Home অসম পথৰুঘাটৰ দ্বীগজ নৈত সমূহীয়াকৈ মাছ মাৰিলে কেবা শতাধিক লোকেঃ তাহানীৰ পৰা এই...

পথৰুঘাটৰ দ্বীগজ নৈত সমূহীয়াকৈ মাছ মাৰিলে কেবা শতাধিক লোকেঃ তাহানীৰ পৰা এই পৰম্পৰা অব্যাহত হিন্দু- মুছলমান ৰাইজৰ

85
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, মঙলদৈঃ দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সাক্ষী হৈ থকা দ্বীগজ নৈত সমূহীয়াভাৱে মাছ ধৰি সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। পথৰুঘাট অঞ্চলৰ প্ৰায় ২০খন গাঁৱৰ কেবা শতাধিক পুৰুষ-মহিলা ওলাই আহিল হাতত পল’, জাল-জুলকি লৈ।

সকলোৱে মাছ নাপালেও নাই তেওঁলোকৰ মনত বেজাৰ। পৰম্পৰাগতভাৱে তেওঁলোকে বাৰিষাৰ শেষ সময়ত নৈখনত পানী শুকালেই স্বতস্ফুৰ্টভাৱে ওলাই আহে মাছ মাৰাৰ আনন্দ ল’বলৈ। কোনোৱে পালে যদি দহ কিলো ওজনৰ বৰালি কোনোবাই খালি হাতেৰেই উভতিছে।

অৱশ্যে তাক লৈ নাই তেওঁলোকৰ কোনো খেদ। মাছ ধৰিবলৈ এনেদৰে ওলাই আহিল দেওমৰনৈ, পাতিদৰং, লোজোৰা, কৈকাৰা, পিপিৰাকুছি, আঠকুৰীয়া মেদাহিৰাপাৰা, ৰামৰাইপাৰা, বৰঙ্গাবাৰি, ১ নং চেঙাপাৰা, পাথৰিঘাটকে আদি কৰি প্ৰায় ২০ খন গাঁৱৰ কেবা শতাধিক ডেকা-গাভৰুৰ পৰা ৭০ বছৰীয়া বৃদ্ধালৈকে। প্ৰতি বছৰে মাছমৰিয়াসকলে মেদা দলৰ পৰা নৈখনত মাছ মাৰিবলৈ নামি নৈখনেৰে কেবা কিলো মিটাৰ মাছ মাৰি আহি পথৰুঘাটৰ ডাক বঙলাৰ ওচৰৰ ১৮৯৪ চনৰ পথৰু শেখৰ পাৰ ঘাটত সামৰণি মাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here