি সমিল মিলেৰে বসবাস কৰি আহিছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্য অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি মজুমদাৰে কয় – তেওঁ…

Read More

তৃতীয় পৰ্য্যায়ৰ শুণোৎসৱ আৰম্ভ

তৃতীয় পৰ্য্যায়ৰ শুণোৎসৱ আৰম্ভ তৰাণি কাকডোঙা উচ্ছ মাধ্যমিক বিদ্যালয়ত দৈনন্দিন বাৰ্তা Live@(যতীন বৰা)নগাবাট৪জানুৱাৰী: গোলাঘাট জিলাৰ মেৰাপানী থানা অন্তৰ্গত থকা তৰাণি কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ত দুবাৰ কৈ তৃতীয় পৰ্য্যায়ৰ শুণোৎসৱৰ দিন সলনি কৰি ৪জানুৱাৰী পৰা আৰম্ভ হৈছে তৃতীয় শুণোৎসৱ।ৰাতি পূৱা সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়ত্ৰী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় সচেতন সমাজে বিদ্যালয়ৰ সনমূখত  গছ-পুলি ৰুপন কৰি শুণোৎসৱ প্ৰাৰ্থনা আৰম্ভনি কৰে । বোকাখাত J.D.S.J. কলেজৰ অধ্যাপক পাপৰি বৰা মহন্তই শুণোৎসৱৰ দিনতো উপস্থিত থাকে তৰাণি কাকডোঙা উচ্ছ মাধ্যমিক বিদ্যালয়ত ।গোলাঘাট জিলাৰ তৃতীয় পৰ্য্যায়ৰ  শুণোৎসৱ অসম-নগালেণ্ড সীমান্তত থকা বিদ্যালয়ৰ সমুহত  পুনৰ গতিত শুণোৎসৱ প্ৰস্ততি চলাই আহিছে…

Read More

বকোৰ ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা ছাত্ৰীৰ পৰিয়ালে ২১ দিনৰ পিছতো নাপালে ন্যায়

বকোৰ ৰঙাপানীৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা ছাত্ৰীৰ পৰিয়ালে ২১ দিনৰ পিছতো নাপালে ন্যায় আৰক্ষীৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ  দৈনন্দিন বাৰ্তাLive@(মিজানুৰ ৰহমান)নগৰবেৰা,  ৪ জানুৱাৰী : কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত  ৰাঙাপানীৰ গাঁৱত যোৱা ১৪ ডিচেম্বৰৰ নিশা সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলৱদ্ধ ভাৱে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ ফলত মৃত্যু হৈছিল কিশোৰী গৰাকীৰ।হত্যা কাণ্ড সংঘটিত কৰাৰ ২১ দিন পিছতো আৰক্ষীয়ে প্ৰকৃত অপৰাধীক কৰায়াত্ব কৰিব নোৱাৰাৰ বাবেই আজি আমছু’য়ে এটি তীব্ৰ  প্ৰতিবাদী  কাৰ্যসূচী অনুষ্ঠিত কৰে । উল্লেখ্য যে যোৱা  ১৪ ডিচেম্বৰৰ নিশাৰ ঘটনা। এদল পাষণ্ডই ৰঙাপানীৰ এটি দৰিদ্ৰ…

Read More

বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

বিশ্বনাথত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ দৈনন্দিন বাৰ্তাLive@,বিশ্বনাথ চাৰিআলি,৪ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি এন আৰ চি সম্পৰ্কে দিয়া উচটনি মূলক বক্তব্যৰ পাচতে আজি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বিতৰ্কিত মন্তব্যৰ জৰিয়তে অসমৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰি ইয়াৰ জনগণৰ মাজত ভাতৃঘাতী,সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটোকে বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগ তোলা প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে এনে নিকৃষ্ট ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ তৃণমূল কংগ্ৰেছৰ নেতৃ গৰাকীক সকীয়াই দিয়ে৷ মমতা বেনাৰ্জীৰ এনে উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে তীব্ৰ…

Read More

আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম

                                  ~ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম  ~ অসমৰ দৰে এখন ৰাজ্য বহু নৃগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত গঠিত । এনে এটি পৰ্য্যায়ত সমস্যা সমূহৰো ৰূপ ভিন্ন ধৰণৰ , যি এক সমাধান  আৰ্হিৰ মাজেৰে অন্ত কৰিব নোৱাৰি তথাপিও আজিৰ আগ্ৰাসনবাদী দিল্লীৰ ৰাজনৈতিক পাকচক্ৰৰ পৰা ৰক্ষা পৰি আঞ্চলিক ভাৱে এখন মঞ্চত ৰাজনৈতিক ভাৱে সংগঠিত হৈ সমাধান সূত্ৰ উলিয়াব পৰা স্থল আছে । অসমীয়া সমাজ ব্যৱস্থাক অধিক ভাৱে শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিটো জনগোষ্ঠী ঐক্যবদ্ধভাৱে আগুৱাই যাব…

Read More

নাজিৰা মহকুমাত আবকাৰী বিভাগৰ অভিযান, ৪ জনক আটক

নাজিৰা মহকুমাত আবকাৰী বিভাগৰ অভিযান,৪ জনক আটক           মেছাগঢ়ৰ প্ৰতিবেদক ৪ জানুৱাৰী: নাজিৰা মহকুমাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে মহকুমাটোৰ অন্তগৰ্ত কচুটেকেলী,ফুলনিবাৰী,বৰবাৰী,কছাৰীগাওঁকে ধৰি বিভিন্ন অঞ্চলত এক অভিযান চলাই ৪ জন লোকক আটক কৰি ৬ টাকৈ গোচৰ ৰুজু কৰে৷উক্ত অভিযানত ৫০ লিটাৰ চুলাই মদ,২৪০ লিটাৰ চুলাই মদ তৈয়াৰ কৰা পাছ আৰু ২টা মদ বনোৱা যন্ৰ জব্দ কৰে৷

Read More

অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ 

অসম – নগালেণ্ড সীমান্তৰ চূঙাজান আৰু গেলাবিলত আছুৰ পথ অৱৰোধ  সীমান্তত নিয়োজিত চি আৰ পি এফে নগাৰ পক্ষ লোৱাৰ কথা স্বিকাৰ কৰিলে আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়ে  প্ৰতিবাদকাৰীৰ ভয়ত পলাল চি আৰ পি এফৰ গাড়ী   দৈনন্দিন বাৰ্তাLive@ ধনশিৰি,সৰুপথাৰ পৰা হেমন্ত তামুলী  , ৪ জানুৱাৰী :- অসম চৰকাৰে অসম – নগালেণ্ডৰ সীমা  সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিকোপটি কোনো ব্যৱস্হা গ্ৰহন নকৰাৰ ফলত বছৰ – বছৰ  ধৰি সীমান্তবাসীয়ে নগা দুৰ্বৃত্তৰ পৰা বিভিন্ন ধৰনে হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে ৷ নগাই বন্দুকৰ ভয় দেখূৱাই অসমৰ মাটি নিজৰ দখললৈ নিবলৈ চেষ্টা চলোৱাৰ ওপৰিও সীমান্তবাসী অসমীয়াৰ পৰা…

Read More

সাহিত্যচাৰ্য্য ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি সন্মিলন আয়োজন।

সাহিত্যচাৰ্য্য ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি সন্মিলন আয়োজন দৈনন্দিন বাৰ্তা Live@দেৰগাঁৱ ৪ জানুৱাৰী: অসম সাহিত্য সভাৰ  প্ৰাক্তন  সভাপতি, কথা – শিল্পী  দেৰগাঁৱৰ  নাহৰনিৰ  মাজগাঁৱত  জন্মগ্ৰহন  কৰা    বিশিষ্ট  সাহিত্যিক   ছৈয়দ আব্দুল মালিকৰ জন্ম শতবৰ্ষ  অনুষ্ঠান  ভাগ  আহা ২০ আৰু  ২১  জানুৱাৰীত  দুদিনীয়া  এক  বিস্তৃত কাৰ্যসুচীৰে দেৰগাঁৱৰ নাহৰণিৰ মাজগাঁৱত   অসম সাহিত্য সভাৰ কেন্দ্রীয়  সমিতিৰ সহযোগত  , মাজগাঁও  শিক্ষা সংস্কৃতি উন্নয়ন সমিতি  উদ্যোগত অনুষ্ঠিত কৰিবলৈ  লৈ  পূৰ্ণ  প্ৰস্তুতি  আব্যাহত  ৰখা  হৈছে  |  আদৰণি সমিতিৰ বিষয়ববীয়া সকলে জনোৱা মতে  সাহিত্য  সভাৰ  গোলাঘাট জিলা সমিতি , দেৰগাওঁ, কুৱালগুৰি, নাহৰণি,…

Read More

বাৰঘৰীয়া নবোদয় যুৱক  সংঘৰ সৌজন্যত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত জিকিৰ প্ৰতিযোগিতাৰ আয়োজন

বাৰঘৰীয়া নবোদয় যুৱক  সংঘৰ সৌজন্যত জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত জিকিৰ প্ৰতিযোগিতাৰ আয়োজন দৈনন্দিন বাৰ্তা Live@ দেৰগাঁৱ ৪জানুৱাৰী: শদিয়াৰ পৰা ধুবুৰীলৈ যিজন জিকিৰ সম্ৰাটে অসমীয়া সমাজৰ মাজত সুৱদী সুৰীয়া জিকিৰে শংকৰ আজানৰ দেশত ঐক্য, সম্প্ৰতিৰ দৌল সাজিছিল, সেইজন জিকিৰ যাদুকৰ প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ গৃহ জিলা গোলাঘাটৰ, বাতিপৰীয়া বাৰঘৰীয়া গাঁওত নবোদয় যুৱক  সংঘৰ সৌজন্যত অহা ইংৰাজী ৭ জানুৱাৰী তাৰিখে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত এলানি জিকিৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক মফজুল হক আৰু সভাপতি ইক্ৰাম হুছেইনে, ইফালে জিকিৰ প্ৰতিযোগিতাৰ সংগতি ৰাখি স্থানীয়…

Read More

কলেজ অৱ এডুকেচন নগাঁৱৰ ৰূপালি জয়ন্তি বৰ্ষৰ সফল সামৰণি

কলেজ অৱ এডুকেচন নগাঁৱৰ ৰূপালি জয়ন্তি বৰ্ষৰ সফল সামৰনি জিলা প্ৰতিনিধি,নগাঁও,৪ জাানুৱাৰী: ১৯৯২ চনত প্ৰতিষ্ঠিত নগাঁও জিলা অগ্ৰণি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ কলেজ অৱ এডুকেচন নগাঁৱৰ ৰূপালি জয়ন্ত বৰ্ষৰ সামৰণি অনুষ্ঠানটি অলপতে দিন যোৰা কায্য সূচীৰে মহাবিদ্যালয়ৰ প্ৰংঙ্গনত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা ২৫ খন পতাকা উত্তোলন কৰে।মহাবিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজা প্ৰমূখ্যে মহাবিদ্যালয়ৰ লগত জড়িত তথা নগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ ২৫ জন সন্মানিয় ব্যক্তিয়ে।শ্বহিদ তৰ্পন অনুষ্ঠান মুকলি কৰে মহাবিদ্যালয়ৰ ছচাইটিৰ সম্পাদক বিৰেন্দ্ৰ কুমাৰ বৰায়ে।ৰূপালি জয়ন্তিৰ উপলক্ষে অনুষ্ঠিত পৰ্দশনিৰ দুৱাৰ মুকলি কৰে।ধিং সমষ্টিৰ বিধায়ক অামিনুল ইছলামে।প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

Read More