Home Breaking মাচুল বাঢ়িল চিবিএছই ব’ৰ্ডৰ পৰীক্ষাৰঃ অনুসূচীত জাতি আৰু জনজাতিৰ ২৩ গুণ আৰু...

মাচুল বাঢ়িল চিবিএছই ব’ৰ্ডৰ পৰীক্ষাৰঃ অনুসূচীত জাতি আৰু জনজাতিৰ ২৩ গুণ আৰু সাধাৰণ জাতিৰ বাঢ়িল এগুণ

45
1

পূৰ্বৰ মাচুল ৫০ টকাৰ পৰা ১২০০ টকা আৰু ৭৫০ টকাৰ পৰা ১৫০০ টকাঃ বিভিন্ন মহলত অসন্তুষ্টি

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্ক, নতুন দিল্লীঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে আগন্তুক বৰ্ষত অনুষ্ঠিত হ’ব লগা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে। ফলত দেশৰ বিভিন্ন স্থানত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে পূৰ্বে অনুসূচীত জাতি আৰু জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাৰ মাচুল আছিল মাত্ৰ ৫০ টকা। কিন্তু এতিয়াৰ পৰা তেওঁলোকে বহন কৰিব লাগিব ১২০০ টকা। আনহাতে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে পৰীক্ষা মাচুল আদায় দিছিল ৭৫০ টকা।

এতিয়াৰ পৰা এই নিৰীক্ষ ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ বাৰ্ষিক মাচুল বৃদ্ধিৰ জাননী জাৰি কৰা হৈছিল। পূৰ্বে দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঁচটা বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে মাচুল দিব লাগিছিল ৫ হেজাৰ টকা। বৰ্তমান এই মাচুল দুগুণলৈ বৃদ্ধি কৰি ১০ হেজাৰ টকা কৰা হৈছে। আনহাতে যদিহে ৫ টা বিষয়ৰ অধিক হয় তেনেহ’লে অতিৰিক্ত বিষয়টোৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ২০০০ টকাকৈ আদায় দিব লাগিব।

এনেকৈয়ে চিবিএছইৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীৰ মাচুল বৃদ্ধি কৰা কাৰ্যই স্বাভাৱিকতে অভিভাৱকসকলক বিমোৰত পেলাইছে আৰু গোটেই দেশতে এই বিষয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here