অসমৰ শ্রমিকক বৰ্হিৰাজ্যত হত্যা

● তিনি বন্ধুৱে মিলি কৰ্নাটকত হত্যা কৰিলে মতলেৱ আলী নামৰ দৰঙৰ যুৱকজনক ● ১৩ দিনৰ পিছত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ দৰং জিলাৰ ধুলা আৰক্ষী থানা অন্তৰ্গত ওজাগাৱঁৰ মতলেৱ আলী নামৰ ১৭বছৰীয়া শ্রমিকৰূপী কিশোৰ জনে প্রায় ৬ মাহ পুৰ্বে একে গাৱঁৰেই ওৱাইদুল্লাহ . মহিদুল ইছলাম আৰু বিল্লাল হুছেইন গৈছিল কৰ্নাটকৰ বাংগালোৰত অৱস্থিত ডেৰওন্দা নামৰ ঠাইত কফি বাগানত কাম কৰিবলৈ। কেইদিনমান আগতে মতলেৱ আলী আৰু ওৱাইদুল্লাহৰ মাজত কাম কৰাকলৈ তৰ্কযুদ্ধত লিপ্ত হোৱাত মাজনিশা ওৱাইদুল্লাহ নামৰ যুৱক জনে মতলেৱ আলী টোপনি গৈ থকা অৱস্থাত শুই থকা অৱস্থাত হত্যা কৰি ভাৰা ৰুমৰ কাষতে পুতি থয়…

Read More

হাটশিঙিমাৰীত পোষণ অভিযানৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ

দৈনন্দিন বাৰ্তা live, হাটশিঙিমাৰী, ১৫ ছেপ্তেম্বৰঃ- হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত  আজি দুপৰীয়া ১২ বজাত জিলা উপায়ুক্ত আতিকা চুলতানাই পোষণ অভিযানৰ শুভাৰম্ভ কৰে। উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে দণ্ডাধীশ এ কে ইলিয়াছ আহমেদ, ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জৌতি প্ৰশাদ শৰ্মা, বি টি অ জাহাংগীৰ আলম,এছ এ আব্দুল মমিন সৰকাৰ, অধ্যক্ষ আঃ কায়ম শেখ, প্ৰকল্পত কৰ্মৰত মুখ্য সেৱীকা আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সকল। উল্লেখ যে সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ অনুযায়ী হাতে হাত ৰাখি শপত গ্ৰহণ কৰে আৰু ৰাইজক সজাগ কৰিবলৈ বেনাৰ পোষ্টাৰ হাতত লৈ পুষ্টিকৰ আহাৰ খাব লাগে, ৰাস্তা ঘাটত শৌচ…

Read More

বিপজ্জনক হৈ পৰিছে মোহনবাৰী-নগাঘূলি পথ

● কানসাৰ নাই গড়কাপ্তানী বিভাগৰ দৈনন্দিন বাৰ্তা লাইভ@লাহোৱাল,১৫ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত মোহনবাৰী-নগাঘূলী সংযোগী গড়কাপ্তানী পথটোৰ শোচনীয় অৱস্থাই ৰাইজক দীৰ্ঘদিন ধৰি অতীষ্ঠ কৰি আহিছে । বিশেষকৈ এজাক বৰষুণ দিলেই বিধ্বস্ত হৈ পৰা এই পথছোৱা যাতায়তৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে । প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বাটচোৱা বিভাগটোৱে মেৰামতি কৰাতো দূৰৰ কথা, পথৰ মাজত জমা হৈ থকা পানী ওলাই যাবৰ বাবে নলা কাটি দিবলৈকো নাই কোনো বিভাগীয় কৰ্মী। উল্লেখ্য যে, এই সুদীৰ্ঘ পথছোৱা আজি প্ৰায় ৭ বছৰৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ গ্রীফ নামৰ সংস্থাটোৱে সম্পূর্ণ ৰূপত…

Read More

চামতাত কৃতি শিক্ষক-সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰ্মনৰ মাহিলি তিথি পালন

নলবাৰী,১৫ ছেপ্তেম্বৰঃ নলবাৰী জিলাৰ চামতা চুবুৰীত ১৯৪০ চনত জন্ম গ্ৰহন কৰি শিক্ষকতা বৃওিক জীৱনৰ ব্ৰত হিচাপে লৈ নিজৰ পৰিয়ালৰ লগতে বিদ্যালয় অাৰু সমাজ পৰিচালনা কৰা এজন সু সমাজকৰ্মী,কৃতি শিক্ষক হিচাপে ক্ষ্যাতি লাভ কৰা অপূৰ্ব কুমাৰ বৰ্মনৰ যোৱা ১৬ অাগষ্টত মৃত্যু হয় । সেয়হে অাজি নিজ বাস গৃহ চামতাত নিজ পৰিয়াল অাৰু গুন মুগ্দ্ধ সকলৰ উপস্হিতিত তেখেতৰ মৃত্যুৰ এমহীয়া তিথি পালন কৰা হয় লগতে প্ৰয়াত অপূৰ্ব কুমাৰ বৰ্মনক পুনৰ এৱাৰ সকলোবে স্মৰন কৰে ।

Read More

৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ 

দৈনন্দিন বাৰ্তা লাইভ@ ধনশিৰি , ১৫ চেপ্তেম্বৰ :- যোৱা ১৫ চেপ্তেম্বৰত ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসৰ উপস্হিতিত  আৰু নিৰ্বাচনী বিষয়া সোনাশ্ৰী বক্ষ্ৰই ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ ৰাইজৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয় ৷ ভাৰতীয় নিৰ্বাচনী আয়োগে ২০১৯ চনৰ ১ জানুৱাৰী ভিক্তি হিচাপে লৈ প্ৰস্তুত কৰা এই খচৰা তালিকাখনিত নাম সন্নিবিষ্ট কৰিবলৈ থাকি যোৱা , নাম অন্তভুক্ত হোৱা ভোটাৰৰ সৰ্ম্পকে কোনো আপত্তি থাকিলে তেতিয়া ফৰ্ম নং ৬ , ৬ ক ,৭,৮, আৰু ৮ক প্ৰযোয্য অনুসৰি অহা ৩১ অক্টোবৰৰ  ভিতৰত  নিৰ্বাচক পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ত…

Read More

হাটশিঙিমাৰীত কৃষকক বিজ বিতৰণ জিলা প্ৰশাসনৰ

দৈনন্দিন বাৰ্তাLIVE@ হাটশিঙিমাৰী দঃশালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় হাটশিঙিমাৰীত আজি দিনৰ ১ বজাত খেতিয়ক সকলোৰ মাজত আনুষ্ঠানিক ভাৱে মাটি মাহৰ বিজ বিতৰণ কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই। জিলা কৃষি বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধিনত মাটিমাহ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা চুলতানা , দঃশালমাৰাৰ চক্ৰ বিষয়া এ কে ইলিয়াছুৰ আহমেদ , ভাৰপ্ৰাপ্ত কৃষি বিষয়া ডঃমোজাম্মেল হক, কৃষি বিভাগৰ কৰ্মৰত বিষয়া কৰ্মচাৰী আৰু শতাধিক কৃষক ৰাইজৰ উপস্থিতিত মাটিমাহ বিজ বিতৰণ কৰা হয়।

Read More

মঙ্গলদৈত বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছৰ বিশাল ধৰ্ণা কাৰ্যসূচী

উপযুক্তৰ জৰিয়তে ৰাষ্টপতিলৈ স্মাৰক পত্ৰ  দৈনন্দিন বাৰ্তাLIVE@ মঙ্গলদৈ,১৫ চেপ্তেম্বৰঃৰাজ্যৰ চাৰিওফালে কংগ্ৰেছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সময়তে মঙ্গলদৈতো বিজেপি চৰকাৰৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছে  ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে।কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰা ধৰ্ণা কাৰ্যসূচীত মোদী চৰকাৰ হায় হায় , ৰাফেল চুক্তিৰ তথ্য লাগে, মূল্য বৃদ্ধি হ্ৰাস কৰক, কলা ধনৰ হিছাপ দিয়ক, বিজেপি গ’ বেক, ৰাহুল গান্ধী জিন্দাবাদ , কংগ্ৰেছ জিন্দাবাদ  ইত্যাদি ধ্বনিৰে মঙ্গলদৈ চহৰৰ আকাশ বতাহ কপাই তোলে। দৰং জিলা কংগ্ৰেছ কমিটীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰে  দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলি,দৰং জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ওৱাহিদা…

Read More