Home অসম অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলী হাজৰিকাইঃ সাঁতুৰি পাৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলী হাজৰিকাইঃ সাঁতুৰি পাৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল

34
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, গুৱাহাটীঃ কেতিয়াবা অসংখ্য ডলফিন, হুৱেলছ, ছানফিছ তেওঁৰ সংগী হৈ পৰে। আকৌ কেতিয়াবা বিপজ্জনক ছাৰ্ক মাছৰ বিচৰণভূমিৰ মাজেদি লক্ষ্য অভিমুখে অগ্ৰসৰ। এই যাত্ৰা অসমৰ সুযোগ্য সন্তান সন্তৰণবিদ এলভিছ আলী হাজৰিকাৰ।

ইতিপূৰ্বে কেইবাটাও অভিলেখ গঢ়ি বিশ্বজুৰি অসমৰ নাম উজলাই তোলা সাঁতোৰবিদগৰাকীয়ে আন এক বিৰল অভিলেখ গঢ়িছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিক’ পালেগৈ সন্তৰণবিদগৰাকী। লগে লগে এই অভিলেখৰ গৰাকী হৈছে এলভিছ আলী হাজৰিকা। প্ৰাক্তন আন্তৰ্জাতিক সন্তৰণবিদ ৰিমু সাহাৰ সৈতে ৰিলে সাঁতোৰত এই অভিলেখ ৰচিছে অসমীয়াৰ সাঁতোৰবিদগৰাকীয়ে।

চেনেলৰ মুঠ ৪০ কিলোমিটাৰ দূৰত্ব ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰি পাৰ হৈ এই অভিলেখ গঢ়িলে দুয়ো তাৰকাই। দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান চলাইছিল দুয়ো সাঁতোৰবিদে। তদুপৰি কাৰ্বি আংলঙত প্ৰায় এবছৰ আগে আগে দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা অভি-নীলৰ স্মৰণত এই সফল অভিযান এলভিছ আলী হাজৰিকাৰ। ইফালে কাটালেনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে সাঁতোৰবিদগৰাকীয়ে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here