Home অসম নাচোৰবান্দা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদঃ নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে এশ ঘণ্টীয়া অৱৰোধ...

নাচোৰবান্দা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদঃ নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে এশ ঘণ্টীয়া অৱৰোধ কাৰ্যসূচীঃ হাত দাঙিলে আছু- কৃষক মুক্তিয়ে

147
7

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। ইয়াৰ বিপৰীতে পূৰ্বে আপোচহীন স্থিতি লোৱা কৃষক মুক্তি সংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা নৰম হৈ পৰিছে। উল্লেখ্য যে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এই প্ৰকল্পটোৰ আধৰুৱা নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিছে এনএইছপিচিয়ে।

ধেমাজি জিলাৰ গোগামুখৰ সীমান্তৱৰ্তী স্থানত অৰুণাচলৰ নামনি অংশত নিৰ্মীয়মান এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে। সেয়েহে স্থানীয় প্ৰশাসনৰ সহযোগত দিনে-ৰাতিয়ে প্ৰকল্পৰ কাম চলাই থকা হৈছে। কিন্তু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰকল্পস্থলীলৈ সামগ্ৰী পৰিবহনত বাধা প্ৰদান কৰিছে। লখিমপুৰৰ খেলমাতি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাই দিনে-ৰাতিয়ে পহৰা দিছে যাতে সেই পথেৰে প্ৰকল্পৰ সামগ্ৰী পাৰ হৈ যাব নোৱাৰে।

এশ ঘণ্টীয়া অৱৰোধ কাৰ্যসূচী ঘোষণা কৰি সংগঠনটোৱে চলাই থকা প্ৰতিবাদৰ বাবে শলঠেকত পৰিছে প্ৰশাসন আৰু সংশ্লিষ্ট নিৰ্মাণকাৰী সংস্থা। সেয়েহে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জৰিয়তে অঞ্চলটোত কঠোৰ প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তোলা হৈছে। এক সংঘৰ্ষময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানলৈকে কোনো এটা পক্ষ পিছুৱাই অহা নাই।

ফলত অনাগত সময়ত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাৰ বৃদ্ধি পাইছে। উল্লেখ্য যে সংগঠনটোৱে ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি উক্ত নিৰ্মাণকাৰ্য স্থায়ীভাৱে বাতিল কৰিবলৈ আহবান জনাইছে। আনহাতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে উক্ত নিৰ্মাণ কাৰ্যৰ সম্পৰ্কত ছয়জনীয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা এই প্ৰকল্প নিৰ্মাণ স্থগিত আছে যদিও চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ পৰা নিৰ্মাণ কাৰ্য পুনৰ দ্ৰুত গতিৰে চলাই থকা পৰিলক্ষিত হৈছে।

7 COMMENTS

  1. Woah! I’m really loving the template/theme of this blog.
    It’s simple, yet effective. A lot of times it’s hard to get that “perfect balance”
    between user friendliness and appearance. I must say you have done a amazing job with this.
    In addition, the blog loads super quick for me on Internet explorer.
    Superb Blog!

  2. Have you ever thought about publishing an e-book or
    guest authoring on other websites? I have a blog based on the same subjects you discuss and would love to have you share some stories/information.
    I know my subscribers would enjoy your work. If you’re even remotely interested, feel free to shoot me an email.

  3. Wonderful article! This iis the type of info that should be shared around the
    internet. Shame on the seek engines for now not positioning this
    submit upper! Come on over and seek advice from myy website .
    Thnk you =)

LEAVE A REPLY

Please enter your comment!
Please enter your name here