Home অসম ত্যাগৰ উৎসৱ কোৰবানী ঈদ

ত্যাগৰ উৎসৱ কোৰবানী ঈদ

88
0

ছাদিকুজ জামান

মজানৰ শেষত ঈদ উল ফিতৰৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকে জিল হজ্ব মাহৰ ১০ তাৰিখৰ পৰা তিনিদিনলৈ বিশ্বজুৰি ঈদ উল আজ্বহা উদ্যাপন কৰে। সাধাৰণতে ঈদ বুলি কলে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ আনন্দৰ সীমা নাই। সন্দেশৰ পৰা চেৱৈলৈ, নতুন কাপোৰৰ পৰা সুগন্ধি-আতৰলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ বুলি কেৱল ব্যস্ততা। বৰ্ষটোৰ প্ৰথমটো ঈদৰ পিছতে দ্বিতীয় ঈদৰ ব্যস্ততা কিছু পৃথক।

অৱশ্যে দুয়োটা ঈদৰ উদ্দেশ্যে একে হ’লেও উদ্যাপনৰ দিশটো সুকীয়া। ইছলাম ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম ঈদ উল আজ্বহা। এই উৎসৱক বকৰ-ঈদ বা কোৰবাণী ঈদ বুলিও কোৱা হয়। ঈদ-উল-আজ্বহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিমসকলে তেওঁলোকৰ সাধ্য অনুসৰি ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী আদি জবেহ কৰি আল্লাহৰ নামত উচৰ্গা কৰে অৰ্থাৎ কোৰবাণী দিয়ে।

আল্লাহ পাকৰ মনোনীত ইছলামৰ নবী হজৰত ইব্ৰাহীম (আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিছিল। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম (আঃ) ৰ আটাইতকৈ প্ৰিয় মৰমৰ পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল।”

ঈদৰ দিনাৰ মুল বৈশিষ্ট্য যে পৰিয়াল, আত্মীয় স্বজন, বন্ধু-বান্ধৱৰ একেলগে মিলন আৰু খাদ্য গ্ৰহণ। নতুন কাপোৰ পিন্ধন। ঈদৰ উপহাৰ বিতৰণ। দুখীয়াসকলক জাকাতৰ নামত খাদ্য, বস্ত্ৰ, অৰ্থ আৰু মাংস বিতৰণেৰে সহায় কৰা। ইয়াৰ উপৰিও এই ঈদত মানিবলগা কথা- সমূহীয়া ঈদৰ নামাজ পঢ়া। তাৰ পাছত ভেড়া ছাগলী, ছাগলী, গৰু, মহ, উট আদিৰ কোৰবাণী দিয়া, এই জন্তুৰ এক তৃতীয়াংশ মাংস ওচৰ-চুবুৰীয়াক বিতৰণ কৰা, এক তৃতীয়াংশ বা তাতোকৈ বেছি দুখীয়া-নিচলাক বিতৰণ ইত্যাদি ধৰ্মীয় বিধান। এয়া পৰম্পৰাগত ভাৱে চলি আহিছে।

কোৰাণনত বৰ্ণনা অনুযায়ী, আল্লাহ পাকৰ মনোনীত ইছলামৰ নবী হজৰত ইব্ৰাহীম (আঃ)ক সপোনত তেওঁৰ আটাইতকৈ প্ৰিয় বস্তু কোৰবাণী কৰাৰ নিৰ্দেশ দিছিল। এই আদেশ অনুযায়ী হজৰত ইব্ৰাহীম (আঃ) ৰ আটাইতকৈ প্ৰিয় মৰমৰ পু্ত্ৰ ইছমাইলক কোৰবাণ কৰাৰ বাবে ইংগিত কৰা হৈছিল। পাছত তেওঁ আল্লাহৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হোৱাত আল্লাহে তেওঁক তেনে কৰিবলৈ বাধা দিয়ে আৰু পুত্ৰৰ পৰিৱৰ্ত্তে পশু কুৰবাণীৰ নিৰ্দেশ দিয়ে।

এই ঘটনাক স্মৰণ কৰি গোটেই বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে ।আৰবী হিজৰী বৰ্ষপঞ্জী হিচাপে জিলহজ্জ্ব মাহৰ ১০ তাৰিখৰ পৰা আৰম্ভ কৰি ১২ তাৰিখলৈ ৩ দিন ধৰি ঈদ-উল-আজ্বহা পালন কৰা হয়। হিজৰী চন্দ্ৰ মাহৰ গণনা অনুযায়ী ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজ্বহা মাজত ২ মাহ ১০ দিনৰ ব্যৱধান থাকে।

দিনৰ হিচাপত সৰ্বোচ্চ ৭০ দিন হব পাৰে। গতিকে কোৰবানী ঈদ হৈছে মূলত এগৰাকী ধাৰ্মিক মুচলমানৰ বাবে এক পৰীক্ষা সদৃশ। কিয়নো আল্লাহ পাকৰ নামত জন্তু উচৰ্গা কৰাৰ অৰ্থ কেৱল এইটো নহয় যে কেৱল মাংস ভক্ষণ কৰা, ই হ’ল এগৰাকী মুছলমানৰ অন্তৰত আপোন প্ৰতিপালক প্ৰতি থকা আনুগত্যৰ নমুনা ডাঙি ধৰা।

সেয়েহে পৱিত্ৰ ক্বুৰআন শ্বৰীফত নিষ্ঠাৰে সৈতে খালিচ নিয়তে (বিশুদ্ধ অন্তৰে) কোৰবানী কৰাৰ হুকুম কৰা হৈছে। যদিহে আমি বিশুদ্ধ অন্তৰেৰে একমাত্ৰ আল্লাহৰ নৈকত্য লাভৰ উদ্দেশ্য কোৰবানী কৰো তেতিয়া আমি নিশ্চিত ভাৱে ইয়াৰ প্ৰতিদান লাভ কৰিবলৈ সক্ষম হ’ম। আৰু যদি তাৰ পৰিৱৰ্ত্তে কেৱল মানুহক দেখুৱাবলৈ বা মাংস খাবলৈ কোৰবানী কৰো তেতিয়াহ’লে সেই কোৰবানী পৰা আমাৰ কোনো পুন্য হাচিল নহ’ব বৰঞ্চ মাংস খোৱাহে হ’ব। গতিকে ধৰ্মীয় নিয়মানুযায়ী কোৰবানী কৰাৰ বাবে আমি সকলোৱে আগবাঢ়ি যোৱা উচিত।

ফোনঃ ৯৬৭৮০১৫০১৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here