Home অসম চাছৰ গোপন তথ্য চুৰিঃ আৰক্ষীৰ দ্বাৰস্থ চাছ কৰ্তৃপক্ষ

চাছৰ গোপন তথ্য চুৰিঃ আৰক্ষীৰ দ্বাৰস্থ চাছ কৰ্তৃপক্ষ

314
3

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, মোৰাঝাৰঃ স্কলাৰছ একাডেমিক এণ্ড চাইণ্টিফিক চচাইটি চমুকৈ চাচ ৰ বৃহৎ সংখ্যক তথ্য চুৰি হোৱা ঘটনাত হাই প্ৰফাইল ব্যক্তি জড়িত হোৱাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ যোগ্য যে যোৱা কিছুদিন ধৰি এটা বৃহৎ দুষ্ট চক্ৰই SAS ৰ বিভিন্ন কামকাজ তথা লক্ষ্যত ব্যাঘাত সৃষ্টিৰ উদ্দেশ্য উঠিপৰি লাগিছে।

অলপতে দুষ্ট চক্ৰটোৱেই SASৰ এজন কৰ্মচাৰীৰ সহযোগত SAS যথেষ্ট তথ্য চুৰি কৰি এখন নীতি বহিভুৰ্ত ভাৱে নতুন ভুৱা অস্তিত্বহীন জাৰ্নেল আৰম্ভ কৰে। আনকি SAS ৰ নাম লৈ‌ বিভিন্ন গৱেষকৰ লগত যোগাযোগ কৰি আছে।
চুৰি কৰাৰ পিছতে ছাছৰ জাৰ্নেলৰ নাম সিহঁতৰ website ত লগাই ৰাখিছে।

ইয়াৰ লগত জড়িত চাছৰ কৰ্মচাৰী আচাদ উদ্দিন আৰু জৈনিক চৌধুৰীসহ কিছু ব্যক্তি আৰু চুৰিৰ প্ৰমাণ পোহৰলৈ আহিছে । এই সকলক অভিযুক্ত কৰি মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীৰ উৰ্ধতম কতৃপক্ষক অভিযোগ দাখিল কৰা বুলি জনা গৈছে ।

উল্লেখযোগ্য যে ২০১১ চনত স্থাপিত চাচ চচাইটিয়ে ইতিমধ্যে পাঁচ খন ৰাষ্ট্ৰত কাৰ্যালয় স্থাপন কৰি আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত জাৰ্নেল প্ৰকাশ বা অইন কাম কাজ চলাই আহিছে, লগতে সামাজিক কাম কাজ কৰি সচেতন মহলৰ ভূয়সী প্ৰশংসা লাভ কৰা স্বেচ্ছামূলক সংস্থাটিৰ বিৰুদ্ধে কৰা এনে কামৰ বাবে সচেতন মহলে সহজে লব পৰা নাই । এতিয়া আৰক্ষীয়ে কিদৰে তদন্ত কৰে সময়ত লক্ষণীয় হ’ব।

3 COMMENTS

  1. With havin so much written content do you ever run into any issues of plagorism or copyright
    violation? My blog has a lot of unique content I’ve either written myself or outsourced but it appears a lot of it is popping it up all
    over the internet without my agreement. Do you know any methods to help protect against content from being stolen? I’d really appreciate it.

LEAVE A REPLY

Please enter your comment!
Please enter your name here