Home অসম মন্দিয়া-জনিয়াত ঈদ উজ আজহা পালন

মন্দিয়া-জনিয়াত ঈদ উজ আজহা পালন

31
0

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰবালাঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া অঞ্চলতো ত্যাগ আৰু ভাতৃত্বৰ উৎসৱ ঈদ উজ আজহা উলহ-মালহেৰে পালন কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ মন্দিয়া জামে মছজিদ প্ৰাংগণ, বামুণ দংৰা, দিঘীৰপাম, সত্ৰকনৰা, আগমন্দিয়া, বাঘবৰ, ভাতকুছি, কপোহা আদি ঠাইৰ ঈদগাহ ময়দান সমূহত ইছলাম ধৰ্মী লোকসকলে ঈদ উজ জোহা উপলক্ষে সমূহীয়া নামাজ আদায় কৰে। জনিয়াৰো বিভিন্ন ইদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰি পৱিত্ৰ ঈদ উদ জোহা পালন কৰা হয় হয়। উল্লেখ্য যে বৃহত্তৰ মন্দিয়া অঞ্চলটোৰ কপোহা ঈদগাহ ময়দানত মৌলানা ছাইফুল ইছলামৰ ইমামতীত ঈদৰ সমূহীয়া নামাজ আদায় কৰাৰ লগতে নামাজৰ অন্তত ইজনে সিজনক আলিঙ্গন কৰি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here