Home ক্রীড়া-জগত ২০২১ চনৰ টি-২০ বিশ্বকাপলৈ দ্বিতীয় কাৰ্যকালঃ প্ৰশিক্ষক পদত পুনৰ ৰবি শাস্ত্ৰী

২০২১ চনৰ টি-২০ বিশ্বকাপলৈ দ্বিতীয় কাৰ্যকালঃ প্ৰশিক্ষক পদত পুনৰ ৰবি শাস্ত্ৰী

36
0

ডিজিটেল ডেস্ক, মুম্বাইঃ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দ্বিতীয়টো কাৰ্যকাললৈ নিৰ্বাচিত হৈছে ৰবি শাস্ত্ৰী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ তিনিজনীয়া ক্ৰিকেট উপদেষ্টা কমিটীয়ে মুখ্য প্ৰশিক্ষক পদৰ বাবে বাছনি কৰা ছজন প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।

এই সাক্ষাৎকাৰৰ পাছতে ক্ৰিকেট উপদেষ্টা কমিটীৰ অধ্যক্ষ কপিল দেৱে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবী শাস্ত্ৰীকে অপৰিৱৰ্তিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০২১ চনত হ’বলগীয়া টি-২০ বিশ্বকাপলৈ শাস্ত্ৰীৰ কাৰ্যকাল বৃদ্ধি কৰিছে। কপিল দেৱৰ লগতে সাক্ষাৎকাৰ গ্ৰহণ কৰা কমিটীখনত আছিল প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গাইকোৱাড আৰু শান্ত ৰংগস্বামী।

শাস্ত্ৰীৰ লগতে দুই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ লালচন্দ ৰাজপুত আৰু ৰবিন সিং, নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হেছন, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰাক্তন অলৰাউণ্ডাৰ টম মুদী আৰু প্ৰাক্তন কেৰিবিয়ান তাৰকা ফিল চিমনছক লৈ ছজন প্ৰাৰ্থীৰ এখন চুমু তালিকা প্ৰস্তুত কৰিছিল। আজি সাক্ষাৎকাৰৰ পাছত শাস্ত্ৰীকে পুনৰ এবাৰ দলৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য ২০১৭ চনত শাস্ত্ৰীয়ে গ্ৰহণ কৰিছিল টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ। তেওঁ পৰ্যৱেক্ষণত ভাৰতীয় দলে কোনো এখন মেজৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ আজুৰিবলৈ সক্ষম হোৱা নাই যদিও দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্ব ক্ৰিকেটতে আধিপত্য বিস্তাৰ কৰিছে। বিশেষকৈ অধিনায়ক বিৰাট কোহলিৰ সৈতে শাস্ত্ৰীয়ে টীম ইণ্ডিয়াক টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থানত উপনীত কৰোৱায়।

উল্লেখ কৰিব লাগিব যে ভাৰতীয় দলৰ অধিনায়ক কোহলিয়েও শাস্ত্ৰীকে পুনৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰিবলৈ আহবান জনাইছিল। কপিল দেৱ নেতৃত্বাধীন কমিটীখনে কেউগৰাকী প্ৰাৰ্থীৰে সাক্ষাৎকাৰৰ শেষত শাস্ত্ৰীক শীৰ্ষস্থানত ৰখাৰ বিপৰীতে মাইক হেছনক দ্বিতীয় আৰু টম মুদীক তৃতীয় স্থানত ৰাখে। বিগত জুলাইত ইংলেণ্ডত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে শাস্ত্ৰীসহিতে ভাৰতীয় প্ৰশিক্ষণ ষ্টাফৰ কাৰ্যকালো সমাপ্ত হৈছিল।

কিন্তু ভাৰতীয় দলৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সূচীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষণ ষ্টাফৰ কাৰ্যকাল ৪৫ দিনলৈ বৃদ্ধি কৰি দিয়া হয়। শাস্ত্ৰীৰ মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ এবাৰ নিয়োগ কৰাৰ পাছত দলটোৰ বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষকো অচিৰেই নিয়োগ কৰা হ’ব বুলি ব’ৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here