Home মুখ্য পৃষ্ঠা আকাশমাৰ্গেৰে পৰিদৰ্শন অজিত দোভালৰঃ জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে ঈদ উদযাপন

আকাশমাৰ্গেৰে পৰিদৰ্শন অজিত দোভালৰঃ জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে ঈদ উদযাপন

38
0
(ফাইল ফটো)

শ্ৰীনগৰঃ ৰাষ্ট্ৰীয় নিৰাপতা উপদেষ্ঠা অজিত দোভালে জম্মু-কাশ্মীৰত ঈদ উদযাপনৰ চৰজমিন অধ্যয়ন কৰে আকাশমাৰ্গেৰে।

কেইবাঘণ্টা ধৰি সমগ্ৰ কাশ্মীৰ ভেলি পৰিদৰ্শন কৰাৰ পিছত কোনো স্থানতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্ভেদ নাপালে। আনহাতে ৰাজ্যখনৰ মুখ্য সচিবেও ব্যক্ত কৰিছে যে ক’তো এটাও গুলী নুফুটাকৈ সমগ্ৰ জম্মু-কাশ্মীৰত ঈদ উদযাপন কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰ দৰেই উলহ-মালহেৰে নিজৰ ৰীতি-নীতি পালন কৰিছে। ইফালে ৰাজ্যখনত চৰকাৰে ঠায়ে ঠায়ে সান্ধ্য আইন সিথিল কৰিছে। আজিৰে পৰা ৰাজহুৱা টেলিফোন ব্যৱস্থা মুকলি কৰি দিয়া হৈছে। চিকিৎসালয়সমূহত শান্তিপূৰ্ণভাৱে চিকিৎসা সেৱা অব্যাহত আছে। আনকি অস্ত্ৰোপচাৰ আদিও সম্পন্ন হৈছে।

একাংশই উৰা বাতৰি বিয়পাব খুজিলেও সেয়া সফল হোৱা নাই। প্ৰাপ্ত তথ্য মতে বাৰামোল্লা জিলাৰ জামা মছজিদত ১০ হেজাৰৰো অধিক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। একেদৰে শ্ৰীনগৰ, চুপিয়ান, অনন্তনাগ, বাদগাম, বন্দীপুৰ আদিতো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ নামাজত অংশ লয় আৰু অন্যান্য ধৰ্মীয় ৰীতি-নীতি পালন কৰে। দীৰ্ঘদিনৰ অন্তত জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে ঈদ উদযাপন কৰা হয় বুলিও স্থানীয় লোকে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা ৫ আগষ্টত দেশৰ সংসদে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰে আৰু ৰাজ্যখন দ্বিখণ্ডিত কৰি নতুনকৈ লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে। এইক্ষেত্ৰত ৰাজনৈতিক কৰ্মীৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাইছে আৰু কোনো স্থানতে যোৱা এসপ্তাহ ধৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাটোৱে চৰকাৰৰ প্ৰতি স্থানীয় ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পোৱাটো প্ৰতিপন্ন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here