Home মুখ্য পৃষ্ঠা অসমীয়া চলচ্চিত্র জগতৰ অন্যতম এগৰাকী মহীৰূহ , বিজু ফুকনৰ মৃত্যুত ভিন্নজনৰ শোক...

অসমীয়া চলচ্চিত্র জগতৰ অন্যতম এগৰাকী মহীৰূহ , বিজু ফুকনৰ মৃত্যুত ভিন্নজনৰ শোক প্ৰকাশ …..

256
0

*বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুয়ে অসমীয়া চলচিত্ৰ জগতত এক বিৰাট শূন্যতা আনিলে। তেখেতৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্হাৰ সভাপতি অৰুণজ্যোতি মৰাণে গভীৰ শোক প্ৰকাশ কৰিছে।

*বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুয়ে অসমীয়া চলচিত্ৰ জগতত এক অপুৰণীয় ক্ষতি সাধন কৰিলে ৷৷ তেখেঁতৰ মৃত্যুত বিহালী প্ৰেছ ক্লাৱ, বিহালী আঞ্চলিক ছাত্ৰ সন্থা,দক্ষিন বিহালী শাখা সাহিত্য সভাই শোক প্ৰকাশ কৰাৰ লগতে তেখেঁতৰ বিদেহী আত্মাই চি’ৰ শান্তী পোৱাৰ কামনা কৰিছে ৷

*বিজু ফুকনৰ মৃত্যুত শোক প্ৰকাশ ডিব্ৰুগড় কানৈ কলেজৰ @ অসমৰ এগৰাকী চিৰসেউজ অভিনেতা, বোলছবি পৰিচালক তথা ডিব্ৰুগড় কানৈ কলেজৰ প্ৰাক্তন ছাত্ৰ বিজু ফুকনৰ মৃত্যুত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। 1963 চনৰ পৰা 1965 চনলৈকে তেখেত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। তেতিয়াই তেওঁ অসমৰ বিভিন্ন নাট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি কলেজলৈ সুনাম কঢ়িয়াই আনিছিল।অসমৰ প্ৰথমটো অৰ্কেষ্ট্ৰা “কুইভাৰ্ছ”ৰো তেওঁ আছিল অন্যতম সদস্য।সত্তৰ দশকতে ড:বেজবৰুৱা বোলছবিত অভিনয় জীৱনৰ পাতনি মেলি তেওঁ পৰৱৰ্তী সময়ত অসমীয়া বোলছবিৰ চিৰসেউজ অভিনেতা হিচাবে আত্মপ্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁ অসমীয়া চিনেমাৰ অভিনয় শৈলীত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। বোৱাৰী, আজলী নবৌ, ঘৰসংসাৰ আদি বোলছবিত তেওঁ কৰা বলিষ্ঠ অভিনয়ৰ কথা কোনেও পাহৰিব নোৱাৰে।তেখেতৰ মৃত্যুত অসমে এজন গুণী শিল্পীক হেৰুৱালে আৰু আমি হেৰুৱালো এজন অসাধাৰণ সাংস্কৃতিক প্ৰতিভাৰ প্ৰাহক্তন ছাত্ৰক।বিজু ফুকনৰ নশ্বৰ দেহৰ প্ৰতি আমাৰ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

ধ্রুৱজ্যোতি শৰ্মা – ১৯৭০ চনত ” ডাঃ বেজবৰুৱা ” নামৰ অসমীয়া বোলছবি খনৰ জৰিয়তে অসমীয়া ছবি জগতত ভুমুকি মৰা জনপ্ৰিয় অভিনেতা বিজু ফুকন আৰু আমাৰ মাজত নাই । ৮০ খনৰো অধিক ছবি উপহাৰ দিয়া অভিনেতা জনৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত । “বৰুৱাৰ সংসাৰ ” বোলছবিত মুখ্য ভূমিকা লোৱা এই অভিনেতা জনে ” বোৱাৰী ” বোলছবিৰ মন ‘হীৰা দৈ চাইকেল নহয় টিলিঙা’ গীতত কৰা অভিনয়ৰ যোগেদি সকলোৰে আপোন হোৱা এই মহান অভিনেতা জনলৈ যাছিলোঁ সহস্ৰ প্ৰণাম । আপোনাৰ আত্মাই শান্তি লাভ কৰক ।

* বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুয়ে অসমীয়া চলচিত্ৰ জগতত এক অপুৰণীয় ক্ষতি সাধন কৰিলে ৷৷ তেখেঁতৰ মৃত্যুত বিহালী প্ৰেছ ক্লাৱ, বিহালী আঞ্চলিক ছাত্ৰ সন্থা,দক্ষিন বিহালী শাখা সাহিত্য সভাই শোক প্ৰকাশ কৰাৰ লগতে তেখেঁতৰ বিদেহী আত্মাই চি’ৰ শান্তী পোৱাৰ কামনা কৰিছে ৷

*বিজু ফুকনৰ মৃত্যুত জামুগুৰিহাটৰ ‘অভিযাত্ৰী’ ৰ শোক প্ৰকাশ হিমাংশু ৰণ্ জন ভূঞা, জামুগুৰিহাট – অসমীয়া ছবিজগতৰ চুপাৰষ্টাৰ , বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ অসমৰ অন্যতম সমাজ সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান জামুগুৰিহাটৰ “অভিযাত্ৰী” য়ে ৷ অনুষ্ঠানটোৰ সভাপতি নলিনী ৰঞ্জন ভূঞা আৰু সম্পাদক অমৰজ্যোতি বৰঠাকুৰে অসমীয়া ছবি আৰু সাংস্কৃতিক জগতত বৃহৎ শূণ্যতাৰ সৃষ্টি কৰি যোৱা কালি সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰা মহানায়ক বিজু ফুকনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৷ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here