Home উত্তৰ-পূব মেঘালয়ৰ শাসকীয় মৰ্চাত ভাঙোনঃ ৬ সদস্যৰ দ্বাৰা ইউপিএফ গঠন

মেঘালয়ৰ শাসকীয় মৰ্চাত ভাঙোনঃ ৬ সদস্যৰ দ্বাৰা ইউপিএফ গঠন

40
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মেঘালয়ৰ শাসকীয় মৰ্চাত ভাঙোন সৃষ্টি হৈছে। মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এমডিএত থাকিও ৬ জন সদস্যই নতুনকৈ ইউপিএফ অৰ্থাৎ ইউনাইটেড প্ৰগ্ৰেচিভ ফ্ৰণ্ট নামৰ নতুন এটা মৰ্চা গঠন কৰিছে। এই নতুন মৰ্চাত পিডিএফৰ দুজন বিধায়ক আৰু দুই মন্ত্ৰী, এনচিপিৰ এজন বিধায়ক, এজন নিৰ্দ্দলীয় সদস্য আছে।

অৱশ্যে এই মৰ্চাটোৱে এমডিএৰ বিৰুদ্ধে থিয় নিদিয়ে বুলি স্পষ্ট কৰি দিছে। এই নতুন মৰ্চাটোৱে চৰকাৰক অধিক শক্তিশালী কৰি যাব বুলি উল্লেখ কৰিছে। হ’লেও চৰকাৰী মৰ্চাত থকাৰ পিছত দুটা দলে নতুনকৈ এটা মৰ্চা গঠন কৰা কাৰ্যই আগন্তুক সময়ত ৰাজ্যখনৰ ৰাজনীতিত প্ৰভাৱ পেলোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি।

ইফালে মেঘালয়ৰ সদ্যপ্ৰয়াত অধ্যক্ষ ডংকোপাৰ ৰয় আছিল ইউডিপি দলটোৰ বিধায়িনী গোটৰ সভাপতি। আজি এই দলটোৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত পৰ্যটন, জলসম্পদ আৰু আবকাৰী বিভাগৰ মন্ত্ৰী মেটবা লিংডুক নতুনকৈ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। ডংকোপা ৰয়ৰ মৃত্যুৰ পিছত বিধানসভাত ইউডিপিৰ সদস্য ৬ জনলৈ হ্ৰাস পালে আৰু আজিৰ বৈঠকত দুজন সহযোগী সদস্যই অংশগ্ৰহণ কৰে। ফলত বিধানসভাত ইউডিপিৰ সদস্যৰ সংখ্যা আঠজনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here