শুণোৎসৱ মিলিত তৰাণি উচ্ছ ইংৰাজী বিদ্যালয়ৰ

শুণোৎসৱ মিলিত তৰাণি উচ্ছ ইংৰাজী বিদ্যালয়ৰ দৈনন্দিন বাৰ্তাLive@(যতীন বৰা)নগাবাট,৫জানুৱাৰী:-গোলাঘাট জিলাৰ মেৰাপানী থান অন্তৰ্গত থকা বিভিন্ন বিদ্যালয়ৰ ত তৃতীয় পৰ্য্যায়ৰ শুণোৎসৱ আৰম্ভ হৈ আছে।অসম নগালেণ্ড সীমান্ত অতি বিদ্যালয়ৰটো পুণ গতিত  শুণোৎসৱ চলিছে বুলি সীমান্ত অঞ্চলৰ ৰাইজে জানিবলৈ দিছে।তৃতীয় পৰ্য্যায়ৰ শুণোৎসৱ মিলিত তৰানি উচ্চ ইংৰাজী বিদ্যালয়ৰ আৰম্ভ হৈছে বিদ্যালয়ৰ পৰিচালনা কমিতিৰ সভাপতি আৰু সদস্য সকল আৰু সমাজ কৰ্মী গবেন গগৈ উপস্থিত থাকে।

Read More

হাচৰাবোড়িত প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা

হাচৰাবোড়িত প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা:- দৈনন্দিন বাৰ্তাLive@(মনোৱাৰ হুছেইন), শিমলীতোলা, ৫ জানুৱাৰী:গোৱালপাৰা জিলাৰ ‘নেহৰু যুৱ কেন্দ্ৰৰ’ অধিনত ‘হাচৰাবোড়ি নব্যজ্যোতি সংঘৰ’ সাহাৰ্য্যত হাচৰাবোড়ি  আঞ্চলিক খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।অহা ০৭ আৰ ০৮ জানুৱাৰীত অনুষ্ঠিত কৰা হব এই খেলখন।০৭ জানুৱাৰী ৰাতিপুৱা ন বজাৰ পৰা উদ্বোধন কৰা হব এই প্ৰতিযোগিতাখন।আয়োজক কমিটিৰ সম্পাদক ছাহজাহান আলীয়ে জানিব দিছে যে এই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব লগীয়া সকলো দলকে থকা,খোৱা-লোৱাৰ ব্যৱস্থা কৰা হব।উক্ত প্ৰতিযোগিতাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি আয়োজক কমিটিয়ে জানিব দিছে ।

Read More

ফিল’বাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে তৰালী শইকীয়াই

ফিল’বাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে তৰালী শইকীয়াই ফিল’বাৰী: নৰ্থ-ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফ’ৰ টেলেন্ট চাৰ্চ চমুকৈ (নেৰিৰ্টছ শিক্ষা ন্যাস অসম)ৰ দ্বাৰা  আয়োজন কৰা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষাৰ ফলাফল যোৱা ৩১ ডিচেম্বৰ তাৰিখে ঘোষণা কৰা হ’য় ।শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী তৰালী শইকীয়াই এই পৰীক্ষাত ৯৬ শতাংশ লাভেৰে অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ফিল’বাৰী অঞ্চলটোৰ লগতে নিকেতন  খনলৈ গৌৰৱ কঢ়িয়াই  আনিছে । তৰালী শইকীয়া ফিল’বাৰীৰ বিজুলীবন পদুমপথাৰ নিৱাসী দুষ্যন্ত শইকীয়া আৰু পৰিস্মীতা শইকীয়াৰ জেষ্ঠ কন্যা । তাইক  অহা ১০ জানুৱাৰী তাৰিখে ২০১৮ বৰ্ষৰ শিক্ষাআৰম্ভ কাৰ্যসূচীৰ দিনা নিকেতনৰ ফালৰ পৰা সম্বৰ্ধনা…

Read More

মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু৷।

 মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ হল ৫ বছৰীয়া কন্যা শিশু চতিয়া আৰক্ষীৰ তৎপৰতা দৈনন্দিন বাৰ্তাLive@ চতিয়া ৫ ছেপ্তেম্বৰ :কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে যোৱা ১১ নবেম্বৰত চতিয়াৰ তেজালপত্তি ৰ পৰা মানৱ সৰবৰাহকাৰী চক্ৰ এটাই এগৰাকী মাতৃ সহ ৫ বছৰীয়া কন্যাক অৰুণাচললৈ নি বিক্ৰী কৰা কন্যা গৰাকীক আজি বিশেষ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হল চতিয়া আৰক্ষী। ঘটনাৰ বিৱৰণি মতে, উক্ত দিনা চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত তেজালপত্তিৰ বেজন্তী কুৰ্মী নামৰ মহিলা গৰাকীক অৰুণাচলৰ নাহৰলগনত কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে লৈ গৈছিল মানৱসৰবৰাহকাৰীৰ চক্ৰৰ এজেণ্ট মেহেৰ আলীয়ে। সেয়ে মাতৃৰ লগত গৈছিল ৫ বছৰীয়া কন্যা প্ৰিয়ংকা…

Read More