Home অসম আজি পবিত্ৰ ঈদ উল ফিতৰ

আজি পবিত্ৰ ঈদ উল ফিতৰ

49
0

ইছলামধৰ্মীয় লোকলৈ ৰাজ্যপাল মুখী, মুখ্যমন্ত্ৰী সোণোৱাল, প্ৰদেশ বিজেপিৰ সভাপতি দাস, প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাকে ধৰি বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ-উজ-জোহা উপলক্ষে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ঈদ-উজ-জোহা হ’ল ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ এক অতি পৱিত্ৰ উৎসৱ। ঈদ-উজ-জোহা উৎসৱে আমাক ত্যাক, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্বাবোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।

ঈদ-উজ-জোহা পালনৰ জৰিয়তে জনসাধাৰণৰ নামত বৰ্তি থকা প্ৰেম, ভাতৃত্বাবোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি পাৰস্পৰিক বুজাবুজিৰে মানৱ কল্যাণৰ হকে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰে।

মুখ্যমন্ত্ৰীয়ে ঈদ-উজ-জোহা পালনৰ জৰিয়তে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থকা ঐক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here