Home অসম ঈদত মহিলৰ নামাজ বৈধ নে অবৈধ

ঈদত মহিলৰ নামাজ বৈধ নে অবৈধ

67
0

 আব্দুৰ ৰছিদ

নাৰীসকলৰ সামগ্ৰিক স্বাধীনতাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিবন্ধক আমাৰ সমাজত বিদ্যমান। নাৰীক অৰ্থনৈতি, সামাজিক, শৈক্ষিক, ধৰ্মীয় আদি বিভিন্ন দিশত অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ ক্ষেত্ৰত মুছলিম সামাজ আন সকলোতকৈ আগৰণুৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

অথচ ইছলাম ধৰ্মৰ নীতিমালা অনুসৰি নৰীক অৰ্থনৈতি, সামাজিক, শৈক্ষিক, ধৰ্মীয় আদি ক্ষেত্ৰত যথেষ্ট পৰিমাণে স্বাধীনতা বা অধিকাৰ প্ৰদান কৰিছে। কিন্তু মুছলিমসকলৰ মাজত প্ৰচলিত একাংশ মোল্লাতান্ত্ৰিক সমাজ ব্যৱস্থাই ধৰ্মীয় নীতিমালাৰ অপব্যাখ্যাৰে যুগে যুগে নাৰীসমাজক স্ব-অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখি তেওঁলোকক এক পণ্য সামগ্ৰীলৈ পৰ্যবসিত কৰি তুলিছে।

আমাৰ এই ক্ষুদ্ৰ নিবন্ধটিৰ মাজেৰে কেৱল ধৰ্মীয় অধিকাৰৰ অন্তৰ্ভুক্ত–ঈদত মহিলাৰ নামাজ সম্পৰ্কে হাদিছ ভিত্তিক কিছু যুক্তি আৰু দলিল দাঙি ধৰাৰ প্ৰয়াস কৰিম। প্ৰচলিত সমাজ ব্যৱস্থা মতে ভাৰতীয় মুছলিম নাৰীৰ ওপৰত ধৰ্মীয় উপাসনাৰ ক্ষেত্ৰত কেতেবাৰ প্ৰতিবন্ধক স্ব-আৰোপ কৰা দেখা যায়। যেনে, অধিক সংখ্যক সমাজে মহিলাক ঈদগাহত ঈদৰ নামাজ আৰু মছজিদত জুমাৰ নামাজ পঢ়িবলৈ অনুমতি নিদিয়ে।

অথচ ইছলাম ধৰ্মৰ নীতিমালা হাদিছত কোৱা হৈছে যে–মহিলাসকলৰ বােব দিনটোৰ পাঁচ ওৱাক্ত ছলাত (নামাজ) ঘৰত পঢ়া উত্তম; শুকুৰবাৰে জুমাৰ ছলাত (নামাজ) মছজিদত পঢ়া উত্তম আৰু দুই ঈদৰ ছলাত (নামাজ) ঈদগাহত পঢ়া বাধ্যতামূলক। ইয়াৰ উপৰিও মুছলিম মহিলাসকলে দুই ঈদৰ নামাজ ঈদগাহত পঢ়াৰ সপক্ষে অনেক শক্তিশালী হাদিছ পোৱা যায়।

“…ধৰ্মীয় উপাসনাৰ ক্ষেত্ৰত মুছলিম নাৰীক ইছলামী নীতিমালাই এনেবাৰ অধিকাৰ বা স্বাধীনতা দিয়াৰ প্ৰমাণ বা দলিল থকাৰ পিছতো কি কাৰণত সাম্প্ৰতিক একাংশ মোল্লাতান্ত্ৰিক মুছলিম সমাজ ব্যৱস্থাই নাৰীসকলক এই উপাসনাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে; তাক বুজি পোৱা টান। কেৱল যে ঈদৰ নামাজৰ ক্ষেত্ৰতেই নাৰীসকল এনে বৈষম্যৰ বলি হৈছে তেনে নহয়; অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আদি ক্ষেত্ৰতো মুছলিম নাৰীসকল আৱহমান কালৰ পৰাই বঞ্চিত হৈ আহিছে।…”

এই ক্ষেত্ৰত যথাসাধ্য কেইটিমান হাদিছৰ আলোকপাত কৰা হ’ল। সহীহ বুখাৰী (ইফাঃ)ৰ ১৩ নং অধ্যায়ৰ ৯২৯ নং হাদিছত কোৱা হৈছে যে–মুহাম্মদ ইবনু মূসান্না (ৰহঃ)… উম্মে আতিয়্যা (ৰাঃ)ৰ পৰা বৰ্ণিত, তেওঁ কৈছে, (ঈদৰ দিনা) আমাক ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছিল।

সেয়েহে আমি ঋতুমতী, যুৱতী আৰু তম্বুত অৱস্থানকাৰীনী মহিলাসকলক লৈ ওলাই আহিছিলোঁ। ইবনু আওন (ৰহঃ)ৰ এক বৰ্ণনাত আছে, অথবা তম্বুত অৱস্থানকাৰীনী যুৱতী মহিলাসকলক লৈ ওলাই আহিছিলোঁ। তাৰোপৰি ঋতুমতী মহিলাসকল মুছলমানসকলৰ জামা’তত আৰু তেওঁলোকৰ দোৱাত অংশগ্ৰহণ কৰিছিল।

কিন্তু ঈদগাহত পৃথকে অৱস্থান কৰিছিল। মেশকাত শৰীফৰ ১৩৪৮ নং হদিছত কোৱা হৈছে যে–হযৰত উম্মে আতিয়া (ৰাঃ)এ কৈছে, আমাক নিৰ্দেশ দিয়া হ’ল, আমি যাতে ঋতুমতী আৰু পৰ্দানসীন মহিলাসকলকো দুই ঈদৰ দিন ওলিয়াই দিওঁ, যাতে তেওঁলোকে মুছলমানসকলৰ জামাতত আৰু তেওঁলোকৰ দোৱাত অংশ ল’ব পাৰে আৰু ঋতুমতীসকল যেন একাষৰীয়া হৈ বহে।

এগৰাকী মহিলাই তেতিয়া প্ৰশ্ন কৰিলে, হে ৰছূলাল্লাহ (ছঃ), আমাৰ কোনো কোনোৰ প্ৰশস্ত চাদৰ নাই। ৰছূলাল্লাহ (ছঃ)এ কলে, তাৰ সহচৰে তাক নিজৰ চাদৰেৰে আবৃত কৰি ল’ব। (বোখৰী, মুছলিম)। তাৰোপৰি আবু দাউদ শৰীফৰ ১১৩৬ নং হাদীছত কোৱা হৈছে– হযৰত মূসা ইবনে ইসমাঈল (ৰ)…. উম্মে আতিয়্যা (ৰাঃ)ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, ৰাছূলুল্লাহ (ছঃ)এ ঈদৰ নামাজলৈ যাবলৈ মহিলাসকলক নিৰ্দেশ দিয়ে।

সেই সময়ত তেখেতক ঋতুমতী মহিলাসকলৰ সম্পৰ্কে সোধাত তেখেতে কলেঃ ওৱাজ-নছিহত ও দোৱাত তেওঁলোক উপস্থিথ থকাটো দৰকাৰ। সেই সময়ত এগৰাকী মহিলাই কলে, হে আল্লাহৰ ৰছূলহ্ল শৰীৰ আবৃত কৰি ঈদৰ নামাজলৈ যোৱা জোখাৰে যদি কাৰোবাৰ কােপাৰ নাথাকে তেন্তে তেওঁ কি কৰিব ? তেখেতে ক’লে তেওঁৰ সংগী মহিলাৰ অতিৰিক্ত কােপাৰেৰে আবৃত হৈ যাব। আবু দাউদ শৰীফৰ ১১৩৯ নং হাদীছতো অনুৰূপভাৱে কোৱা হৈছে– হযৰত আবুল-ওৱালীদ আত-তায়ালিসী ও মুসলিম (ৰঃ)…. উম্মে আতিয়্যা (ৰাঃ)ৰ পৰা বৰ্ণিত,। তেখেতে কৈছে, মহানবী (ছঃ) মদিনালৈ আহি আনছাৰসকলৰ নাৰীসকলক এঘৰত একত্ৰিত কৰে।

তাৰ পিছত তেখেতে হযৰত ওমৰ ইবনুল খাত্তাব (ৰাঃ)ক আমাৰ ওচৰলৈ পঠায়। তেখেতে ঘৰৰ দৰ্জাৰ ওচৰলৈ আহি আমাক ছালাম দিয়াত আমি তাৰ উত্তৰ দিওঁ। তাৰ পিছত তেখেতে ক’লে, মই ৰছূল (ছাঃ)ৰ দূত হিচােপ তোমালোকৰ ওচৰত উপস্থিত হৈছোঁ। তেখেতে আমাক ঈদৰ নামাজত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে আৰু ঋতুমতী ও বিবাহযোগ্যা কিশোৰীসকলকো তাত উপস্থিত হ’বলৈ কয়…..।

আনহাতে তিৰমিযী শৰীফৰ ৫৩৯ নং হাদিছতো কোৱা হৈছে–হযৰত উম্মু আতিয়া (ৰাঃ)ৰ পৰা বৰ্ণিত যে, তেওঁ কৈছেঃ মহানবী (ছঃ)এ বালিকা, তৰুণী, গৃহিনী, যুৱতী সকলো মহিলাকেই ঈদৰ নামাজলৈ যাবলৈ কৈছিল। অৱশ্যে ৰজস্বলা মহিলাসকল নামাজ স্থলীৰ পৰা দূৰত অৱস্থান কৰিছিল।

তেওঁলোকে কেৱল মুছলিমসকলৰ সৈতে দোৱাত চামিল হৈছিল। সহী মুসলিমৰ ১৯৪১ নং হাদিছত বৰ্ণিত–আমৰ আন নাকিদ (ৰহঃ)….. উম্মু আতিয়া (ৰাযিঃ)ৰ পৰা বৰ্ণিত। তেওঁ কৈছে, আমাক ৰছূল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে আদেশ কৰিছে। আমি যাতে মহিলাসকলক ঈদ-উল-ফিতৰ ও ঈদ-উল আযহালৈ প্ৰাপ্তবয়স্কা, ঋতুমতী ও গৃহিনী সকলোকে উলিয়াই পঠিয়াই দিওঁ।

অৱশ্যে ঋতুমতী মহিলাসকল ছালাত (নামাজ)ৰ পৰা বিৰত থাকিব। অন্যান্য পুণ্যৰ কাম ও মুছলিমসকলৰ দোৱাত অংশ ল’ব। মই ক’লোঃ হে আল্লাহৰ ৰছূলহ্ল আমাৰ কোনো কোনোৰ চাদৰ-ওৰণা নাই। ৰছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে, তাৰ বােব ভনীয়েকে তেওঁক নিজৰ চাদৰ বা ওৰণা পৰিধান কৰাই দিব।

ধৰ্মীয় উপাসনাৰ ক্ষেত্ৰত মুছলিম নাৰীক ইছলামী নীতিমালাই এনেবাৰ অধিকাৰ বা স্বাধীনতা দিয়াৰ প্ৰমাণ বা দলিল থকাৰ পিছতো কি কাৰণত সাম্প্ৰতিক একাংশ মোল্লাতান্ত্ৰিক মুছলিম সমাজ ব্যৱস্থাই নাৰীসকলক এই উপাসনাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে; তাক বুজি পোৱা টান। কেৱল যে ঈদৰ নামাজৰ ক্ষেত্ৰতেই নাৰীসকল এনে বৈষম্যৰ বলি হৈছে তেনে নহয়; অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আদি ক্ষেত্ৰতো মুছলিম নাৰীসকল আৱহমান কালৰ পৰাই বঞ্চিত হৈ আহিছে।

উদাহৰণ স্বৰূেপ অতদিনে চলি থকা একেলগে তিনি তালাক ব্যৱস্থা, বিবাহৰ সময়ত কইনাক দেলমোহৰ দিয়াৰ পৰিৱৰ্তে দৰাই কইনা পক্ষৰ পৰা যৌতুক লোৱা, কন্যা সন্তানক পিতৃক সম্পূৰ্ণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, ছোৱালীৰ সন্মতি অবিহনে তথা উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰাকৈ বিয়া দিয়া আদি ক্ষেত্ৰত ধৰ্মীয় নিষেধাজ্ঞা থকা সত্ত্বেও মুছলিম সমাজত উপৰি উক্ত কু-প্ৰথােবাৰ প্ৰচলিত হৈ আছে।

এনেেবাৰ কু-প্ৰথা প্ৰচলনৰ অন্তৰ্নিহিত কাৰণেবাৰ ফঁহিয়াই চালে দেখা যায় যে–ভাৰতীয় মুছলিম সমাজৰ অধিকসংখ্যক আলেম-উলেমাই কোৰআণ আৰু হাদিছৰ শিক্ষা কেৱল মাদ্ৰাছাত পঢ়া ছাত্ৰ-ছাত্ৰীৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰে; সাধাৰণ শিক্ষিত লোকে কোৰআণ আৰু হাদিছ গ্ৰন্থসমূহ বিশ্লেষণাত্মকভাৱে অধ্যয়ন কৰিব নাপায় বুলি তেওঁলোকে প্ৰায়ে ফতোৱা দি থাকে।

ফলত কোৰআণ-হাদীছৰ নিৰ্দেশনা বা নীতিমালােবাৰৰ পৰা বহু যোজন দূৰত্বত অৱস্থান কৰে সাধাৰণ শিক্ষিত লোকসকল। তেনে সুযোগতে নিজা স্বাৰ্থ সিদ্ধিৰ লক্ষ্যৰে একাংশ মোল্লাই ধৰ্মৰ প্ৰকৃত নীতিমালা এন্ধাৰত ৰাখি ধৰ্মৰ নামত কু-প্ৰথােবাৰ সমাজত প্ৰচলন কৰে।

লেখকঃ ১/২ নং লাৰকুছি জামে মছজিদৰ ইমাম
ফোনঃ ৬০০২০৩২৭৫৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here