Home Breaking লংকাত ৰেল ষ্টেচনৰ সন্মুখৰ পিতনিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহঃ তীব্ৰ...

লংকাত ৰেল ষ্টেচনৰ সন্মুখৰ পিতনিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহঃ তীব্ৰ চাঞ্চল্য

114
2

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, লংকাঃ হোজাই জিলাৰ লংকাৰ ৰেল’ ষ্টেচনৰ সম্মুখৰ নলাৰ পিতনিত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত লোকজন লংকাৰ ধৰণীপাৰাৰ গোপাল মণ্ডল বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।

মৃত ব্যক্তি জনৰ বয়স ৪৫ বছৰ। উল্লেখ্য, বিগত দুদিন ধৰি সন্ধানহীন হৈ আছিল লোকজন। ঘৰৰ পৰিয়ালে আত্মীয়ৰ ঘৰৰ লগতে সকলোতে বিচাৰ-খোচাৰ কৰিছিল যদিও লোকজনৰ কোনো শুংসূত্ৰ উলিয়াই পৰা নাছিল। আজি পুৱা নলাৰ পিতনিৰ মাজত স্থানীয়লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰাত চাঞ্চল্যৰ সৃষ্টি হয়।

পিচত পৰিয়ালৰ লোকে খবৰ পোৱাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোত গোপালে পৰিধান কৰা সাজ-পোছাক দেখি লোকজন গোপাল মণ্ডল বুলি চিনাক্ত কৰে। লোকজনৰ হত্যা নে আত্মহত্যা সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।

2 COMMENTS

  1. Hey, you used to write fantastic, but the last several posts have
    been kinda boring? I miss your tremendous writings.
    Past several posts are just a bit out of track!
    come on!

LEAVE A REPLY

Please enter your comment!
Please enter your name here