Home অসম বিশ্ব হাতী দিৱসত এলাগী হ’ল ভাৰতৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত বয়স্ক পোহনীয়া হাতী...

বিশ্ব হাতী দিৱসত এলাগী হ’ল ভাৰতৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত বয়স্ক পোহনীয়া হাতী বিজুলী প্ৰসাদ

42
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, বিশ্বনাথ চাৰিআলিঃ শতক গৰকিবলৈ ওলোৱা বিজুলী প্ৰসাদৰ বৰ্তমান বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচাত। বিগত বৰ্ষলৈকে বৰগাং ৰঙাগড় চাহ বাগিচাৰ দায়িত্ব আছিল যদিও বিশেষ কাৰণত বিজুলী প্ৰসাদক বিহালী চাহ বাগিচাৰ কৰ্তৃপক্ষই প্ৰতিপালন কৰিবলৈ দিয়ে। বৰ্তমান বিহালী চাহ বাগিচা কৰ্তৃপক্ষ দায়িত্বতে বিজুলী প্ৰসাদ তথা পোহনীয়া হাতীটো আছে। ব্ৰিটিছ উইলিয়ামচন মেগৰ দিনৰ পৰাই ৰাজ আতিথ্য প্ৰদান কৰি আহিছে পোহনীয়া হাতীটো। জানিব পৰা মতে ভাৰতৰ ভিতৰতে প্ৰাপ্ত বয়স্ক হাতীটো এই হাতীটো।

বিশ্বনাথ বিহালী চাহ বাগিচাৰ লগতে গাঁৱৰখনৰেই অভিভাৱক বিজুলী প্ৰসাদ। সময় কাৰো বাবে ৰৈ নাথাকে এখনি খৰ স্ৰোতা বোৱতি নৈ। অবিৰাম গতিত সময়ে পাখি লগা কাঁড়ৰ সদৃশ গতি কৰে। ঠিক তেনে গতিশীল সময়ৰ সোঁতত এদিন দুদিন কৈ প্ৰায় এটা শতিকা গৰকাৰৰ পথত বিজুলী প্ৰসাদ নামৰ পোহনীয়া হাতীটো। জানিব পৰামতে ইতিমধ্যে, প্ৰায় ৮২ বছৰৰ অধিক গৰকিলে এই বিজুলী প্ৰসাদ নামৰ পোহনীয়া হাতীটোৱে। এক বিশেষ সূত্ৰ প্ৰকাশ, বৰ্তমানত ভাৰতৰ ভিতৰতে প্ৰাপ্ত বয়স্ক বিজুলী প্ৰসাদ। এতিয়া চাহ বাগিচাখনৰ লগতে জিলাখনৰে অভিভাৱক তেনে নহয় ভাৰতবৰ্ষৰয়েই অভিভাৱক বুলি প্ৰকাশ কৰে।

শেঁতা পৰা দুচকুত জিলিকি আছে সাত সাগৰ তেৰ নদী সিপাৰৰ ব্ৰিটিছ আভিজাত্য ব্ৰিটিছসকলৰ মানৱীয় প্ৰেম কৰুণা মাহাত্ম্যৰ গাঁথা। ১৯ শতিকাৰ আৰম্ভণিত ঊপনিৱেশিক শাসন চলাৱলৈ অহা ব্ৰিটিছসকল, উইলিয়ামচন মেগৰ কোম্পানীৰ বগা চাহাৱসকলৰ আছিল বহু অভিজাত্যতা হাতীটো। আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে কোন এই ব্ৰিটিছ সাম্ৰাজ্যৰ স্মৃতিবহনকাৰী বিজুলী কোন। এই হাতীটোৰ নামেই বিজুলী প্ৰসাদ। ইতিমধ্যে বিজুলী প্ৰসাদ এতিয়া শতিকা গৰকাৰ পথত। আজিৰ পৰা প্ৰায় ৮০ বছৰ পূৰ্বে উইলিয়ামচন মেগৰ টি কোম্পানীৱে ক্ৰয় কৰিছিল বিজুলী প্ৰসাদ নামৰ এটি হাতীটো।

যিটো হাতী বৰ্তমান বিহালীৰ বৰগাং চাহ বাগিচাৰ ৰঙাগড়া শাখাত বাগিচা কোম্পানীৰ আভিজাত্যতাৰ প্ৰতীকহৈ প্ৰায় ৮১ বছৰ অধিক কাল কটোৱা পাছত বিগত বৰ্ষৰ পৰা বিজুলী প্ৰসাদে বিহালী চাহ বাগিচাত লাভ কৰিছে বগা চাহাবৰ ৰাজ আতিথ্য। কোম্পানীটোৱে ঐতিহ্যবহনকাৰী গৌৰৱ বিজুলী প্ৰসাদক পৰিচৰ্যা কৰাৰ বাবে নিয়োগ কৰিছে কেইবাজনো কৰ্মচাৰী এজন নিয়মীয়া মাউট। ইফালে খাদ্যৰ বাবদ বিজুলীক প্ৰতিদিনে ২৫ কেজি অধিক চাউল, গোমধান, বুট আৰু সপ্তাহে সপ্তাহে কেইবাগিৰ ট্ৰেক্টৰ কলগছ। আনহাতে বিগত ৰঙাগড় চাহ বাগিচাত থকা অৱস্থাত প্ৰতি মাহৰ ১ তাৰিখে শাৰীৰিক ওজন পৰীক্ষা, নিয়মিত চলে এই স্বাস্থ্য পৰীক্ষা কৰি আহিছিল যদিও পূৰ্বৰ তুলনাত অতি কমকৈ সা সুবিধা লাভ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে ।

ইফালে সমগ্ৰ ভাৰতৰ ভিতৰতে পোহনীয়া হাতীৰ ভিতৰত বিজুলী প্ৰসাদে লাভ কৰিছে বয়স্ক হাতীৰ প্ৰথম খিতাপ লাভ কৰা বুলি প্ৰকাশ কৰে ভাৰতৰ হস্তী বিশেষজ্ঞ্য ড০ কুশল কোঁৱৰ শৰ্মাই। আনহাতে ড০ কুশলে প্ৰকাশ কৰে পূৰ্বে পোহনীয়া হাতীৰ ক্ষেত্ৰত প্ৰথম বয়স্ক হাতীটো আছিল চামুণ্ডী প্ৰসাদ আছিল কৰ্ণাটকৰ প্ৰখ্যাত মৈছুৰ পেলেচত আৰু তাপৰ্যপূৰ্ণভাৱে ৮০ বছৰ বয়সত চামুণ্ডীৰ মৃত্যুৰ পাছতে বিজুলী প্ৰসাদে লাভ কৰিলে প্ৰথমটো জীৱিত পোহনীয়া হাতীৰ খিতাপ। কিন্তু সমগ্ৰ ৰাজ্যবাসীৰ গৌৰৱ প্ৰথম স্থানপ্ৰাপ্ত বয়স্ক হাতী বিজুলী প্ৰসাদ আছে বৰ্তমান বিহালীৰ চাহ বাগিচাত। অতি গুৰুত্বপূৰ্ণ যে যি সময়ত ৰাজ্যত দিনে দিনে খোদ অসমীয়াৰ হাতত হস্তী হত্যা যজ্ঞ চলিছে আৰু হস্তী মানৱৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে সেই সময়তে বিহালীৰ চাহ বাগিচাই বিজুলী প্ৰসাদক উইলিয়ামচন মেগৰ কোম্পানীৰ কলিকতাস্থিত কাৰ্যালয়ে যি লানলপান কৰিছে সেয়া সঁচাকৈয়ে প্ৰসংশানীয়। আন সূত্ৰ প্ৰকাশ বিজুলীৰ নামকৰণো ব্ৰিটিছ অলিভাৰ চাহাবেই কৰিছিল বুলি বাগিচাখনৰ একাংশ লোকে প্ৰকাশ কৰে।

দুৰ্ভাগ্যজনক কথাটো হ’ল ইমান লৈকে থিকেই আছিল যদিও আজি বিশ্ব হাতী দিৱসত ভাৰতবৰ্ষৰ আটাইতকৈ বয়স্ক হাতী বিজুলী প্ৰসাদক আজি কোনো মনত নেপেলালে। নাই যে নাই বাগিচাখনৰ কৰ্তৃপক্ষ কি জিলাখনৰ বন বিভাগ কোনো মন নেপেলালে। আজি এই পবিত্ৰ দিনতো বিজুলীক মনত নেপেলোৱা ঘটনাই সচেতন মহলক চকু কপালত তুলিছে।

আনহাতে যি লেটেৰা পৰিৱেশ ত হাতীটো ৰাখিছে বাগিচাখনৰ কৰ্তৃপক্ষই তাক সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এতিয়া প্ৰশ্ন হয় এলাগী হৈছে নেকি বিজুলী পূৰ্বৰ দৰে যি সা-সুবিধা, মৰম পাব লাগে পোৱা নাই নেকি তাক লৈ এতিয়া বহুজনৰ মুখত অনেক প্ৰশ্ন। এই ক্ষেত্ৰত অসম চৰকাৰৰ বিয়াগোম বন বিভাগটো সময় হ’ব নে বিজুলী খবৰ ল’বলৈ সেই স্পষ্ট হ’ব সময়ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here