Home অসম নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ ড্ৰাগছৰ কৱলত পৰি তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে...

নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ ড্ৰাগছৰ কৱলত পৰি তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে শ শ যুৱকে

57
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ নিষিদ্ধ ড্ৰাগছেই এতিয়া জলন্ত সমস্যা হৈ পৰিছে নগাঁওবাসীৰ বাবে। নগাঁও আৰক্ষীক আংগুষ্ঠ প্ৰদৰ্শন কৰি চহৰখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ অঞ্চলত একাংশ ড্ৰাগছ মাফিয়াই অবাধে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। চহৰখনত নিষিদ্ধ ড্ৰাগছ অতি সূলভ হৈ পৰাত ইয়াৰ কৱলত পৰি যুৱ প্ৰজন্মৰ একাংশই তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰা পৰিলক্ষিত হৈছে। তদুপৰি ড্ৰাগছৰ বাবেই চহৰখনত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপো।

আনহাতে ড্ৰাগছৰ কৱলত পৰি চহৰখনৰ কেইবাজনো যুৱকে ইতিমধ্যেই অকাল মৃত্যুক সাৱটি ল’ব লগীয়া হৈছে। নগাঁও আৰক্ষীয়ে চহৰখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ইতিপূৰ্বে কে’বাজনো কুখ্যাত ড্ৰাগছ মাফিয়া, ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছৰ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছো জব্দ কৰিছে যদিও এই ড্ৰাগছ ব্যৱসায়ক সম্পূৰ্ণৰূপে উৎখাত কৰাত মুঠেই সফল হ’ব পৰা নাই।

ইয়াৰ পৰিপ্ৰেক্ষিতত চহৰখনত ড্ৰাগছৰ ভয়াৱহতাৰ সন্দৰ্ভত সচেতন ৰাইজ অধিক উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। স্মৰ্তব্য যে নগাঁৱত ড্ৰাগছৰ মাফিয়াসকলে ড্ৰাগছৰ সৰবৰাহ আৰু বিক্ৰীৰ ক্ষেত্ৰত একাংশ মহিলাক নিয়োজিত কৰিছে। নগাঁও আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত কেইব গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আজিও পুৱতি নিশা প্ৰায় দুই বজাত নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী আৰক্ষীৰ দলে অভিযান চলাই চহৰখনৰ মৰিকলং বাছ ষ্টেণ্ডৰ সমীপৰ পৰা চাব্বিৰ আহমেদ নামৰ এজন এজন ড্ৰাগছ ব্যৱসায়ীক তেওঁৰ দুই সতীৰ্থ ক্ৰমে বিহাৰী কুমাৰ সাহা আৰু নিজাম হুছেইনকো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে চাব্বিৰৰ ঘৰত তালাচী চলাই ৬৬টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ আৰু ৬৩টা খালি কন্টেনাৰ জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মৰিকলং বাছ ষ্টেণ্ডৰ সন্মুখৰ এটা ঘৰৰ নিবাসী চাব্বিৰ ঘৰত অকলশৰে থাকে। তেওঁৰ মাক-দেউতাক আৰু পৰিয়ালৰ আন লোক অসমৰ বাহিৰত থাকে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চহৰখনৰ সম্ভ্ৰান্ত ঘৰৰ যুৱক চাব্বিৰে নিজা ঘৰখনতে ড্ৰাগছৰ ঘাটি পাতে। তেওঁৰ ঘৰতে গ্ৰাহকে ড্ৰাগছ ক্ৰয় কৰি তাতে সেৱন কৰাৰ সুবিধা আছে। ফলত তেওঁৰ ঘৰলৈ ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ সোঁত বৈছিল। যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈ পৰিছিল। ইয়াতে অতিষ্ঠ হৈ স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক কেই বাবাৰো অভিযোগ দিছিল।

আৰক্ষী সূত্ৰটোৱে আৰু প্ৰকাশ কৰা অনুসৰি, ধৃত ড্ৰাগছ ব্যৱসায়ী চাব্বিৰ এজন ড্ৰাগছ আসক্ত যুৱক। পৰিয়ালৰ লোকে তেওঁক ড্ৰাগছ আসক্তি দূৰীকৰণ কেন্দ্ৰতো ৰাখি চিকিৎসা প্ৰদান কৰিছিল যদিও সুফল নাপালে। উল্লেখ্য যে নগাঁও আৰক্ষীয়ে যোৱা ২২ জুনতো নগাঁও চহৰৰ মৰিকলং বাহবাৰীত এক অভিযান চলাই ৯ কিলোগ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, যোৱা ২২ মে’ৰ দুপৰীয়াও নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই নগাঁও চহৰৰ সমীপবৰ্তী চিলঙনী ভকতগাঁৱৰ পৰা প্ৰায় ৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰি, বিগত কেইবামাহ ধৰি নগাঁও আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত একাংশ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও চহৰখনৰ লগতে ইয়াৰ পাৰ্শৱৰ্তী কেতবোৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা আজিও অব্যাহত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here