Home অসম দেশৰ অলিয়ে গলিয়ে বিয়পি পৰিছে ৰোহিংগিয়াঃ ভুৱা আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড সংগ্ৰহ অবৈধ...

দেশৰ অলিয়ে গলিয়ে বিয়পি পৰিছে ৰোহিংগিয়াঃ ভুৱা আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ড সংগ্ৰহ অবৈধ প্ৰব্ৰজনকাৰীৰ

41
0

ম্যানমাৰৰ পৰা বিতাৰিত হোৱা ৰোহিংগিয়াসকল এতিয়া ভাৰতৰ চাৰিসীমাত প্ৰৱেশ কৰি বিভিন্ন ৰাজ্যত থিতাপি লোৱাৰ বাবে তৎপৰ হৈ পৰিছে। ইয়াৰ বাবে ভুৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড আদি প্ৰস্তুত কৰি দিহিঙে দিপাঙে বিয়পি পৰিছে। উল্লেখ্য যে আজি ই¥ফলৰ বিমান বন্দৰত দিল্লীমুখী বিমানৰ পৰা আটক কৰা হয় ছয়টা অবৈধ ৰোহিংগিয়া। তেওঁলোকে দিল্লীলৈ বিমানেৰে যাবৰ বাবে প্ৰস্তুত হৈছিল। কিন্তু নথি পত্ৰ পৰীক্ষাৰ সময়ত ওলাই পৰে যে তেওঁলোকৰ হাতত থকা নথি সমূহ ভুৱা।

ফলত তালাচী চলাওতে উদ্ধাৰ হোৱা আটাইবোৰ নথিয়ে ভুৱা তথা নকল হিচাপে পৰিগণিত হয়। তেওঁলোকৰ হাতৰ পৰা লাভ কৰা আধাৰ কাৰ্ড, পেন কাৰ্ড আদিৰ ঠিকনা হায়দৰাবাদৰ বুলি দেখুওৱা হৈছে। কিন্তু দীৰ্ঘদিন ধৰি মণিপুৰত বসবাস কৰা বুলিও ব্যক্ত কৰিছে। অথচ হিন্দী বা মণিপুৰী কোনো এটা ভাষাই তেওঁলোকে ক’ব আৰু বুজিব নোৱাৰে। কেৱল উৰ্দু ভাষাতহে তেওঁলোকে ভাৱ বিনিময় কৰিব পাৰে।

ফলস্বৰূপে আটাইকেইজনক জেৰা কৰি প্ৰকৃত তথ্য পোহৰলৈ আহে। কেৱল এই ছয়টা ৰোহিংগিয়াই নহয় বিভিন্ন ভুৱা নথি পত্ৰৰে দেশৰ বিভিন্ন স্থানত প্ৰৱেশ কৰিছে। অসমতো কৰিমগঞ্জ, শিলচৰ আদিত সঘনে অবৈধ ৰোহিংগিয়া আৰক্ষীৰ হাতত আটক হৈছে যদিও এনেদৰে আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ বিভিন্ন স্থানত কিমানে প্ৰৱেশ কৰিছে আৰু আত্মগোপন কৰিছে তাৰ তথ্য পাবলৈ নাই। এনেকৈয়ে দেশৰ বিভিন্ন স্থানত এতিয়া ম্যানমাৰৰ পৰা পলাই অহা ৰোহিংগিয়াই ভুৱা পৰিচয়ৰে প্ৰৱেশ কৰি থকা কাৰ্য পোহৰলৈ আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here