Home অসম আন্তঃপঞ্চায়ত সমন্বয় ফুটবল প্ৰতিযোগিতাত নিজ কানাই গাঁও পঞ্চায়ত পৰৱতী ৰাউণ্ডত প্ৰৱেশ

আন্তঃপঞ্চায়ত সমন্বয় ফুটবল প্ৰতিযোগিতাত নিজ কানাই গাঁও পঞ্চায়ত পৰৱতী ৰাউণ্ডত প্ৰৱেশ

64
0

দৈনন্দিন বাৰ্ত, ডিজিটেল সেৱাঃ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা প্ৰশাসন আৰু লাহোৱাল ক্ৰীড়া সন্থাৰ সহযোগত ৰহমৰীয়া গেণীচুকৰ অৰুণজ্যোতি সংঘৰ খেল পথাৰ প্ৰাংগনত সমন্বয় ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত নিজ কানাই গাঁও পঞ্চায়তৰ দলে মোহনবাৰী পঞ্চায়ত দলক ৩-২ গ’লত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

খেলৰ প্ৰথমাৰ্দ্ধত নিজ কানাই গাঁও পঞ্চায়ত আৰু মোহনবাৰী পঞ্চায়তৰ মাজত ২-১ গ’লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্দ্ধৰ খেলত দুয়োটা দলে এটাকৈ গ’ল দিয়ে। নিজ কানাই পঞ্চায়ত দলে মোহনবাৰী পঞ্চায়ত দলটোক ৩-২ গলত পৰাস্ত কৰি পৰৱতী ৰাউণ্ডত প্ৰবেশ কৰে। আজি খেলখন পৰিচালনা কৰে-ইন্দ্ৰজিত চেতিয়া, সহঃকাৰী ঋতুপৰ্ণ কোঁৱৰ, দেৱজিত গোহাঁই আৰু মাধুৰ্য মৰাণে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here