Home অসম নৱনিৰ্মিত বশিষ্ঠ আৰক্ষী থানা উদ্বোধন মুখ্যমন্ত্ৰীৰঃ আৰক্ষী-জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক মধুৰ কৰাৰ...

নৱনিৰ্মিত বশিষ্ঠ আৰক্ষী থানা উদ্বোধন মুখ্যমন্ত্ৰীৰঃ আৰক্ষী-জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক মধুৰ কৰাৰ ওপৰত গুৰুত্ব

391
40
Chief Minister Sarbananda Sonowal inaugurating the newly constructed building of Basistha Police Station under MOITRI Scheme in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা বশিষ্ঠ আৰক্ষী থানাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনৰ আধুনিক আন্তঃগাঁথনিয়ে আৰক্ষীক অধিক জনসাধাৰণমুখী সেৱা আগবঢ়োৱাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আৰক্ষীক জনসাধাৰণৰ প্ৰতি দায়বদ্ধ আৰু সঁহাৰিপূৰ্ণ সেৱা আগবঢ়োৱাৰ বাবে আহবান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা অভিযান তথা ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি বজাই ৰখাৰ দিশত আৰক্ষীয়ে লোৱা ভূমিকাৰ শলাগ লয়। অসম আৰক্ষীয়ে সম্প্ৰতি জনসাধাৰণৰ আস্থা লাভত সফল হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ ধাৰা অব্যাহত ৰখাৰ দিশত নিষ্ঠা সহকাৰে কৰ্তব্যত অৱতীৰ্ণ হোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহবান জনায়।

উল্লেখ্য যে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আধুনিক সা-সুবিধা উফলব্ধকৰণেৰে আৰক্ষী থানাসমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা লৈছে। বশিষ্ঠ আৰক্ষী থানাৰ পুনৰ নিৰ্মাণৰ দিশত সৰ্বমুঠ ২ কোটি ৬২ লাখ টকা পুঁজি ব্যয় কৰা হৈছে। মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৩৪৬ খন আৰক্ষী থানা পুণৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে।

প্ৰতিখন আৰক্ষী থানাতে দুই কোটি টকা ব্যয়ৰে ৫ বছৰৰ ভিতৰত আৰক্ষী থানাসমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৭৩ খন আৰক্ষী থানা পুনৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ আৰক্ষী বাহিনীসমূহক অধিক দক্ষ আৰু কৰ্মক্ষম কৰি তোলাৰ দিশত প্ৰদান কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি বিগত বৰ্ষসমূহত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সন্মিলনসমূহত আৰক্ষী বাহিনীৰ কৰ্ম দক্ষতা আৰু সামগ্ৰিক মান উন্নীতকৰণেৰে স্মাৰ্ট পুলিচ হিচাপে উন্নীতকৰণৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীয়ে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস তথা জনসাধাৰণৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ এই ধাৰা অব্যাহত ৰখাৰ বাবেও আহবান জনায়। অনুষ্ঠানত দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অথুল বৰা, টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰেও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সএয় কৃষ্ণ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

40 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here