Home কবিতাঃ বন্ধুত্ব-অৰুণ বৰুৱা

বন্ধুত্ব-অৰুণ বৰুৱা

79
0

বন্ধুত্ব

                               অৰুণ বৰুৱা

জীৱনৰ জটিল মুহূৰ্তবোৰ
খামুচি ধৰিবলৈ
এখন বিশ্বাসৰ হাত
আৰু সুখ-দুখবোৰ
ভগাই ল’ব পৰাকৈ
এখন সঁচা হৃদয় লাগে ৷
বন্ধু তুমি মাতিলে
মোৰ কোনো অজুহাত নালাগে
উৰুখা চালিৰ তলতো
স্বৰ্গীয় সুখ থাকে ৷
তোমাৰ মুখত হাঁহি দেখিলে
মোৰ প্ৰাপ্তি যেন লাগে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here