Home অসম আলোকপ্ৰভঞ্জন বঁটা ড০ অমৰজ্যোতি চৌধুৰীলৈ, দৈনন্দিন বাৰ্তা বঁটা তীৰ্থাংক দাস কলিতালৈ, মুখ্যমন্ত্ৰীৰ...

আলোকপ্ৰভঞ্জন বঁটা ড০ অমৰজ্যোতি চৌধুৰীলৈ, দৈনন্দিন বাৰ্তা বঁটা তীৰ্থাংক দাস কলিতালৈ, মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ চেক প্ৰদান কৰিলে দৈনন্দিন বাৰ্তাইঃ দশম বছৰ উপলক্ষে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানলৈ আমন্ত্ৰণ

260
0

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্ক, গুৱাহাটীঃ বিগত ন বছৰ ধৰি অসমৰ সংবাদ সেৱা ক্ষেত্ৰত সৱলতাৰে আত্মপ্ৰকাশ কৰাৰ লগতে ভিৰৰ মাজতো ব্যতিক্ৰম হিচাপে থিয় দি থাকিবলৈ সক্ষম হোৱা ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বাতৰি কাকত সংস্থাটোৱে ৫০,০০১ টকাৰ এখন চেক প্ৰদান কৰে। ইয়াৰ লগতে অহা অক্টোবৰ মাহত দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীগৰাকীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়।

‘আলোকপ্ৰভঞ্জন’ বঁটা ড০ অমৰজ্যোতি চৌধুৰীলৈ

উল্লেখ্য যে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ জৰিয়তে সমাজৰ বৌদ্ধিক, সাংস্কৃতিক তথা সাহিত্য-কলা আদিৰ কৃতবিদ্য লোকক এটা বিশেষ বঁটা প্ৰদান কৰা হয়। ২০১১ চনত প্ৰথমবাৰৰ বাবে এই বঁটা অৰ্থাৎ ‘আলোকপ্ৰভঞ্জন বঁটা’ প্ৰদান কৰা হৈছিল প্ৰথিতযশা কবি নলিনীধৰ ভট্টাচাৰ্যলৈ। আনহাতে এইবাৰ আলোকপ্ৰভঞ্জন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ বৌদ্ধিক আৰু শৈক্ষিক ক্ষেত্ৰত পৰিচিত ব্যক্তি ড০ অমৰজ্যোতি চৌধুৰীলৈ।

সমান্তৰালভাৱে ‘দৈনন্দিন বাৰ্তা’ বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে কেইবাদশক ধৰি দেশ আৰু জাতিৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা বিশিষ্ট সমাজকৰ্মী তীৰ্থাংক দাস কলিতা (শংকৰ দাস)লৈ। ইয়াৰ উপৰিও এই সংবাদ গোষ্ঠীটোৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই অহা ইংৰাজী ভাষাৰ দৈনিক কাকত ‘দ্য আসাম ৰাইজিং’ৰ নাম সম্বলিত উদগণিমূলক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৰাজ্যৰ উদ্যোগ-বাণিজ্য খণ্ডলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায় কৰা একাধিক কৃতবিদ্যলৈ।

‘দৈনন্দিন বাৰ্তা’ বঁটা তীৰ্থাংক দাস কলিতালৈ

এই উপলক্ষে অক্টোবৰ মাহৰ তৃতীয় সপ্তাহত গুৱাহাটীত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হয়। আজি দৈনন্দিন বাৰ্তা গোষ্ঠীৰ হৈ মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত উপস্থিত আছিল দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, সম্পাদক তথা পৰিচালন সঞ্চালক শংকৰ গোহাঁই, জ্যেষ্ঠ সাংবাদিকদ্বয় বৈকুণ্ঠ নাথ গোস্বামী আৰু চন্দ্ৰ কুমাৰ বৰুৱা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here