Home মুখ্য পৃষ্ঠা ২০ আগষ্টত পৰিভ্ৰমণ, ৭ ছেপ্টেম্বৰত অৱতৰণঃ ক্ৰমাৎ চন্দ্ৰপৃষ্ঠৰ কাষলৈ গতি কৰিছে চন্দ্ৰযান-২

২০ আগষ্টত পৰিভ্ৰমণ, ৭ ছেপ্টেম্বৰত অৱতৰণঃ ক্ৰমাৎ চন্দ্ৰপৃষ্ঠৰ কাষলৈ গতি কৰিছে চন্দ্ৰযান-২

31
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ ক্ৰমাৎ চন্দ্ৰপৃষ্ঠৰ কাষ চাপি গৈছে চন্দ্ৰযান-২। অহা ১৪ আগষ্টৰ পৰা পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ নিচেই কাষত উপনীত হ’বলৈ চন্দ্ৰযান-২। ইয়াৰ পিছত ২০ আগষ্টত চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ সক্ষম হ’ব।

আনহাতে ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিব ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰি যোৱা ২২ আগষ্টত মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-২ এ। এই সম্পৰ্কত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ কে চিভানে ব্যক্ত কৰে যে আশা কৰা ধৰণেই চন্দ্ৰযান-২ ৰ পৰা তেওঁলোকে সঁহাৰি আৰু সফলতা লাভ কৰিছে। ইয়াৰ পিছত তিনিটা পষেকৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব আৰু আগন্তুক এবছৰলৈ চন্দ্ৰৰ বিভিন্ন বিষয়ত বৈজ্ঞানিক অনুসন্ধান আৰু তথ্য সংগ্ৰহত চন্দ্ৰযান-২ য়ে ইছৰোক সহায় কৰি যাব।

অধ্যক্ষজনে প্ৰকাশ কৰা মতে ১৪ আগষ্টৰ ডোকমোকালিতে প্ৰায় ৩.৩০ বজাত চন্দ্ৰযান-২ নিচেই কাষ চাপি যাব চন্দ্ৰপৃষ্ঠৰ। তেতিয়াৰ পৰাই পৃথিৱীৰ সংযোগৰ বাহিৰলৈ গৈ চন্দ্ৰৰ চৌদিশে পৰিভ্ৰমণ কৰিব। উল্লেখ্য যে যোৱা ২২ জুলাইত প্ৰেৰণ কৰা এই চন্দ্ৰযান-২ সফলতাৰ বাবে ভাৰতৰ নাম বিশ্বৰ চতুৰ্থখন সফল মহাকাশ অভিযানকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছতে তালিকাত স্থান পাইছে ভাৰতে। এই অভিযান সফল হ’লে পুনৰ ১৪৬ মিলিয়ন আমেৰিকান দলাৰৰ এক বৃহৎ পুঁজি ইছৰোৱে লাভ কৰিব আৰু ইয়াৰ দ্বাৰা চন্দ্ৰৰ দক্ষিণ অংশত অৱস্থিত জলবায়ু তথা পানীৰ অৱস্থিতিৰ বিষয়ে সুকীয়াকৈ অধ্যয়নৰ সুযোগ পাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here