Home মুখ্য পৃষ্ঠা মাত্ৰ ৭ হেজাৰ টকাতে গুৱাহাটী-বেংকক ভ্ৰমণঃ আৰম্ভ হ’ব পোনপটীয়া থাই বিমান সেৱা

মাত্ৰ ৭ হেজাৰ টকাতে গুৱাহাটী-বেংকক ভ্ৰমণঃ আৰম্ভ হ’ব পোনপটীয়া থাই বিমান সেৱা

89
0
High detailed 3d render

নতুন দিল্লীঃ থাইলেণ্ড চৰকাৰৰ ৰাজসাহায্যযুক্ত বিমান সেৱা বেংককৰ পৰা ২৫ টা বৈদেশিক বিমান বন্দৰলৈ প্ৰৱৰ্তন হৈছে। এইবাৰ এই তালিকাত সংযোজন হৈছে গুৱাহাটীৰ নাম। লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰৰ পৰা সপ্তাহত দুবাৰকৈ গুৱাহাটী-বেংকক পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব অহা ২২ ছেপ্টেম্বৰৰ পৰা। আকৰ্ষণীয় এই বিমান সেৱাৰ বাবে ভাৰা নিৰীখ মাত্ৰ ৬৯৯৯ টকা।

এই ভাৰাৰ সৈতে সংলগ্ন হৈ আছে ভ্ৰমণৰ সময়ত প্ৰয়োজনীয় খাদ্য আৰু ২০ কেজি ওজনলৈকে বেগৰ বিনামূলীয়া সেৱা। উল্লেখ্য যে ডি ডি ৪১১৭ আৰু ডি ডি ৪১১৬ নামৰ দুখন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই দুয়োখন চহৰৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰিব।

ইয়াৰ প্ৰথমখন বিমানে গুৱাহাটীৰ পৰা মাজৰাতি ১.৪০ বজাত উৰা মাৰিব আৰু থাইলেণ্ডৰ বেংকক বন্দৰত অবতৰণ কৰিব পিছদিনা পুৱা ৬ বজাত। আনহাতে বেংককৰ পৰা মাজনিশা ২৩.৩০ বজাত গুৱাহাটী অভিমুখে উৰা মাৰিব আৰু পিছদিনা মাজনিশা ১২.৪০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব। প্ৰতি সপ্তাহত দুবাৰকৈ অৰ্থাৎ বৃহস্পতিবাৰ আৰু দেওবাৰে পোনপটীয়াকৈ এই উৰণ অব্যাহত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here