নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ নগাঁও,৬জানুৱাৰী: মহিলা সকলক স্বাবলম্বী আৰু অৰ্থনৈতিক ভাবে সবল কৰাৰ প্ৰচেষ্টাৰে অসম ৰাজ্যিক  গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  কালি নগাৱত ৬ টা মহিলা আত্মসহায়ক গোটক বিতৰণ কৰা হয় ই ৰিক্সা।কালি  নগাঁও চহৰৰ কাষৰীয়া শেনছোৱা স্হিত  খাগৰিজান উন্নয়ন খন্ডত  অনুষ্ঠিত  এখন সভাত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে।উক্ত অনুষ্ঠানত জিলা প্ৰকল্প পৰিচালক চন্দন তালুকদাৰ ,খাগৰিজান উন্নয়ন খন্ডৰ খন্ড  উন্নয়ন বিষয়া প্ৰমুখ্যে উন্নয়ন খন্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

Read More

নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ

নগাঁৱত চোৰাং চিকনী চুপাৰী ভৰ্তি টাটা মোবাইল জব্দ  নগাঁও, ৬ জানুৱাৰী: নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই চোৰাং চিকনী চুপাৰীসহ এখন টাটা মোবাইল গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও জিলাৰ ৰূপহীৰ পৰা গাড়ীভৰ্তি চোৰাং চিকনী চুপাৰী খিনি   বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে আনি থকা অৱস্থাত AS02 BC 2975 নম্বৰৰ গাড়ীসহ চুপাৰীখিনি আৰক্ষীয়ে জব্দ কৰে। উল্লেখ্য, দীৰ্ঘদিন ধৰি চোৰাং বাবে ৰূপহীৰ পৰা চিকনী চুপাৰী বহি:ৰাজ্যলৈ সৰবৰাহ হৈ আহিছে। এক বিশেষ সুত্ৰই জনোৱা মতে, বিক্ৰীকৰ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি…

Read More

কেঞ্চাৰ ৰোগীক চেক প্ৰদান

কেঞ্চাৰ ৰোগীক চেক প্ৰদান দৈনন্দিন বাৰ্তাLive(যতীন বৰা)নগাবাট,৬জানুৱাৰী :-গোলাঘাট  জিলাৰ গোলাঘাট সমষ্টিৰ অন্তৰ্গত গমাৰিশুৰি উন্নয়ন খণ্ডত এলেকাৰ ৩নং তৰানি গাঁৱৰ নিবাসী ডম্বৰু বৰা পত্নী গোলাপী বৰা কেঞ্চাৰ ৰোগীত আক্ৰান্ত হৈ থকা ত তেওঁৰ সু-চিকিৎসা বাবে মূখ্য মন্ত্ৰী ৰ সাহাৰ্য্য পুঁজিৰ পৰা ২০,০০০টকা এখন চেক যোগে সাহাৰ্য্য আগ বঢ়াই অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাচ উপসভানেত্ৰী নিমিষা সন্দিকৈ য়ে ৫/১/২০১৮তাৰিখে ৰোগী গৰাকীক নিজেই ঘৰলৈ গৈ ৰাইজৰ আগত স্থানীয় বিজেপি প্ৰভাৰী গবেন গগৈ হাতে উক্ত চেক খনি ৰোগী গোলাপী বৰাক প্ৰদান কৰে ।

Read More

শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি

শিৱসাগৰত শীতৰ কাপোৰ লৈ বিদেশৰ অতিথি: দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ), শিৱসাগৰ, 6 জানুৱাৰী: দুৱৰিৰ ওঁঠত নিয়ৰৰ টোপাল। প্ৰখৰ ৰদৰ উগ্ৰতা নাই শীতৰ বতৰত। শীতৰ দিনবোৰ ওমাল কৰে জাৰৰ কাপোৰে। বিদেশী পক্ষীজাকৰ সৈতে সূদুৰ পাহাৰৰ বুকুৰ পৰা নামি আহিছে এজাক অতিথি। লগত লৈ আহিছে শীতৰ দিন আৰু ৰাতিবোৰ ওমাল কৰা জেকেট, চুৱেটাৰ আৰু অন্যান্য বস্ত্ৰৰ সম্ভাৰ। ৰাজ্যৰ অন্যান্য অংশৰ লগতে উজনিৰ তৈল নগৰী শিৱসাগৰতো ভৰি পৰিছে এতিয়া সূদুৰ তীব্বত আৰু নেপালৰ পৰা অহা জাৰৰ কাপোৰৰ ব্যৱসায়ীয়ে। তিনিশ টকাৰ পৰা তিনিহেজাৰ টকা পৰ্যন্ত অনেক বস্ত্ৰৰ সম্ভাৰ লৈ আহিছে এইসকল ব্যৱসায়ীয়ে। ব্যৱসায়ী সকলে জনোৱামতে…

Read More

জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান 

জন্মস্থানতেই ধোঁৱাচাঙত উঠিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰুধী অভিযান  চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে  তদন্ত কৰাৰ সাহস নাই জিলা প্ৰশাসনৰ  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ হুংকাৰ  দৈনন্দিন বাৰ্তা Live@ চাবুৱা , ৬ জানুৱাৰী  : চাবুৱা ডি . ডি আৰ মহাবিদ্যালয়ৰ দুৰ্নীতিকাৰী অধ্যক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসনে  তদন্ত কৰাৰ সাহস নাই বুলি আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । আজি সংগঠনটোৱে এক প্ৰেছ বিবৃতিত কয় যে বৃহত্তৰ চাবুৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাবুৱা ডি. ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি…

Read More

মদ-জুৱাৰ পৰা মুক্তি দিয়াৰ দাবী @ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী

মদ-জুৱাৰ পৰা মুক্তি দিয়াৰ দাবী   ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী দৈনন্দিন বাৰ্তাLive@ চাবুৱা, ৬ জানুৱাৰী :  অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত শুকুৰবাৰে মাদক দ্ৰব্য সেৱন বন্ধ কৰা, জুৱা নিষিদ্ধ কৰি ল’ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাৰ আহ্বানেৰে ডিকমৰ হেজেলবেংক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ৰবি বাৰলা, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেউট, আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কিচুন মুণ্ডা, অবিভক্ত জিলা শাখা আটছাৰ সভাপতি লক্ষিৰাম ৰাজগড়, উপ-সভাপতি বিজয় কৈৰী, ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী জাতীয়…

Read More

কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ

কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ হাটশিঙিমাৰী, ৬ জানুৱাৰী ২০১৮ ঃ নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ মানকাচাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কালাপানী মধ্য ইংৰাজী বিদ্যালয় আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভী কৰে ইভালুৱেটৰ আব্দুল কাশেম চৌধুৰী। উক্ত স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে পুৱা পেৰেড আদিৰ লগতে ৰাষ্ট্ৰীয় সংগীত পাঠ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টি কৰি গুণোৎসৱৰ পৰীক্ষাত বহে। উক্ত স্কুলত গুণোৎসৱৰ শুভাৰম্ভী সময়ত উপস্থিত থাকে স্কুল পৰিচালনা সমিতিৰ সভাপতি, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি সাহিনুৰ প্ৰধানী, ।সদৌ অসম কৰ্মচাৰীৰ পৰিষদৰ উপসভাপতি সাহিনুৰপধানী জনায় যে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ…

Read More

প্ৰেছ বিজ্ঞপ্তি@পঞ্জী উন্নীতকৰণৰ প্ৰথম খন খচৰা প্ৰকাশ হোৱা বাবে বিশ্বনাথ জিলা কংগ্ৰেছে সন্তুষ্টি প্ৰকাশ

                                       প্ৰেছ বিজ্ঞপ্তি দৈনন্দিন বাৰ্তাLive@বৰগাং :- ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰথম খন খচৰা প্ৰকাশ হোৱা বাবে বিশ্বনাথ জিলা কংগ্ৰেছে সন্তুষ্টি প্ৰকাশ কৰিছো আৰু বিশ্বনাথ জিলাত থকা সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ নাম তুলনামূলকভাৱে কমকৈ প্ৰকাশ হৈছে বাবে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে বাদ নপৰে তাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক সাৱধানতা অৱলম্বন কৰিবলৈ আবেদন জনাইছোঁ। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক বিশ্বনাথ জিলা কংগ্ৰেছে অসমীয়া জাতিৰ ৰক্ষাকবছ বুলি জ্ঞান…

Read More