Home উদ্যমী  জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

1
0

 জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

 

দৈনন্দিন বাৰ্তা Live@,( জোন বৰা  )জামুগুৰিহাট , ২৩ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী কবি সাহিত্যিক প্ৰবন্ধকাৰ তথা এগৰাকী উদীয়মান লেখক হিমাংশু ৰনজন ভূঞাঁৰ চতুৰ্থ সংখ্যক গ্ৰন্থ ” সাম্প্ৰতিক সময়ঃ প্ৰাসংগিক চিন্তা ” শীৰ্ষক এখন মনোগ্ৰাহী গ্ৰন্থ অাজি জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত অানুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । বিগত কেইবা বছৰ ধৰি অসমৰ বিভিন্ন দৈনিক অাৰু সপ্তাহিক বাতৰি কাকতত প্ৰকাশ পোৱা কিছু সংখ্যক প্ৰবন্ধ একত্ৰিত কৰি এখনি পূৰ্নাঙ্গ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হোৱা এই গৰাকী উদীয়মান  লেখকে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ বৰঙনিৰ শলাগ লয় অনুষ্ঠানটিত উপস্থিত থকা জামুগুৰিহাটৰ বিশিষ্ট ব্যক্তি সকলে । কলা সংস্কৃতিৰ অন্যতম অনুষ্ঠান অভিযাত্ৰী কলাকেন্দ্ৰত অাজি বিয়লি জামুগুৰিহাটৰ অন্যতম ডিজিটেল মিডিয়া প্লেটফৰ্ম ” লাইভ জামুগুৰিহাটৰ ” উদ্যোগত হিমাংশু ৰণজন ভূঞাঁৰ ‘সাম্প্ৰতিক সময়ঃ প্ৰাসংগিক চিন্তা ‘ নামৰ গ্ৰন্থ খনৰ উন্মোচনী সভাত সঞ্চালকৰ অাসন অলংকিত কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন্দ্ৰ হাজৰিকাই । সভাত উন্মোচক হিচাপে উপষ্ঠিত থাকে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত অৱসৰ প্ৰাপ্ত শিক্ষক গোলাপ বৰুৱা । স্থানীয় প্ৰায় অৰ্ধশতাধিক ৰাইজ উপস্থিত থকা আজিৰ এই গ্ৰন্থ উন্মোচনী সভা খনত বিশিষ্ট অতিথি হিচাপে উপষ্ঠিত থাকে  বিশ্বনাথ জিলাৰ সৰ্বশিক্ষা বিষয়া মনোজ গোহাঁঞ । গ্ৰন্থকাৰ হিমাংশু ৰণজন ভূঞাঁৰ পিতৃ কৃতি শিক্ষক নলিনী ৰণজন ভূঞাঁই অাদৰণী ভাষন দিয়া এই অনুষ্ঠানত যুৱ লেখক হিমাংশুৱে এক চমু বক্তব্য দাঙি ধৰি পাঠক ৰাইজে তেওঁৰ অাগৰ তিনিওখন গ্ৰন্থৰ দৰে এই খন গ্ৰন্থও অাদৰি ল’ব বুলি অাশা প্ৰকাশ কৰে ।  
           
 

LEAVE A REPLY

Please enter your comment!
Please enter your name here