Home উদ্যমী  নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন 

 নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন 

1
0

 নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন  

DAINANDIN BARTA LIVE@ HOWRAGHAT  : আপুনি বিদ্যুতৰ সমস্যাত ভূগিছে নেকি  ?  সন্ধিয়া হ’লেই বিদ্যুতৰ অভাৱত আন্ধাৰে আৱৰি ধৰে নেকি আপোনাৰ ঘৰখন  ?  নতুবা উৎকট গৰমত বিজুলী পাংখাৰ সুবিধাৰ পৰা বঞ্চিত হয় নেকি আপুনি  ?  তেন্তে মুঠেই চিন্তা নকৰিব  !  

 নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন বিদ্যুৎ ৷ জ্বলাব পাৰিব লাইট ৷ ঘূৰাব পাৰিব ফেন  ৷ কাৰ্বি আংলঙত শিশু বিজ্ঞানীৰ চমক ৷ 
হয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন সময়তো ৰাজ্যত বিদ্যুতৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জ্বলা কলা খুৱাই থকাৰ সময়তে ঘৰতে বহি অতি কম খৰচত বিদ্যুৎ উৎপাদনৰ নতুন কৌশল উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজনৰ দুগৰাকী বিজ্ঞান ছাত্ৰই ৷ নাম – অক্ষয়  বৰগোঁহাই আৰু ৰোহিনী গগৈ ৷ ছাত্ৰদ্বয়ে প্ৰকাশ কৰা মতে নিমখ মিহলোৱা পানী, অব্যৱহৃত বেটাৰীৰ পৰা পোৱা জিংক আৰু  সহজসভ্য কপাৰৰ সহযোগত এইদৰে প্ৰকল্প প্ৰস্তুত কপি অতি সহজে কম খৰচত উৎপাদন কৰিব পাৰি বিদ্যুৎ ৷
কেমেৰাৰ এয়া ছাত্ৰদ্বয়ৰ বিষয় সন্দৰ্ভত সুন্দৰ উপস্থাপন ৷

ছাত্ৰদ্বয়ৰ এই নিম্ন খৰচৰ বিদ্যুৎ উৎপাদনৰ নতুন কৌশল তথা উদ্ভাৱন প্ৰত্যক্ষ কৰি অভিভূত এগৰাকী বিজ্ঞান শিক্ষকে আমাক ক’লে এনেদৰে ……

উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বুধবাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত জিলাভিত্তিক বিজ্ঞান প্ৰতিযোগিতাত অংশ লয় ছাত্ৰদ্বয়ে ৷ ছাত্ৰদ্বয়ৰ বিদ্যুৎ উৎপাদনৰ এই প্ৰচুৰ সম্ভাৱনাময় উদ্ভাৱন সন্দৰ্ভত নিশ্চিতভাৱে আৰু অধিক গৱেষণা আৰু অধ্যয়নৰ থল আছে ৷ সংশ্লিষ্ট বিভাগে অনতিবিলম্ব এই বিষয়ত দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন বুলি মতপোষণ কৰিছে সচেতন মহলে  ৷৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here