Home মুখ্য পৃষ্ঠা পিতৃসহ বিজেপিত যোগ দিলে ক্ৰীড়াবিদ ববিতা ফাগতেঃ দেশৰ ক্ৰীড়া ক্ষেত্ৰ ভিতৰুৱা অঞ্চলৰ...

পিতৃসহ বিজেপিত যোগ দিলে ক্ৰীড়াবিদ ববিতা ফাগতেঃ দেশৰ ক্ৰীড়া ক্ষেত্ৰ ভিতৰুৱা অঞ্চলৰ পৰা আহি উজলাই তুলিছিল ববিবা ফাগতে- কিৰেণ ৰিজিজু

68
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ দেশৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত আজি বিজেপিত যোগ দিলে পাঞ্জা খেলুৱৈ ববিতা ফাগত আৰু তেওঁৰ পিতৃ মহাবীৰ সিং ফাগতে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা দলটোৰ মুখ্য কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী সম্পন্ন কৰা হয়।

এই সম্পৰ্কত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীজনে কয় যে দেশৰ ক্ৰীড়া ক্ষেত্ৰত অতি পিছপৰা আৰু ভিতৰুৱা অঞ্চলৰ পৰা আহি উজলাই তুলিছিল ববিবা ফাগতে। এইক্ষেত্ৰত তেওঁৰ পিতৃ মহাবীৰ সিং ফাগতৰ ভূমিকা আৰু প্ৰচেষ্টা সদায় প্ৰশংসনীয় হৈ থাকিব।

আজি দুয়োগৰাকী পিতৃ-কন্যাই বিজেপি দলত যোগদান কৰা কাৰ্যই দেশৰ ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই অহা সেৱাৰ দৰেই ৰাজনৈতিক ক্ষেত্ৰতো সফল হ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰ মাহত হাৰিয়ানাত মহাবীৰ সিং ফাগতে জননায়ক জনতা পাৰ্টিত যোগদান কৰিছিল। কিন্তু তেওঁৰ কন্যা ববিতা আছিল বিজেপি দলৰ প্ৰতি অনুৰক্ত। সেয়েহে দুই পিতৃ-কন্যাই আজি গেৰুৱা দলটোত যোগদান কৰিলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here