Home মুখ্য পৃষ্ঠা কৰ্ণাটকত ৰাজনৈতিক অস্থিৰতাৰ অৱসানঃ বিধানসভাৰ অধ্যŽক্ষ ৰমেশ কুমাৰৰ পদত্যাগ

কৰ্ণাটকত ৰাজনৈতিক অস্থিৰতাৰ অৱসানঃ বিধানসভাৰ অধ্যŽক্ষ ৰমেশ কুমাৰৰ পদত্যাগ

56
0

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্ক, বাংগালুৰুঃ সুদীৰ্ঘ দিন ধৰি ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা কৰ্ণাটকত সোমবাৰে আস্থা ভোট অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিলৈ সুস্থিৰ পৰিস্থিতি ঘুৰি আহিছে। কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী হিচাপে বি এছ য়েডিয়ুৰাপ্পা নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে আস্থা ভোটত বিজয়ী হোৱাৰ পিছতে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই মৰ্মে কৰ্ণাটক বিধানসভাৰ উপাধ্যক্ষৰ হাতত আজি অধ্যক্ষ ৰমেশে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। আস্থা ভোট অনুষ্ঠিত হোৱাৰ পিছতে বিয়লি পাঁচ বজালৈ কৰ্ণাটক বিধানসভা স্থগিত ৰখা হয়। উল্লেখ কুমাৰ স্বামী নেতৃত্বাধীন কংগ্ৰেছ, জেডি এছ মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশে অহৈতুক প্ৰীতি প্ৰদৰ্শণ কৰিছিল বুলি বিজেপিৰ বিধায়কসকলে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছিল। শেহতীয়াকৈ কুমাৰ স্বামীৰ চৰকাৰখনে বিধানসভাৰ মজিয়াত আস্থা ভোটত পৰাজিত হোৱাৰ পিছতে য়েডিয়ুৰাপ্পাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন কৰা হৈছিল।

এই মৰ্মে সোমবাৰে য়েডিয়ুৰাপ্পাৰ চৰকাৰে আস্থা ভোটৰ সন্মুখীন হয়। বিজেপিৰ বিধায়কসকলে অভিযোগ কৰা অনুসৰি কুমাৰ স্বামীৰ চৰকাৰখনক আস্থা ভোটৰ সন্মুখীন হোৱাৰ পৰা বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশে ৰক্ষণাবেক্ষণ দি আহিছিল। কুমাৰ স্বামীক আস্থা ভোটৰ সন্মুখীন হ’বলৈ ৰমেশে নিৰ্দেশ দিব লাগিছিল যদিও এইক্ষেত্ৰত তেওঁ যথেষ্ট বিলম্ব কৰিছিল।

লগতে ১৪ গৰাকীকৈ বিধায়কক ৰমেশে অযোগ্য ঘোষণা কৰিছিল। ইপিনে কংগ্ৰেছৰ কুমাৰ স্বামী পন্থী বিধায়কসকলে কৰ্ণাটকৰ ৰাজ্যপালে অনাস্থা ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ কোনো অধিকাৰ নাই বুলি কৈছিল। সোমবাৰে বিজেপিৰ চৰকাৰে আস্থা ভোটত বিজয়ী হোৱাৰ পিছতে সেয়ে ৰমেশে পদত্যাগ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here