Home উত্তৰ-পূব ৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি, নাগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰীক দিলে ৰাজ্যপালৰ পদ

৬ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি, নাগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰীক দিলে ৰাজ্যপালৰ পদ

63
0

ডিজিটেল ডেস্ক,নতুন দিল্লীঃ দেশৰ ৰাষ্ট্ৰপতিয়ে ৬ খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি আৰু বদলি কৰিছে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল আনন্দিবিন পেটেলক উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে বদলি কৰিছে। এইগৰাকী মহিলা ৰাজ্যপাল এসময়ত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। পশ্চিমবংগত নতুনকৈ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে জগদ্বীপ ধাংখাৰক।

ত্ৰিপুৰাৰ নতুন ৰাজ্যপাল হ’ল ৰমেশ বেইজ, বিহাৰৰ নতুন ৰাজ্যপাল হ’ল ফাগু চৌহান আৰু নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে আৰ এন ৰবীয়ে। ইফালে বিহাৰৰ ৰাজ্যপাল লাল জী টেণ্ডনক বদলী কৰা হৈছে মধ্যপ্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে। উল্লেখ্য যে পশ্চিমবংগৰ নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে দিল্লীৰ উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে বিহাৰৰ নৱনিযুক্ত ৰাজ্যপালগৰাকী হ’ল এগৰাকী বিজেপিৰ বিধায়ক।

আনহাতে নাগালেণ্ডত নিযুক্তি লাভ কৰা আৰ এন ৰবী এসময়ত দেশৰ চোৰাংচোৱা সংস্থাৰ বিশেষ সঞ্চালক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰিষদৰ উপ-সচিব আছিল। ৰবীয়ে এসময়ত নাগালেণ্ডত এনএছইএনৰ সৈতে শান্তি আলোচনাৰ অন্যতম মধ্যস্ততাকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৬ বৰ্ষৰ আই পি এছ বিষয়া ৰবী উত্তৰ পূবৰ আন আন বিদ্ৰোহী সংগঠনৰ সম্পৰ্কতো যথেষ্ট অভিজ্ঞ আৰু দীৰ্ঘদিন ধৰি চোৰাংচোৱা সংস্থাৰ হৈ অঞ্চলটোত কৰ্মৰত হৈ আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here