Home Breaking ধুমুহাত বৰপেটাত বিস্তৰ ক্ষতি

ধুমুহাত বৰপেটাত বিস্তৰ ক্ষতি

46
0

প্ৰদীপ কুমাৰ সৰকাৰ, বৰবালাঃ সোমবাৰে বিয়লি অহা ধুমুহাত বৰপেটা চহৰত বিস্তৰ ক্ষতি সাধন হয় ৷ এই ধুমুহা অহাৰ ফলত চহৰখনৰ কেইবা ঠাইত প্ৰকাণ্ড গছ ভঙাৰ লগতে বহু বাসগৃহৰ টিনপাত উৰুৱাই লৈ যায়। উল্লেখ্য যে, এই ধুমুহাত বৰপেটা সত্ৰৰ কেলীকদম বৃক্ষদালৰ এটা অংশ ভাঙি পৰে ৷

ইপিনে সাংবাদিক নৱজিৎ বায়নৰ গজিয়াৰোডস্থিত বাসগৃহৰ টিনপাত উৰুৱাই নিয়াত বাসগৃহৰ আচবাব-পত্ৰ নষ্ট হৈ পৰে৷ চহৰখনত ধুমুহাত কিমান ক্ষয়-ক্ষতি হ’ল সেয়া এই মুহুৰ্তলৈ স্পষ্ট হোৱা নাই। সম্প্ৰতি বাতৰি যুগুত কৰা পৰলৈ ক্ষয় ক্ষতিৰ খবৰ আহি আছে সেয়ে অধিক ক্ষয় ক্ষতিৰ পৰিমান অধিক হোৱাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here