Home মুখ্য পৃষ্ঠা নগাঁও জিলা অগপৰ সিদ্ধান্ত – অকলেই খেলিব পঞ্চায়ত নিৰ্বাচন

নগাঁও জিলা অগপৰ সিদ্ধান্ত – অকলেই খেলিব পঞ্চায়ত নিৰ্বাচন

214
0

## নগাঁও জিলা অগপৰ সিদ্ধান্ত – অকলেই খেলিব পঞ্চায়ত নিৰ্বাচন ## :: কংগ্ৰেছ ,এ আই ইউ ডি এফ, বি জে পিৰ দুই শতাধিক অগপত যোগদান ##

দৈনন্দিন বাৰ্তাLIVE@দীপ জ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন,জিলা প্ৰতিনিধি :নগাঁও ২২ নবেম্বৰ –

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো অগপ আৰু বিজেপি দলৰ মাজত সংঘাত অব্যাহত আছে । ৰাজ্যৰ মিত্ৰজোট চৰকাৰৰ অংশীদাৰ বিজেপিক প্ৰত্যাহ্বান জনাই অগপ দলে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে । কালি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত‌ই গুৱাহাটীৰ এক সংবাদ মেলত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অগপ‌ই মিত্ৰজোট ত্যাগ কৰিব বুলি ভাবুকি প্ৰদান কৰাৰ পাছত আজি মহন্তৰ উপস্থিতিত অগপৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদণ্ডিতা কৰাৰ সিদ্ধান্ত‌ গ্ৰহণ কৰা কাৰ্য‌ই বিশেষ তাৎপৰ্য বহন কৰিছে। আজি নগাঁও জিলা অগপৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত জিলা কাৰ্যনিৰ্বাহকৰ সভাই পঞ্চায়ত নিৰ্বাচনত অগপ দলে অকলে প্ৰতিদণ্ডিতা কৰাৰ ঐকমত্য পোষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। এই ক্ষেত্ৰত বিজেপিৰ লগত বুজাবুজি কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে বুলি জিলা কাৰ্যনিৰ্বাহকৰ গৰিষ্ঠ সংখ্যাক সদস্যই মত পোষণ কৰি অভিযোগ কৰে যে – ৰাজ্যৰ মিত্ৰজোটৰ চৰকাৰ চলি থকাৰ সময়তো বিজেপি দলে অগপ কৰ্মীসকলক কোনো গুৰুত্ব দিব বিচৰা নাই। সভাই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে নগাঁও জিলাৰ অগপৰ সংগঠনিক দিশ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। কাৰ্যনিৰ্বাহক সভাৰ পাছতেই অনুষ্ঠিত এক বিশেষ সভাত কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ দুই শতাধিক কৰ্মীৰ লগতে ৰহা আৰু ৰূপহীহাট বিধান সভা সমষ্টিৰ মণ্ডল পৰ্যায়ৰ বিজেপি দলৰ বহু কেইগৰাকীও বিষয় ববীয়াই অগপ দলত যোগদান কৰে। এই সকলক আদৰণি জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত‌ই কয় – অসমৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব আঞ্চলিক দলেহে। সেয়েহে সুৰক্ষিত অসমৰ স্বাৰ্থত আঞ্চলিক দল অগপক তৃনমুল পৰ্যায়ৰ পৰা শক্তিশালী কৰিব লাগিব। সাম্প্ৰতিক সময়ত অগপ দলৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি মহন্তই অগপক শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়। প্ৰসংগ ক্ৰমে মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰাৰ লগতে নাগালীমত অসমৰ এক ইঞ্চি ভূমিও এৰি দিয়া নহব বুলি উল্লেখ কৰি নাগা ফ্ৰেমৱৰ্ক অগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবী জনায়। অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয় – অসম গণ পৰিষদ দলক ৰাইজৰ আস্থা ভাজন কৰি
তুলিব লাগিব। অসমৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত অগপ‌ই কোনো ধৰণৰ আপোচ নকৰে বুলি বৰুৱাই স্পষ্ট কৰি দিয়ে। শেহতীয়া ভাবে অগপত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী শ্বৰিফা বেগমে সভাত অংশ গ্ৰহণ কৰি অসমৰ ৰাইজৰ স্বাৰ্থত অগপ দলক শক্তিশালী কৰিবলৈ আহ্বান জনায়। দলটোৰ জিলা সভাপতি অতুল কুমাৰ মেধীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সাধাৰণ সম্পাদক দ্বয় নিৰঞ্জন বৰা, ইনামুল হককে ধৰি সকলো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here