Home Breaking ঈদৰ আগদিনাই মৰ্মান্তিক পথ দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত স্বামী-স্ত্ৰীঃ গুৰতৰভাৱে আহত নাবালক পুত্ৰ

ঈদৰ আগদিনাই মৰ্মান্তিক পথ দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত স্বামী-স্ত্ৰীঃ গুৰতৰভাৱে আহত নাবালক পুত্ৰ

49
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, বাইহাটা চাৰিআলিঃ ঈদৰ আগদিনাই পথ দুৰ্ঘটনাত মৃত্যু হয় স্বামী- স্ত্ৰীৰ। প্ৰাপ্ত খবৰ মতে, গুৱাহাটীৰ আজাৰাৰ পৰা ২নং ধুহি অৰ্থাৎ গৃহ অভিমুখে আহি থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত দেউদুৱাৰত এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এএছ-০১ ই ডি-৮৩০১ নম্বৰৰ বাইক আৰোহী শিশুসহ স্বামী-স্ত্ৰী গুৰুতৰভাৱে আহত হয়।

গুৰুতৰভাৱে আহত বাইক আৰোহীত্ৰয়ক স্থানীয় ৰাইজৰ সহযোগত নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যদিও জানিব পৰা
মতে ২নং ধুহিৰ গাঁৱৰ নুৰ মহম্মদ আলী (৩০) জিলিমা বেগম (২৬) ঘটনাস্থলীতে মৃত্যু হয় আৰু ছোহেইল আহমেদ (৭) গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাধীন হৈ আছে। ঈদৰ আগদিনাই এই হৃদয় বিদাৰক ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here