ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ নেতৃত্ব উন্নয়ন, সামাজিক হিচাপ পৰীক্ষণ আৰু হিন্দী বিষয়ৰ প্ৰশিক্ষণঃ

ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ নেতৃত্ব উন্নয়ন, সামাজিক হিচাপ পৰীক্ষণ আৰু হিন্দী বিষয়ৰ প্ৰশিক্ষণঃ দৈনন্দিন বাৰ্তাLive@পবিত্ৰ কুমাৰ দাস, ঢেকীয়াজুলিঃ ২ ফেব্ৰুৱাৰী # ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ শোণিতপুৰ জিলা গোটৰ উদ্যোগত কালিৰে পৰা মাধ্যমিক বিদ্যালয় সমূহৰ নেতৃত্ব উন্নয়নৰ ছয় দিনীয়া   প্ৰশিক্ষণ অনুষ্ঠিত হৈছে ।কালি বিদ্যালয় খনৰ প্ৰধান শিক্ষক বীৰেণ শইকীয়াও আদৰণি ভাষণেৰে  প্ৰশিক্ষণ আৰম্ভ কৰাৰ পিছত প্ৰশিক্ষাৰ্থী বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰশিক্ষণ দিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিক্ষক ড:যুগল বৰা আৰু ৰঞ্জিত সোমে।ঢেকীয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৫খন মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা প্ৰশিক্ষণত…

Read More

নাজিৰাত পাণ মছলা , গুটখাৰ অবাধ প্ৰচলন

নাজিৰাত পাণ মছলা , গুটখাৰ অবাধ প্ৰচলন       দৈনন্দিন বাৰ্তা LIVE@পংকজ মহন্ত,মেছাগড়ৰ প্ৰতিবেদক ২ ফেব্ৰুৱাৰী ঃ নাজিৰা মহকুমাৰ নগৰ আৰু গ্ৰাম্যাঞ্চলত মহকুমা প্ৰশাসন আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সৰহ সংখ্যক পাণ তামোলৰ ব্যৱসায়ীয়ে পাণ তামোলৰ ব্যৱসায় কৰাৰ নামত নিষিদ্ধ গুটখা জাতীয় সামগ্ৰীৰ বেহা সৃষ্টি কৰাৰ লগতে পাণ মছলাৰো ক’লা বজাৰৰ সৃষ্টি কৰিছে । গুটখাজাতীয় সামগ্ৰীৰ বন্ধ কৰাৰ বিষয়ত বিভিন্ন সময়ত স্থানীয় দল-সংগঠন সমূহে মাত মাতি অহাৰ দেখা পোৱা যায় যদিও বৰ্তমান নিৰৱ ভূমিকাত দেখা গৈছে । তদুপৰি এই নিষিদ্ধ সামগ্ৰীসমূহৰ প্ৰচলন বন্ধ কৰাৰ বাবে মহকুমা প্ৰশাসনৰ ভূমিকা ৰহস্যজনক। শৈক্ষিক…

Read More

মানকাচৰত যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

#মানকাচৰত যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি# মানকাচৰৰ পৰা ফাৰহাদ আহমেদ, ১ ফেব্ৰুৱাৰী, দঃশালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফেকামাৰী উন্নয়ন খণ্ডত আজি ২১ নং মানকাচৰ সমষ্টিৰ  বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলে “যোগ প্ৰশিক্ষণ” কেন্দ্ৰ মুকলি কৰে।জানিব পৰা মতে উক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি  মানুহক “যোগ”  শিক্ষা  দ্বাৰা সুস্থ সবল থকাৰ  বাবে ব্যৱস্হা কৰা হৈছে। উক্ত কেন্দ্ৰ মুকলি অনুষ্টানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ বিষয়াববীয়া  উন্নয়ন খণ্ড বিভাগৰ বিষয়াববীয়া আদিকে ধৰি বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল, জিলা পৰ্য্যায়, ব্লক পৰ্য্যায়, গাওঁ পঞ্চায়ত পৰ্য্যায়ৰ কংগ্ৰেছদলৰ বিভিন্ন কৰ্ম কৰ্তা সকল। ফেকামাৰী উন্নয়ন খন্ডৰ বি ডি ও    ইকবাল…

Read More

নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত শিৱসাগৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্হান ধৰ্মঘট

নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত শিৱসাগৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্হান ধৰ্মঘট Photo@Ashif ali

Read More

ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা

ডিমৌত আৰক্ষী থানাৰপৰা অপৰাধীৰ পলায়ন : ধোঁৱাচাঙত  আৰক্ষী বেহুৰ নিৰাপত্তা ডিমৌ,২ জানুৱাৰী:- বৃহস্পতিবাৰে ডিমৌত সংঘটিত হ’ল এক আজৱ ঘটনা । খোদ আৰক্ষী থানাৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত অপৰাধী । মুঠ ৬ জনকৈ আৰক্ষী বিষয়া আৰু কনিষ্টবলেৰে গিজগিজাই থকা ডিমৌ আৰক্ষী থানাৰ পৰা দিন-দুপৰতে এটা কুখ্যাত অপৰাধীয়ে পলায়ন কৰা ঘটনাই সৰ্বত্তে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিবপৰা অনুসৰি,ডিমৌ আৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাত থানাৰপৰা পলাই যোৱা অপৰাধীটোৰ নাম ইক্ৰামুল হক ওৰফে বদং । ধৃত অপৰাধীটোৰ ঘৰ ডিমৌৰ সমীপৰ জাপিসজীয়া গাঁৱত । তদুপৰি, বদং ওৰফে কুখ্যাত ইক্ৰামুল একাধিক অপৰাধজনিত ঘটনাৰ সৈতে…

Read More

গাইডেন্স জুনিয়ৰ কলেজত গীত মাতেৰে বৰ্ষপূতি সমাৰোহ উদযাপন 

গাইডেন্স জুনিয়ৰ কলেজত গীত মাতেৰে বৰ্ষপূতি সমাৰোহ উদযাপন  দৈনন্দিন বাৰ্তা LIVE @ ছাদিকুজ জামান মোৰাঝাৰ ২ ফেব্ৰুৱাৰী  হোজাইৰ মোৰাঝাৰস্থিত  গাইডেন্স জুনিয়ৰ কলেজত আজি পঞ্চম বৰ্ষপূতি সমাৰোহ উদযাপন হৈ য়ায |ছাএ ছাএীৰ দ্বাৰা কিৰাত পাঠ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত পাঠ কৰি শুভাৰম্ভ কৰা হয় বৰ্ষপূতি অনুষ্ঠানৰ |অধ্যক্ষ নাজিম উদ্দিনে সঞ্চালনা কৰা মুকলি অনুষ্ঠানৰ আঁত ধৰে গাইডেন্স ৱেয়েল ফেয়াৰ ট্ৰাষ্টৰ সম্পাদক ছাদিকুজ জামানে ।সভাত মূখ্য অতিথি হিচাপে   মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষক হিতেন দাস,বিশিষ্ঠ অতিথি হিচাপে যুৱ সমাজকৰ্মী আনোৱাৰ হুচেইন ( চাদ্দাম),কলেজৰ সঞ্চালক নুৰ আহমেদ উপস্থিত থাকি…

Read More

ৰঙিয়া মহাবিদ্যালয়ৰ সজাগতামুলক শোভাযাত্ৰা

ৰঙিয়া মহাবিদ্যালয়ৰ সজাগতামুলক শোভাযাত্ৰা দৈনন্দিন বাৰ্তা LIVE @প্ৰতিবেদক, ৰঙিয়া, ২ ফেব্ৰুৱাৰীঃ  ৰঙিয়া চহৰত শুক্ৰবাৰে ৰঙিয়া মহাবিদ্যালয়ে এক সজাগতামুলক শোভাযাত্ৰা উলিয়াই। গড় হত্যা ৰোধ, পৰিবেশ ৰক্ষা, বেটী বাচাও বেটী পাঢ়াও, গিএছটি, নাৰী নিৰ্যাতন, মহিষাসুৰ বধ, তেজীমলাৰ কাহিনী, চম্পাৱতীৰ কাহিনী, তুলা আৰু তেজাৰ কাহিনী অসমীয়া সংস্কৃতি, অসমীয়া সংস্কৃতিত মাছ মৰাৰ পৰম্পৰা প্ৰদৰ্শনীৰ বাবে শুক্ৰবাৰে ওলাই আহে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল। ৰঙিয়া মহাবিদ্যালয়খনৰ ৫৫ সংখ্যক বাৰ্ষিক খেল সপ্তাহ উপলক্ষে উলিওৱা এই বৰ্ণাঢ্য শোভাযাত্ৰাত ভাস্বত হয় বিভিন্ন সজাগতামূলক দৃশ্য। ৰঙিয়া চহৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ছাত্ৰ ছাত্ৰীসকলে সজাগতামুলক প্ৰদৰ্শনী দেখুৱাই ৰাইজক  আহ্বান জনাই পৰিবেশ সংৰক্ষণ…

Read More

ধিংগাঁও মিশ্বন মাৰ্কেটত ৰাজহুৱা শৌচালায় গৃহৰ আধাৰশিলা স্থাপন  আৰু  পথৰ শুভাৰম্ভণি :

ধিংগাঁও মিশ্বন মাৰ্কেটত ৰাজহুৱা শৌচালায় গৃহৰ আধাৰশিলা স্থাপন  আৰু  পথৰ শুভাৰম্ভণি : দৈনন্দিন বাৰ্তা Live@দিলদাৰ হুছেইন,, টুকটুকী ;  2 ফেব্ৰুৱাৰী:গ্ৰাম্য সমাজ ব্যৱস্থা উন্নতকৰণ কৰাৰ লক্ষ্য  আগত ৰাখি যোৱা 1 ফেব্ৰুৱাৰীত  83 নং ধিং বিধান সভা সমষ্টিৰ  বিধায়ক  আমিনুল ইছলামে সমষ্টিটোৰ অন্তৰ্গত দগাওঁ ধিংগাওঁ গাওঁ পঞ্চায়তৰ  মিশ্বন মাৰ্কেটত  এম, এছ,ডি,পি আচঁনিৰ  অধীনত  ৰাজহুৱা শৌচালায় গৃহৰ আধাৰশিলা স্থাপন কৰে।  দহ লাখ টকাৰ ব্যয় সাপেক্ষ  নিৰ্মাণ কাৰ্য্য আৰম্ভ  কৰা  ৰাজহুৱা  শৌচালয়ৰ  গৃহৰ আধাৰশিলা স্থাপন কৰি ভাষণ  প্ৰসংগত  তেওঁ কয় যে,  গ্ৰামাঞ্চলৰ  উন্নতি হলেহে  আমাৰ দেশ উন্নত হব । এ আই ইউ ডি এফে…

Read More

ৰঙিয়াত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ৰঙিয়াত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ  নিজা প্ৰতিবেদক, ৰঙিয়া, ২ ফেব্ৰুৱাৰীঃ ৰঙিয়া চহৰত শুক্ৰবাৰে পুৱা পৌৰ কৰ্মচাৰীয়ে তীব্র প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শুক্ৰবাৰে ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পৌৰ কৰ্মীসকলৰ চাকৰী নিয়মীয়াকৰণ আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পৌৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়া কৰক, পৌৰ প্ৰশাসন মন্ত্ৰী মূৰ্দাবাদ, বিজেপি চৰকাৰ মূর্দাবাদ, আমাৰ দাবী ন্যাৰ্য দাবী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে পৌৰ কৰ্মচাৰীসকলে। পৌৰ কৰ্মচাৰীসকলে চৰকাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ কৰি অতি শীঘ্ৰে পৌৰ কৰ্মচাৰী সকলৰ দাবী চৰকাৰে মানি নললে পৌৰ কৰ্মচাৰী সকলে…

Read More

ধুবুৰীৰ আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাৰ অৱসৰ গ্ৰহণ

ধুবুৰীৰ আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাৰ অৱসৰ গ্ৰহণ  অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ বিদায়ী সম্বৰ্দ্ধনাৰ দিনাই মাতৃৰ বিয়োগ  দৈনন্দিন বাৰ্তা Live@ছফিকুল ইছলাম@প্ৰতিবেদক,ধৰ্মশালা, ২ জানুৱাৰীঃ  ধুবুুৰীৰ ৭৫৪ নং আইৰমাৰী জি এল পি স্কুলৰ প্ৰধান শিক্ষক মোগল হোছেইন মিঞাই যোৱা ৩১-১২-২০১৭ ইং তাৰিখত অৱসৰ গ্ৰহণ কৰিছে । এই বিষয়ে দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনত থকা বিদ্যালয়খনত যোৱা ৩০ জানুৱাৰী ২০১৮ ইং তাৰিখত বিদায়ী সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । উক্ত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক মোগল হোছেইন মিঞাক সম্বৰ্দ্ধনা জনোৱা হয় । শিক্ষক আব্দুছ ছবুৰ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ…

Read More

ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত

  👉 ছাত্ৰ- ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত জন্মিছে ফৰাজী বস্তী মজলীয়া বিদ্যালয়ত । 👉বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো নীৰৱ সংশ্লিষ্ট কৰ্তৃপক্ষ । 👉আমাৰ পঢ়িবলৈ মন-আমাক শিক্ষক দিয়ক – শিক্ষা মন্ত্ৰীলৈ এই আহ্বান কণ কণ ছাত্ৰ ছাত্ৰীৰ । ————————– দৈনন্দিন বাৰ্তাLive@ ছাইদুল ইছলাম , ধিং , ২ ফেব্ৰুৱাৰী :প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লক্ষ্যৰে চৰকাৰে কেতবোৰ অভিলাষী আঁচনি ৰূপায়ণ কৰা বুলি দাবী কৰি অহাৰ সমতে ধিঙৰ কমলসূতি চৰত ইয়াৰ বিপৰীত ছবি খনহে দেখা গৈছে । বহু সংখ্যক বিদ্যালয়ত প্ৰয়োজনীয় আন্ত:গাঁঠনিৰ সামান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ অনুমাতে পৰ্য্যাপ্ত শিক্ষক নথকাত পাঠদানত ব্যাঘাত…

Read More