Home অসম সাংবাদিক বিপিন হাজৰিকা চিকিৎসাধীন

সাংবাদিক বিপিন হাজৰিকা চিকিৎসাধীন

54
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, শিৱসাগৰ হাঁহচৰা পৰা মুকুল বাইলুংঃ শিৱসাগৰ জিলাৰ লাকুৱাৰ বৈদ্যুতিক মাধ্যম Dy365 আৰু দুখনকৈ সংবাদ পত্ৰ গণ অধিকাৰ শিমলুগুৰিৰ সংবাদদাতা ,দৈনিক অসম লাকুৱাৰ সংবাদদাতা । বিপিন হাজৰিকা গুৰুত্বভাৱে অসুস্থ হোৱাত ২০ জুলাই অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় ।বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।কেইবাদিন ধৰি সাংবাদিক জন পানী লগা জ্বৰ,মূৰবিষত ভুগি আছিল।শনিবাৰে পুনৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত বিপিন হাজৰিকা চিকিৎসাধীন হৈ আছে।ইতিমধ্যে নাজিৰা প্ৰেছ ক্লাব, হাঁহচৰা প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সাংবাদিক সন্হা আৰু দল-সংগঠনৰ নেতাই সাংবাদিক বিপিন হাজৰিকাক সহায়ৰ হাত আগবঢ়াইছে। চিকিৎসকে জানিবলৈ দিয়া মতে সাংবাদিক বিপিন হাজৰিকা বৰ্তমান বিপদমুক্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here