Home অসম ইম্ফলত অনুষ্ঠিত নৰ্থ ইষ্ট জিমনাষ্টিক প্ৰতিযোগিতাত শিৱসাগৰৰ খেলুৱৈৰ চমক

ইম্ফলত অনুষ্ঠিত নৰ্থ ইষ্ট জিমনাষ্টিক প্ৰতিযোগিতাত শিৱসাগৰৰ খেলুৱৈৰ চমক

46
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ক্ৰীড়া প্ৰতিবেদক, শিৱসাগৰঃ অলপতে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট গেমছত আৰষ্টিটিক, এৰ’বিক জিমনাষ্টিক প্ৰতিযোগিতাত শিৱসাগৰলৈ সুখবৰ কঢ়িয়াই আনিলে শপ্তাদু শৰ্মা আৰু অভিৰোপ খঙীয়াই।

প্ৰতিযোগিতালৈ শিৱসাগৰৰ পৰা মুঠ ১৮ গৰাকী প্ৰতিযোগী ৰাওনা হৈছিল। পোন প্ৰথমবাৰৰ বাবে নিমন্ত্ৰণী খেল হিচাপে নৰ্থ ইষ্ট গেমছত সন্নিবিষ্ট হোৱা এৰ’বিক জিমনাষ্টিক প্ৰতিযোগিতাখনত শিৱসাগৰৰ দলটি ১১ গৰাকীকৈ খেলুৱৈয়ে পুৰস্কাৰ অৰ্জন কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে ১০ আৰু ১১ আগষ্টত অনুষ্ঠিত প্ৰতিযোগিতাত ৭ বছৰ বয়সৰ পৰা ১৭ বছৰ পৰ্যন্ত বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। নৰ্থ ইষ্টৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও অন্য ৰাজ্যপ পৰাও বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

উক্ত খেলখনত ১০ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাত নৰ্থ ইষ্টৰ ভিতৰত শপ্তাদু শৰ্মা আৰু অভিৰোপ খঙীয়াই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যত শিৱসাগৰবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী খেলুৱৈ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছে। লগতে উক্ত শিৱসাগৰৰ খেলুৱৈ দলটি মুখ্য প্ৰশিক্ষক কৌস্তৱ কাশ্যপ গগৈলৈও অশেষ ধন্যবাদ জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here