Home Breaking সীমান্তত পৰম্পৰা ভংগঃ মিঠাই বিনিময় নহ’ল আট্টাৰী-আগাহৰ সুৰক্ষা বাহিনীৰ

সীমান্তত পৰম্পৰা ভংগঃ মিঠাই বিনিময় নহ’ল আট্টাৰী-আগাহৰ সুৰক্ষা বাহিনীৰ

34
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ পৰম্পৰা ভংগ হ’ল। অহেতুক কাৰণত বন্বুূত্বৰ বান্ধোনত কেনা লাগিল। এইবাৰ ঈদ উপলক্ষে আট্টাৰী-আগা সীমান্তৰ সুৰক্ষা কৰ্মীয়ে পৰস্পৰৰ মাজত বিনিময় নকৰিলে মিঠাই আৰু শুভেচ্ছা। উল্লেখ্য যে এই সীমান্তয়েদি দুয়োখন দেশৰ মাজত বৈধভাৱে পাৰাপাৰ হোৱাৰ সুযোগ আছে।

সেয়েহে দুয়োখন দেশৰ সীমান্ত কৰ্মীয়ে দেৱালী-ঈদ আৰু স্বাধীনতা দিৱসৰ দৰে গুৰুত্বপূৰ্ণ দিনত পৰস্পৰৰ মাজত মিঠাই বিনিময় কৰে। এইবাৰো ঈদ উপলক্ষে দুয়োদেশৰ নিৰাপত্তাৰক্ষীৰ মাজত মিঠাই বিনিময় হোৱাৰ সম্ভাৱনা আছিল। কিন্তু কালি সন্ধিয়া হঠাতে এক পত্ৰৰ জৰিয়তে বিষয়টো বিষাদলৈ পৰিণত কৰিলে।

এই পত্ৰত কোৱা হ’ল যে পাকিস্তানলৈ কোনো ধৰণৰ মিঠাই প্ৰেৰণ কৰা নহয় কাৰণ সেই দেশখনে মিঠাই গ্ৰহণ নকৰে বুলি সীমান্তৰ বিষয়াক অৱগত কৰিছে। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সংবিধানৰ ৩৭০ অনুেচ্ছদ বাতিল কৰাৰ পিছতে পাকিস্তানে অনাহকত আতংকিত হৈছে আৰু যাৰ বাবে দীৰ্ঘদিনৰ পৰম্পৰা ভংগ কৰি ঈদৰ দিনটোত মিঠাই আৰু শুভেচ্ছা বিনময় কৰাৰ পৰা বিৰত থাকিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here