Home চিন্তা স্পন্দন   “পাগলী ছোৱালী !  আজি যে প্রেমৰ দিৱস …!” 

  “পাগলী ছোৱালী !  আজি যে প্রেমৰ দিৱস …!” 

2
0

                          “পাগলী ছোৱালী

                                     আজি যে প্রেমৰ দিৱস …! ”  

                                                                 (ভেলেন্টাইন ডে’ উপলক্ষে)

                                                        লীলাকান্ত পায়েং

                                                                 

 

  ১৪ ফেব্রৱাৰী, ভেলেন্টাইন ডে…। প্রেমৰ পুজাৰী ছেইন্ট ভেলেন্টাইনৰ প্রতি শ্রদ্বা  নিবেদি আজিও বিভিন্ন দেশত এই তাৰিখটোত প্রেমৰ দিৱস পালন কৰা হয়। যৌৱনৰ দলিচাত সকলোৰ জীৱনত প্রেমক কোনেও নুই কৰিব নোৱাৰে। প্রেম মানেই আকর্ষণ। প্রেম এনেকুৱাই লেৰেলি যোৱা শুকাই যোৱা গছবোৰৰ দৰে নতুনকৈ পাত মেলিব লোৱা সেউজীয়া পাত, ডালবোৰৰ দৰে। হৃদয়ে কেতিয়া কাক কিয় বিচাৰে কোনেও নেজানে। প্রেমক চুই চাব নোৱাৰি।  তোমাক দেখা দিনাৰপৰাই মোৰ হৃদয় মমবাতিৰ দৰে গলিব লৈছে। তোমাক দেখিলে মোৰও অন্য প্রেমিক-প্রেমিকাৰ দৰে ভেলেন্টাইন ডে’ উদযাপন কৰিবলৈ মন যায়। মই জানো তুমি সম্প্রতি ৰঙীন মহানগৰীৰ বুকুত সপোন ৰচি আছা যিদৰে তোমাক দেখা দিনাৰপৰা তুমি নজনাকৈ তোমাক নিজৰ কৰি লবলৈ মনে মনে সপোন পুহি ৰাখিছো। তোমাক দেখাৰপৰাই মই নিজৰ গাঁওত অতিকৈ বিষাদ হৈ পৰিছো। মই জানো তোমাক কাষত পাবলৈ সপোন দেখাটো মোৰ মুর্খামি। কিন্তু কি কৰিবা খেতিয়েকৰ ল’ৰা হলো বুলিহে জানো সপোন দেখিব নোৱাৰি নেকি? গাঁৱলীয়া ল’ৰা যদিও বৰষুণৰ পানীৰ টোপালৰ স্পর্শত ধাননি পথাৰত জীপাল হৈ উঠা সেউজীয়াবোৰ বুজি পাও। যিদিনা তোমক প্রথম দেখিছিলো এই দিনা কি তাৰিখ, কি বাৰ আছিল। কিনকিনীয়া বৰষুণ, বৰফৰ টুকুৰা পৰিছিল। নাই এই দিনা আবেলিৰ বেলিটো নদীৰ পাৰত অতিকৈ ৰঙীণ হৈ পৰিছিল। নদ-নদী, জান-জুৰিৰ পাৰত প্রেমিক চৰাইবোৰ প্রেমৰ সংগীত ৰচি আছিল। নীলা,হালধীয়া,ৰঙা পখিলাবোৰ ঘৰৰ চোতালত জীৱনৰ গীত গাইছিল। এই নিশা দুখৰ সৰাপাতবোৰ সৰি আছিল। দুখৰ সৰাপাতবোৰ বুটলিবলৈ তুমি কাষত নাছিলা। তোমাক লগ পোৱাৰ এই নিশা শীতৰ ঠাণ্ডাকো নেওচি শেৱালি ফুলবোৰ মতলীয়া হৈ উঠিছিল। তোমাক বাৰে বাৰে লগ পাও কিন্তু তুমি মোক চিনি পোৱা নাছিল। শেষ নিশাৰ ছুপাৰ বাছত তোমাৰ লগত একেলগে যাত্রা কৰিছো লখিমপুৰৰপৰা গুৱাহাটী, গুৱাহাটীৰপৰা-লখিমপুৰলৈ। কেতিয়াবা নগাঁও, ৰহা, যোৰাহাট। অনেক ঠাইত অনেক বাৰ গৈছো। কেতিয়াবা গুৱাহাটী মহানগৰীৰ চিটী বাছত তোমাৰ গাত গা লগাই ঠেলা হেঁচাকৈ একেলগে গৈছো। কিন্তু তুমি মোক চিনি পোৱা নাছিলা তোমাৰ এজন প্রেমিক বুলি। মোৰ দৰে খালী পকেটৰ প্রেমিকক চিনি পাবলৈ কঠিন। মই সাধাৰণ পোছাক পিন্ধি তোমাৰ ওচৰত ঘুৰি থাকো। সোপাটিলা ইস্ত্রি নোহোৱা জিনছ আরু চার্ট পিন্ধি তোমাক লৈ ৰচো জীৱনৰ সাঁচতীয় সেউজীয়া সপোনবোৰ। কেতিয়াবা কবিতাৰ শব্দত, কেতিয়াবা গল্পত, কেতিয়াবা উপন্যাসৰ শব্দত মই থাকো।  মোক দেখি আমাৰ গাঁওৰ ৰামুকাইটিয়ে কৈছে যে তোমাৰ বয়সত মইও পাৰ কৰিছো তোমাৰদৰে বহুতো ব্যাকুলতাৰ নিশা। বৰষুণত তিতি বুজি পাবলৈ শিকিছো বৰষুণৰ আমেজ। মই জানো প্রেম এটি নাঙঠ গছৰ দৰে। গোটেই জীৱন ভৰ আনক ছাঁ দি সুখৰ জিৰণি যোগায়। নিজে হলে একোকে নেপায়। মই জানো মহানগৰীৰ কৃএিম জীৱনত তুমি সুখী হৈ আছা। তোমাৰ প্রেমত পৰাৰ দিনৰপৰা মই যে সুখী হব পৰা নাই। শৰীৰত ভীষণ বিষ এটা জন্ম পাইছে। পোন প্রথমে এই বিষ চকুত আছিল তাৰ পিছত লাহে লাহে হৃদয়ত ধৰিছে। সন্ধিয়াৰ চাৰিআলিত থকা ফার্মাচিখন এতিয়া মোৰ বৰ প্রিয়। কাৰণ মোৰ বাবে এই ফার্মাচিত ওলমি থাকে হৃদয়ত হোৱা বিষ নিৰাময়ৰ বড়িবোৰ। কেনেকৈনো মই সুখী হম তুমিহে কোৱাচোন? সৰি পৰা ফুল,পাতৰ বাবে গছ জানো সুখী হয়? জোনাক হেরুৱাৰ ৰাতিবোৰত কলীয়া এন্ধাৰ সুখী হয়? এখন রুটীৰ নামত ফুটফাটত শুই পৰা ভোকাতুৰ মানুহবোৰ জানো সুখী হয়? আয়ে পিতাইক বিচাৰি নিদ্রাহীনতাৰ ৰাতিবোৰত আই আঁচলেৰে চকুলো বন্ধাৰ কথা আইৰ বাহিৰে আন কোন বুজি পায়? কথাবোৰ ঠিক তেনেদৰে আছিল। প্রেমিক মই কবিতাৰ, জান-জুৰি, নদ-নদীৰ, সেউজীয়া হৈ উঠা ধাননি পথাৰ, চৰাই-চিৰকটি, গছ-ফুল, বোকা মাটিৰ গোন্ধ, বৰষুণৰ প্রথম জাক স্পর্শ। তোমাক দেখা দিনাৰপৰাই মই সকলো বস্তুৰ প্রেমিক হৈ পৰিছো। তোমাক লগ নোপোৱাহেতেন কাহানিও প্রেমিক হৈ নুঠিলোহেতেন মই। হয়তো মোক প্রেমিক কৰি তুলিবৰ বাবে তোমাৰ জন্ম হৈছিল। প্রেম মানে চৌখিন। প্রেম মানেই দামী ৰেস্টুৰেন্টৰ দামী সোৱাদ নতুবা পার্কৰ কোণত আন্ধাৰৰ আলিঙ্গন। তুমি জীৱনৰ সুখ বিচাৰি দামী ৰেস্টুৰেন্ট, শ্বপিং মহল, পার্কত ব্যস্ত থাকা। মই ব্যস্ত থাকো গাঁওৰ চাৰিআলিত থকা মনোকাইটিৰ দোকানৰ দুটকীয়া ফিকা চাহৰ আমেজত, বালি চাপৰিৰ বুধবৰীয়া বজাৰত, বোকাৰে লেটি-পেটি মোৰ শৰীৰ, নৰাৰ আঁছোৰ খাই মেলি দিও হৃদয়ৰ সেউজীয়াবোৰ। মোৰও মন যায় প্রেমিক চৰাই হৈ আকাশত উৰিবলৈ। উপভোগ কৰিবলৈ মন যাই দেওবাৰৰ দিনটোত তোমাৰ সতে ৰোমান্টিক ফিল্মৰ  সোৱাদ লবলৈ। একেলগে এটা ছাতিৰ তলত  ফুটফাথৰ উতনুৱা খোজ। কিন্ত  মই উৰিব নোৱাৰে চৰাই দৰে নীলা আকাশত, নোৱাৰো ফূটফাথত উতনুৱা খোজ।  কাৰণ মই যে খালী পকেটৰ গৰাকী। দুর্নীতিৰে আক্রান্ত সমাজৰ এজন বেকাৰ যুবক মই। এই বয়সতো প্রতিটো খোজত পিতাইৰপৰা সহায়ৰ হাত মাগিব লাগে। কেতিয়াবা নিজকে বৰ ধিক্কাৰ লাগে এই জীৱনক। মোৰ মৃত্যু হলে ভগবানক কম কিয় ইমান কষ্টকৰ জীৱন দিলা? এই দেশত দুখীয়া হৈ জন্মগ্রহণ কৰা মানে পাপ। দুখীয়াৰ যে হৃদয় নাই ধনীক শ্রনীৰ মানুহবোৰৰ দৰে। এয়েহে ভাবিছো অহা জনমত ধনী হৈ জন্ম লাভ কৰিম মাথো তোমাৰ বাবে। ধনী নহলে যে আমাৰ সমাজত আমাৰ দৰে দুখীয়া মানুহৰ প্রেমৰ কোনো অর্থ নাই। এইখন দেশত কুকুৰ মৰে মানুহৰ দৰে আরু মানুহ মৰে কুকুৰৰ দৰে। নহলে তোমাৰ ঘৰৰ পোহনীয় কুকুৰ হৈ জন্মি তোমাৰ বুকুত শুই পৰিম। নতুবা তোমাৰ ঘৰৰ পদুলিত গোলাপ, কৃষ্ণচুড়া বা ৰজনীগন্ধা হৈ গজিম। তেতিয়া হয়তো তোমাৰ আঙুলিৰ নহলে ওঠৰ স্পর্শ পাম। তোমাৰ এটি স্পর্শত মোৰ এই জনমৰ প্রেমিক হোৱাৰ আশা পুৰণ হব। কলেজীয়া শিক্ষা সমাপ্ত কৰি দুচকুত বহতো সপোন সজাই ৰাখিছিলো। হাতত চাটিফিকেট আরু মার্কশ্বীট লৈ অফিচে অফিচে খট-খতাইছো। অফিচৰ সন্মুখত ডাঙৰ ডাঙৰ আঁখৰৰে স্পষ্টকৈ লিখা আছে “নো ভেকেঞ্চি”। আচলতে চাকৰিৰ টেনছনতে নিজকে হে্রুৱাই পেলাইছো যান্ত্রিকতাত। মোৰ চাকৰিৰ বাট চাওতে চাওতে লাহে লাহে আই-পিতাইৰ চকুত কলা দাগ বহি গৈছে। পিতাইৰ শেষ সপোনও পুৰাব নোৱাৰিম যেন লাগিছে। বন্ধ কোঠালিত বহি থাকিলে এনে যেন লাগে টেবুলত পৰি থকা কিতাপ, কলমবোৰ মোক উপলুঙা কৰিবলৈ লৈছে পকেটত এটকা নাই আরু প্রেমিক হব ওলাইছে। তুমিবা কেনেকৈ চিনি পাবা মোক। মই যে নহও চলমান, আমীৰ। তোমাৰ চকুত পৰিবলৈও ইমান দেখনিয়াৰ নহয়। নাই দামী বাইক, গাড়ী, ঘৰ। নাই মোৰ চাকৰি, নাই মোৰ দুই নম্বৰী পইচা ঘটাৰ সহজ উপায়। আছে মাথো তোমাক সেউজী কৰিব পৰাকৈ এখন কোমল হৃদয়।

তোমাৰ দুখত দুখী, সুখত সুখী হব পৰাকৈ এখন পৰিয়াল। মইও যে কি কথা কই থাকো। মাজে মাজে নিজে নজনাকৈ কেতিয়াবা আবেগ হৈ যাও। আজিৰ যান্ত্রিক যুগত কোমল হৃদয়ৰ গৰাকৈ হলে কিনো হব? বিবাহ প্রেমৰ মূল উদ্দেশ্য নহয় কিন্তু বিবাহে প্রেমক অর্থ দিব পাৰে। তোমাৰ প্রেমত পৰিব পৰাকৈ নিজকে সাজু কৰি ৰাখিছো। এপুৰা মাটি বন্ধকত দিছো মাথো তোমাৰ বাবে। মোৰ হৃদয়ৰ খুচুৰাবোৰ হাতৰ মুঠিত ভৰাই লৈছো মাথো তোমাৰ বাবে। তোমাক সুখী কৰি তুলিবৰ বাবে বুলাই দিম তোমাৰ শৰীৰত ৰামধেনুৰ সাতটা ৰঙ।মই যে তোমাৰ আজন্ম প্রেমিক। তুমিয়েই মোৰ জীৱনৰ আদিতম পাঠ আরু শেষ প্রেমিকা। ইমানৰ পাছতো তুমি কিয় ভাল পাব নোৱাৰা? আজি যে মোৰও হৃদয়তো তোমাৰ বাবে প্রেম জাগি উঠিছে । পাগলী ছোৱালী, আজি যে প্রেমৰ দিৱস। 

                                                                                             ফোনঃ ৮০১১৭৭৮০৩৮

LEAVE A REPLY

Please enter your comment!
Please enter your name here