Home মুখ্য পৃষ্ঠা পুৰণিগুদামত সত্ৰীয়া সাংস্কৃতিক দিৱস উদযাপন…

পুৰণিগুদামত সত্ৰীয়া সাংস্কৃতিক দিৱস উদযাপন…

186
0

পুৰণিগুদামত সত্ৰীয়া সাংস্কৃতিক দিৱস উদযাপন:
:জ্যেষ্ঠ সাংবাদিক-সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নক সম্বৰ্দ্ধনা:

দৈনন্দিন বাৰ্তাLIVE@(দীপজ্যোতি ভূঞা)নিজা প্ৰতিবেদক,চামগুৰি,২১ নবেম্বৰ::—-নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত যোৱা পোন্ধৰ নবেম্বৰত সপ্তদশ বাৰ্ষিক সত্ৰীয়া সাংস্কৃতিক দিৱসটি পুৰণিগুদাম শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে লেটুগ্ৰাম সত্ৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়৷পুৱা আঠ বজাত ধৰ্মধ্বজা উত্তোলন কৰে লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে,পুৱা ন’বজাত ড’ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে পূৱ নগাঁও সত্ৰ মহাসভাৰ সভাপতি তথা শ্ৰীশ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক যুগল চন্দ্ৰ দেৱগোস্বামীয়ে৷লেটুগ্ৰাম সত্ৰৰ সৌজন্যত ইয়াৰ পাছতে মহিলাসকলৰ দ্বাৰা নাম পৰিৱেশিত হয়৷পূৱ নগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ দ্বি-ভাৰ্ষিক সাধাৰণ সভাত আগন্তক দুটা বৰ্ষৰ বাবে যুগল চন্দ্ৰ দেৱ গোস্বামীক সভাপতি আৰু হিৰণ্য কুমাৰ গোস্বামীক সম্পাদক হিচাপে লৈ নতুন সমিতি খন গঠন কৰা হয়৷শ্ৰীশ্ৰী ধৱলি বালিপাৰা সত্ৰ সত্ৰাধিকাৰ বনমালি গোস্বামীৰ পৰিচালনাত দুপৰীয়া নাম-প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত বিয়লি ডা: কেশৱানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক কুশল চন্দ্ৰ মহন্তই আঁত ধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে আৰু বিশিষ্ট অতিথি হিচাপে অসম সত্ৰ মহাসভাৰ উপ-সভাপতি দ্বিজেন্দ্ৰ নাৰায়ন দেৱ গোস্বামীয়ে ভাষণ প্ৰদান কৰে৷থগিত মহন্তই আদৰণি ভাষণ আগবঢ়োৱা সভাত প্ৰণতি মহন্তই বৰগীত,নন্দিতা মহন্তই লোকগীত আৰু সীমা শোভিতা দাসে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে৷উক্ত সভাত বিশিষ্ট সাংবাদিক-সাহিত্যিক,অৱসৰপ্ৰাপ্ত শিক্ষক তথা অভিনেতা ফণীন্দ্ৰ নাথ গায়নক নগাঁও জিলা সত্ৰ মহাসভা আৰু শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰই সম্বৰ্দ্ধনা জনায়৷লগতে লেটুগ্ৰাম সত্ৰৰ তৰফৰ পৰা তিনিগৰাকী শিল্পী ক্ৰমে কলিৰাম বৰা,চিত্তৰঞ্জন বৰা আৰু বিপুল কুমাৰ বৰাক চেলেঙেৰে আদৰণি জনোৱা হয়৷সভাত প্ৰয়াত সত্ৰাধিকাৰ নীলকান্ত মহন্তৰ স্মৃতিত উৎসৰ্গিত জিলা সত্ৰ মহাসভাৰ পত্ৰিকা “সত্ৰ-সম্ভাৰ” উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ফণীন্দ্ৰ নাথ গায়নে৷সন্ধ্যা যতীন ভূঞাই বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here