আজি সন্ধিয়া অতি-চন্দ্ৰ, নীলা-চন্দ্ৰ, পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণ

  অতি-চন্দ্ৰ, নীলা-চন্দ্ৰ, পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণ ৷ ১৫০ বছৰৰ পাছত এনে ঘটনা হয় । ৩১ জানুৱাৰী ২০১৮ৰ সন্ধিয়াৰ জোনটো ক) অতি-চন্দ্ৰ হ’ব, ইংৰাজীত কয় চুপাৰ মুন, মানে ই আনবোৰ পূৰ্ণিমাতকৈ ১৪% ডাঙৰ আৰু ১৪% উজ্জ্বল হ’ব ৷ খ) জোনটো ‘নীলা-চন্দ্ৰ’ হ’ব ৷ মানে একে মাহতে দুটা পূৰ্ণিমা হ’লে চন্দ্ৰটোত ইংৰাজীত ‘ব্লু-মুন’ বোলে ৷ গ) সন্ধিয়াৰ জোনটো পৃথিৱীৰ ছাঁয়ে সম্পূৰ্ণ আবৰি পেলাব; ইয়াৰ পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণ বোলে ৷ পৃথিৱীৰ ছাঁয়ে সম্পূৰ্ণ ঢাকি পেলোৱাৰ পাছটো চন্দ্ৰটো অদৃশ্য নহয়, বৰং ইয়াক ৰঙুচুৱা দেখা যাব ৷ ৰঙা জোনটোক ইংৰাজীত ‘কপাৰ-মুন’ বা ‘ব্লাড-মুন’ বোলে ৷…

Read More

অসম মেঘালয় সীমান্তৱৰ্তী হেলেডিগঞ্জত ঠাকুৰ অনুকূল চন্দ্ৰেৰ শুভ ১৩০ তম জন্ম-মহোৎসব উৎযাপনঃ

অসম মেঘালয় সীমান্তৱৰ্তী হেলেডিগঞ্জত ঠাকুৰ অনুকূল চন্দ্ৰেৰ শুভ ১৩০ তম জন্ম-মহোৎসব উৎযাপনঃ দৈনন্দিন বাৰ্তাLive@নুৰুল আজিম, দঃশালমাৰা ৩১ জানুৱাৰীঃ  দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ  অসম মেঘালয় সীমান্তৱৰ্তী হেলেডিগঞ্জত আজি ৰাতিপুৱাৰে পৰা পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰেৰ শুভ ১৩০ তম জন্ম-মহোৎসব চলি আছে। হেলেডিগঞ্জত অনুষ্ঠিত হোৱা এই জন্ম-মহোৎসবৰ হেলেডিগঞ্জৰ সৎসংগ কেন্দ্ৰৰ ৮ তম বাৰ্ষিকী উদযাপন উৎসৱ অনুষ্ঠান। ৰাতিপুৱাৰ পৰা  আজি ৰাতি লৈকে এই উৎসৱটো চলি থাকিব বুলি জানিব পৰা গৈছে। হাজাৰ হাজাৰ ভক্ত এই উৎসৱত অংশগ্ৰহণ কৰে।জানিব পৰামতে উক্ত উৎসৱ আজি প্ৰায় কেইবা বছৰ ধৰি পালন কৰি আহিছে হিন্দু ধৰ্মৰ লোকসকলে।

Read More

সোণতলীত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰঃ পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰঃ

সোণতলীত কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰঃ পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰঃ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত সোণতলীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ:: আৰক্ষী চকী ঘেৰাও ছাত্ৰ-ছাত্ৰীৰঃ দৈনন্দিন বাৰ্তাLive@ ৰেজাউল কবিৰ, সোণতলী, ৩১ জানুৱাৰীঃ দক্ষিণ কামৰূপ দিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী অঞ্চলত সঘনাই হত্যা, লুণ্ঠন, ধৰ্ষণ আদি অপ্ৰীতিকৰ ঘটনা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে যদিও এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে নিৰৱ ভুমিকা পালন কৰা বুলি সোণতলী আঞ্চলিক মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ তুলিছে ৷ কালি আবেলি সোণতলী আৰক্ষী চকীৰ এলেকাধীন বগুৰীগুৰী গাঁৱৰ আবুল কালামৰ পুত্ৰ তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ বাহাৰ আলীক দুৰ্বিত্তৰ দলে পৰিকল্পিত ভাৱে হত্যা…

Read More

আলোপতি-মাজৰচৰত চাৰি দিনীয়া বৰ্ণাঢ্য  কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপনঃসৰ্বানন্দ সোনোৱাল চৰকাৰে  সংখ্যালঘু অধ্যূষিত অঞ্চলত কাম কৰিব বিচৰা নাই-বিধায়ক শ্বেৰমান আলী আহমেদ

  দৈনন্দিন বাৰ্তা LIVE @মিজানুৰ ৰহমান,নগৰবেৰা, ৩০ জানুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰ চৰ বজাৰস্হ আঞ্চলিক জ্যোতি ক্লাবৰ উদ্যোগত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৯ তম গণৰাজ্য দিৱস আলোপতি মাজৰ চৰ বজাৰ প্ৰাংগনত অনুষ্ঠিত কৰা  হয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ববিকুল ইছলামে। ইয়াৰ পিছত কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাধাৰণ খেল ধেমালি প্ৰতিযোগিতা, ভেকশন, কুইজ, চিত্ৰাংকন, নৃত্য, প্ৰতিযোগিতা,আৰু ভলীবল খেল প্ৰতিযোগিতা  আদি অনুষ্ঠিত হয়। ২৯ জানুৱাৰীত আবেলি চাৰি বজাত আঞ্চলিক জ্যোতি ক্লাবৰ সভাপতি ববিকুল ইছলামৰ সভাপতিত্বত মুকলি-বঁটা বিতৰণী…

Read More

হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন

হাওৰাঘাটত চিলাৰায় দিৱস উদযাপন মুখপত্ৰ শুক্লধ্বজ উন্মোচন দৈনন্দিন বাৰ্তা LIVE @ হাওৰাঘাট ৩১ জানুৱাৰীঃ আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে হাওৰাঘাটৰ ঐতিহাসিক বৰবিল গাঁৱত সদৌ কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু বৰবিল গাওঁ শাখাৰ আতিথ্যত মহাবীৰ চিলাৰায়ৰ ৫০৮ সংখ্যক জন্ম দিৱসটি উদযাপন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। সভাত আজিৰ তাৰিখতো বীৰ চিলাৰায়ৰ প্ৰাসংগিকতাৰ ওপৰত তত্বগধুৰ মন্তব্য আগবঢ়ায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে। তেওঁ লগতে কোচ ৰাজবংশীসকলৰ জনজাতি প্ৰসংগকলৈ সুদীৰ্ঘ দিনে চৰকাৰী পক্ষই চলাই অহা বঞ্চনা আৰু ষড়যন্ত্ৰৰ…

Read More

ধিঙত পুৱাই ঠাণ্ডাত পোৱালি  চোৰৰ বিলৈ  

  ধিঙত পুৱাই ঠাণ্ডাত পোৱালি  চোৰৰ বিলৈ   ঠেটুৱৈ লগা ঠাণ্ডাত চোৰে নিজক বচাবলৈ ককবকাব লগীয়া হল দ পানীত দৈনন্দিন বাৰ্তা LIVE @ (ছাইদুল ইছলাম) ধিং, ৩১ জানুৱাৰী : –  ব্ৰহ্ম পুৱাতে ঠেটুৱৈ লগা ঠাণ্ডাত দ পানীত এটা কম বয়সীয়া লৰা । বয়স প্রায় ১৬ বছৰ । পিছে , কি কাৰণে এই ব্ৰহ্ম পুৱাতে পানীত পৰিল এই লৰাজন ? এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ অন্তৰ্গত ধিঙত ।  উল্লেখ্য যে ,  প্ৰতি বুধবাৰে নগাঁও জিলাৰ ধিঙত সাপ্তাহিক বজাৰ বহে । সেয়ে আজি পুৱাৰ পৰাই বহুত ভীৰ ধিঙৰ সাপ্তাহিক বজাৰ ।…

Read More

গহপুৰত মে- ডাম- মে- ফি পালন 

গহপুৰত মে- ডাম- মে- ফি পালন  দৈনন্দিন বাৰ্তা Live@মুন গগৈ  : গহপুৰ : ৩১ জানুৱাৰী :- আহোম সকলৰ ধৰ্মীয় অনুষ্ঠান মেডাম- মে- ফি ভাগ টাই আহোম যুৱ পৰিষদ গহপুৰ মহকুমা সমিতিৰ উদ্যোগত টেটোনবাৰী গৰৈমাৰী আৰু বৃহত্তৰ ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে গৰৈমাৰীস্থিত তেচী ইয়াচী গামিনী মৈদাম ক্ষেত্ৰত মেডাম- মে- ফি পালন কৰা হয় । পুৱা ৮ বজাত পতাকা উত্তোলন¸  ৯ বজাত মৈদাম তৰ্পন¸  ১০ বজাত কান্ – ফি অনুষ্ঠান ¸    পুৱা ১১ বজাৰ পৰা খগেন সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয়…

Read More

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ

মহাত্মা গান্ধী,জৱাহৰলাল নেহেৰু তথা কংগ্ৰেছ সম্পৰ্কত ৰূপম গোস্বামীৰ তীৰ্য্যক আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ দৈনন্দিন বাৰ্তা LIVE @বিশ্বনাথ চাৰিআলি,৩১ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ সম্পৰ্কে কৰা মন্তব্যক চৰম অশোভনীয় আৰু সাম্প্ৰদায়িক আখ্যা দি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে৷ আনকি এই সংক্ৰান্তত আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই বিহালী আৰক্ষী থানাত ৰূপম গোস্বামীৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰে। বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে – ভাৰতবর্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ।  এইখন দেশত কোনে কি উপাধি লৈছে…

Read More

:চামগুৰি শ্ৰীশ্ৰী ধৱলী বালিপাৰা সত্ৰৰ নামঘৰৰ আধাৰশিলা স্থাপন:

:চামগুৰি শ্ৰীশ্ৰী ধৱলী বালিপাৰা সত্ৰৰ নামঘৰৰ আধাৰশিলা স্থাপন: দৈনন্দিন বাৰ্তা LIVE @নয়ন মনি বৰা,পুৰণিগুদাম, ৩১ জানুৱাৰী:— নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বকুলতলস্থিত শ্ৰীশ্ৰী ধৱলী বালিপাৰা সত্ৰত আজি  মণিকূট আৰু নামঘৰ পুনৰ নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰা হয়৷সত্ৰৰ ডেকা সত্ৰাধিকাৰ যদুমনি গোস্বামী আৰু সত্ৰৰ প্ৰচাৰ সম্পাদক তপন কটকীয়ে আঁত ধৰা আধাৰশিলা স্থাপন অনুষ্ঠানটোত নগাঁও জিলা উপায়ুক্ত চমছেৰ সিং আৰু দুখুৰামুখ সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ সভাপতি নবীন চন্দ্ৰ দেৱ গোস্বামী উপস্থিত থাকি অসমৰ সত্ৰ সমূহে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ আৰু সত্ৰীয়া কলা- সংস্কৃতিৰ অৱদানৰ সৰ্ম্পকত ভাষণ প্ৰদান কৰে৷উক্ত…

Read More

মাঘী পূৰ্ণিমা: হেজাৰ হেজাৰ ভক্তৰে উদুলি-মুদুলি বটদ্রৱা থান:

মাঘী পূৰ্ণিমা: হেজাৰ হেজাৰ ভক্তৰে উদুলি-মুদুলি বটদ্রৱা থান: দৈনন্দিন বাৰ্তা LIVE @প্ৰাঞ্জল বৰা, বটদ্ৰৱা , ৩১ জানুৱাৰী: মহাপুৰুশ শ্রী শংকৰদেৱৰ পবিত্র জন্মস্থান পূন্যভূমি বটদ্রৱাত আজি পবিত্র মাঘী পূৰ্ণিমা উৎসৱটি পৰম্পৰাগতভাবে উদযাপণন কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা মাঘী পূৰ্ণিমা উপলক্ষে আজি পুৱা বটদ্রৱা থানত তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, ডেৰপৰীয়া প্রসংগ পৰিবেশন কৰা হয়। মাঘী পূৰ্ণিমা উপলক্ষে জাতীয় সাজ পৰিধান কৰি আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই হেজাৰ হেজাৰ ভক্তই আশীষ নিৰ্মালী গ্রহণ কৰে। বটদ্রৱাৰ ঐতিহাসিক দৌল মন্দিৰৰ…

Read More

নগাঁৱত মে-ডাম-মে-ফি উদযাপন

নগাঁৱত মে-ডাম-মে-ফি উদযাপন দৈনন্দিন বাৰ্তা LIVE @নগাঁও, ৩১ জানুৱাৰী: আহোম সকলৰ প্ৰধান উৎসৱ মে-ডাম-মে-ফি আজি নগাঁও চহৰত উদযাপন কৰা হয়। নগাঁও টাই আহোম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নগাঁও জিলা টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আজি চহৰ খনৰ ওমফা  ভৱনত দিনযোৰা কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয়। এই উপলক্ষ্যে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে চাও যোগেন্দ্ৰনাথ গোহাঁইয়ে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সমাজ সেবিকা নিৰুপমা গোহাঁইয়ে। দিনৰ ১২ বজাৰ পৰা চাও যোগেন্দ্ৰনাথ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহন কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মে-ডাম-মে-ফি উৎসৱৰ তাৎপৰ্য ব্যখ্যা কৰাৰ লগতে টাই আহোম…

Read More

জয়সাগৰৰ তলাতল ঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে  মে -ডাম-মে-ফি উদযাপন

জয়সাগৰৰ তলাতল ঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে  মে -ডাম-মে-ফি উদযাপন দৈনন্দিন বাৰ্তা LIVE , শিৱসাগৰ, ৩১ জানুৱাৰী: শিৱসাগৰ জিলাৰ জয়সাগৰৰ আহোম ৰাজত্ব কালত নিৰ্মিত তলাতল ঘৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্রীয়ভাৱে উদযাপিত মে-ডাম-মে- মেফি আজি সামৰণি পৰে । কালি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰেম গগৈয়ে। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি টুটু ফূকনে। ইয়াৰ পাছতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে। সন্ধিয়ালৈ আমন্ত্ৰিত মহন , দেওধাই , বাইলুং সকলক আদৰণি। আজি পুৱা বানফী আৰু ফুৰালুং পূজাৰে কাৰ্যসূচী আৰম্ভ হয়‌ । ইয়াৰ পাছতে চিত্ৰাংকন, মল্লযুজ আৰু আৰ্চাৰী( ধনুবিদ্যা)…

Read More

জ্ঞান বিকাশ একাডেমী,চতিয়াত চুৰি কাণ্ড

জ্ঞান বিকাশ একাডেমী,চতিয়াত চুৰি কাণ্ড তলা ভাঙি চোৰে চুৰ কৰি নিলে দহটাকৈ কম্পিউটাৰ ঘটনাৰ বুজ ললে বিধায়ক পদ্ম আৰু ডি এচ পি দেৱজিৎ নাথে  দৈনন্দিন বাৰ্তা LIVE @ চতিয়া,৩১ জানুৱাৰী:- বিশ্বনাথ জিলাৰ চতিয়া থানা অন্তৰ্গত চতিয়াৰ জ্ঞান বিকাশ একাডেমীত  আজি পুৱতি নিশা চোৰে বিদ্যালয় খনৰ দহটাকৈ কম্পিউটাৰ চুৰি কৰি নিয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱতি নিশা চোৰে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ বাবে থকা কম্পিউটাৰ ৰূমৰ দৰ্জাৰ তলা ভাঙি আনকি ৰূমটোত থকা গিৰিল খুলি ৯ টা কম্পিউটাৰ, প্ৰধান শিক্ষকৰ কোঠাত থকা ডি ডি অ’ কম্পিউটাৰ, এটা প্ৰিন্টাৰ আৰু ইনভাৰেটৰ এটা  চুৰি…

Read More

পক অনিয়ম আৰু দুৰ্ণীতিৰে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টনঃ

পক অনিয়ম আৰু দুৰ্ণীতিৰে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টনঃ দৈনন্দিন বাৰ্তা Live@ দঃশালমাৰা ৩১ জানুৱাৰী ঃ সম্প্ৰতি ৪ মাহ পূৰ্বে ফেকামাৰী আঞ্চলিক পঞ্চায়তে অযুক্তিকৰ জাননী মৰ্মে হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টন প্ৰঞিয়া আৰম্ভ কৰে যদিও ব্যাপক অনিয়ম আৰু দুৰ্ণীতিত লিপ্ত হোৱাত স্থানীয় মানুহে উক্ত খণ্ড উন্নয়ন বিষয়া আৰু জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাত উপায়ুক্তই এই সন্দৰ্ভত ফেকামাৰী আঞ্চলিক পঞ্চায়ত, জিলা প্ৰশাসন আৰু অভিযোগ কাৰীৰ মাজত এিপাষিক বৈঠক অনুষ্ঠিত কৰি উক্ত অৱৈধ আৱণ্টন প্ৰঞিয়া বন্ধ কৰি দিয়ে। আৰু আৱণ্টন প্ৰসংগত ব্যাপক টকা পইচাৰ লেন দেন …

Read More

জয়সাগৰ আৰক্ষীৰ আকৰ্মণ্যতা-এতিয়াও সন্ধান নাই অপহৃতা যুৱতীৰ-গাঁওৰ লোকে ঘেৰাও কৰিলে থানা

জয়সাগৰ আৰক্ষীৰ আকৰ্মণ্যতা-এতিয়াও সন্ধান নাই অপহৃতা যুৱতীৰ-গাঁওৰ লোকে ঘেৰাও কৰিলে থানা* যোৱা ৫ জানুৱাৰী তাৰিখত শিৱসাগৰ নগৰৰ হাতীখোক অঞ্চলৰ পৰা আচফিকা বেগম নামৰ এগৰাকী যুৱতী অপহৃতা হৈছিল।ঘৰৰ পৰা বিয়া বন্দৱস্ত হৈ থকা যুৱতী গৰাকীৰ অপহৰণ সম্পৰ্কে পৰিয়ালৰ লোকে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈকে অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল জয়সাগৰ আৰক্ষী।পৰিয়ালৰ লোকে অপহৰণকাৰী আবুল আলি নামৰ যুৱক বুলি সন্দেহ কৰি সমস্ত তথ্য আৰক্ষীক প্ৰদান কৰিছিল যদিও ৰহস্যময় কাৰণত আজিলৈকে অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম নোহোৱাৰ ওপৰিও অপহৃতাৰ সন্ধান উলিয়াবলৈ সক্ষম নহল আৰক্ষী।যাৰ বাবে হাতীখোকৰ ৰাইজে আজি জয়সাগৰ আৰক্ষী…

Read More

দিখৌমুখত পথ নিৰ্মাণত ব্যাপক অনিয়ম: অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে:

দিখৌমুখত পথ নিৰ্মাণত ব্যাপক অনিয়ম: অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে: দৈনন্দিন বাৰ্তা Live@ মুকুল গগৈ , শিৱসাগৰ 31 জানুৱাৰী: শূণ্য সহনশীল নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অগপ-বিজেপি আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰখনে অপৰাধীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লোৱাৰ পৰিৱৰ্ত্তে ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক সহজভাৱে লব পৰা নাই জনসাধাৰণে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমত কোনো কাৰণতে দুৰ্নীতিক গা’ কৰি উঠিবলৈ দিয়া নহব অথবা যিকোনো বিভাগৰে বিষয়া কৰ্মচাৰী দুৰ্নীতিত লিপ্ত হলে তেনে কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিব বুলি ভাষণ প্ৰদান কৰি আহিছে। ঠিক সেইমতে মুখ্যমন্ত্ৰী সৰ্বানন্দ…

Read More

পলাশবাৰীত ৰাইজে নিৰ্মান কৰিলে পথ

পলাশবাৰীত ৰাইজে নিৰ্মান কৰিলে পথ দৈনন্দিন বাৰ্তা Live@ধনঞ্জয় কুমাৰ বৰ্মন,  আজাৰা, ৩১ জানুৱাৰী : বঙৰাৰ পিছত এইবাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ১০৮ নং মালিয়াতা গাওঁ পঞ্চায়তৰ তাৰাপতি ১ নং মুছলিম পাৰা গাওঁৰ ৰাইজে একত্ৰিতহৈ নিৰ্মাণ কৰিলে এটি জৰাজীৰ্ন পথ ।উল্লেখ্য যে মুছলিম পাৰা বৃহত্তৰ অঞ্চলটোৰ কৱৰস্থানলৈ যোৱা একমাত্ৰ যাতায়তৰ ভৰষা এই পথছোৱা । দুৰ্গম , জৰাজীৰ্ণ, বাৰিষা  আদিৰ বাবেই এই পথছোৱা হৈ পৰে জমৰ-যাতনা । আৰু এই জৰাজীৰ্ণ , দুৰ্গম পথছোৱাৰ মেৰামতি তথা পকী কৰনৰ বাবে বহুবাৰ এই সকল লোকে স্থানীয় বিধায়ক প্ৰনৱ কলিতাক আৱেদন-নিবেদন জনাইছিল যদিও আজিলৈ একো…

Read More

সাহিত্য সভাত বিজ্ঞানৰ  চমক দিবলৈ সাজু টিংখাঙৰ জিতু প্ৰসাদ গগৈ

টিংখাং – ৩০ জানুৱাৰী  তিনিচুকীয়াৰ বৰডুমচাত আজিৰে পৰা অনুষ্ঠিত হোৱা সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। সমান্তৰালভাৱে সাহিত্য সভাৰ অধিবেশনত বিজ্ঞানৰ চমক দিবলৈ প্ৰস্তুত হৈছে টিংখাঙৰ জীতু প্ৰসাদ গগৈ নামৰ এজন বিজ্ঞান শিক্ষক। টিংখাঙৰ ঘাঁহি গাঁৱৰ গভীৰ সৃষ্টিশিল মনৰ জীতু প্ৰসাদ গগৈয়ে সাহিত্য সভাৰ তৰফৰ পৰা বৰডুমচা অধিবেশনত বিজ্ঞানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। যাৰ বাবে বিগত প্ৰায় এপষেক ধৰি বিজ্ঞানৰ বিভিন্ন আকৰ্ষণীয় আৰ্হি প্ৰস্তুত কৰি তোলিছে   শিক্ষকজনে। বিশেষকৈ ছাত্ৰ -ছাত্ৰী সকলৰ মাজক বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ মহান উদ্দেশ্যেৰে মনোৰঞ্জন ধৰ্মী ১২ বিধ বিজ্ঞানৰ…

Read More

উত্তৰ-পূৰ্বাঞ্চল জনজাতীয় যুব নেতৃত্ব কৰ্মশালা

অহা  ১ ফেব্ৰুৱাৰী ২০১৮ ইং তাৰিখ বৃহস্পতিবাৰে দিনৰ ৩ বজাত গুৱাহাটীৰ গড়চুকস্থিত স্কলাৰ্চ অকাডেমী অব টেকনোলোজী এণ্ড মেনেজমেণ্টত  বৌদ্ধিক আদৰ্শৰে অনুপ্ৰানিত অসমৰ অগ্ৰনী সমাজসেৱী সংগঠন হেৰিটেজ ফাউণ্ডেশ্যনৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় যুবকসকলৰ মাজত চাৰিদিনীয়াকৈ আয়োজন কৰা  কৰ্মশালাৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালদেবে । উক্ত কাৰ্যক্ৰমত উপস্থিত থাকিব কল্যান আশ্ৰমৰ  সৰ্বভাৰতীয় সাংগঠনিক সম্পাদক মাননীয় অতুল যোগ । উক্ত অনুস্থানত আপোনালৈ পৰম শ্ৰদ্ধাৰে নিমন্ত্ৰনৰ শৰাই আগৱঢ়ালো। অনুগ্ৰহ কৰি উক্ত অনুস্থানত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিব আৰু উক্ত অনুস্থানৰ বাতৰি প্ৰচাৰ কৰিবলৈ আপোনাৰ প্ৰতিস্থানৰ পৰা সাংবাদিক আৰু ফটো সাংবাদিক পঠাবলৈ অনুৰোধ কৰিলো ।…

Read More