Home ক্রীড়া-জগত প্ৰস্তুতি মেচত জিৰণি দিব পাৰে অধিনায়ক বিৰাটক কোহলিক

প্ৰস্তুতি মেচত জিৰণি দিব পাৰে অধিনায়ক বিৰাটক কোহলিক

29
0

ডিজিটেল ডেস্ক, কুলিডছ (এণ্টিগুৱা): ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সূচীত এতিয়ালৈ অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। প্ৰথমে টি-২০ ত কেৰিবিয়ান দলক হোৱাইটৱাছ, তাৰ পিছত এদিনীয়াত ২-০ ৰ ব্যৱধানত অপৰাজেয়ভাৱে শৃংখলা দখল। সীমিত অভাৰত আধিপত্য বিস্তাৰ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলে দীঘলীয়া ফৰ্মেটটোত ২২ আগষ্টৰ পৰা অভিযান আৰম্ভ কৰিব। দুয়োটা দলৰ মাজত দুখন টেষ্টৰ শৃংখলা অনুষ্ঠিত হ’ব।

ইয়াৰ আগেয়ে কাইলৈৰ পৰা টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজ ব’ৰ্ড একাদশৰ বিৰুদ্ধে তিনিদিনীয়া এখন প্ৰস্তুতি মেচত অৱতীৰ্ণ হ’ব। টীম ইণ্ডিয়াৰ এক সূত্ৰৰ মতে প্ৰস্তুতি মেচখনত দলৰ অধিনায়ক বিৰাট কোহলিক জিৰণি দিয়াৰ সম্ভাৱনা আছে। ৰাণমেচিন হিচাপে বিশ্ব ক্ৰিকেটত খ্যাতি অৰ্জন কৰা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত পুনৰ এবাৰ বেটেৰে চমক দেখুৱায়। প্ৰথম মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱা পাছত বিৰাটে পৰৱৰ্তী দুয়োখন মেচতে দুটা শতকেৰে পুনৰ এবাৰ দলৰ জয়ত মুখ্য নায়কৰ ভূমিকা পালন কৰে।

বুধবাৰে তৃতীয় এদিনীয়াত সোঁহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল বিৰাটে। সেয়ে টীম মেনেজমেেণ্ট তেওঁক জিৰণী দিয়াৰ সিদ্ধান্ত ল’ব পাৰে। ইফালে দললৈ ঘূৰি আহিব টেষ্ট বিশেষজ্ঞ শ্বেতেশ্বৰ পূজাৰাৰ লগতে উপ-অধিনায়ক আজিংক্য ৰাহানে আৰু টীম ইণ্ডিয়াৰ মুখ্য পেচাৰ জশপ্ৰিয় বুমৰাহ। মূল টেষ্ট শৃংখলাটো আৰম্ভ হোৱাৰ আগেয়ে তিনিওজনৰ ওপৰত কাইলৈৰ পৰা হ’বলগীয়া প্ৰস্তুতি মেচত সকলোৰে দৃষ্টি থাকিব। বিশ্বকাপত অভিযান সামৰাৰ পাছত প্ৰথমবাৰলৈ বুমৰাহে জাতীয় দলৰ হৈ খেলিব।

সীমিত অ’ভাৰত তেওঁক জিৰণি দিয়া হয়। আনহাতে ৰাহানে বিশ্বকাপত সুযোগ পোৱা নাছিল। সেই সময়ছোৱাত তেওঁ ইংলিছ কাউণ্টি ক্ৰিকেটত অংশ লয়। বিৰাটৰ অনুপস্থিতিত তেওঁ দলক নেতৃত্ব দিব। পূজাৰা হৈছে দলৰ টেষ্ট বিশেষজ্ঞ। যিকোনো স্থানতে ভাৰতীয় টেষ্ট দলে সফলতা লাভ কৰিবলৈ পূজাৰাৰ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ।

তদুপৰি মায়ং আগৰৱাল ৰবীচন্দ্ৰন অশ্বিন, ঋদ্ধিমান সাহা, ঈশান্ত শৰ্মা, উমেশ যাদৱ আদি খেলুৱৈসকলৰ বাবেও কাইলৈৰ পৰা হ’বলগীয়া প্ৰস্তুতি মেচখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। প্ৰস্তুতিত সুন্দৰ প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে মূল শৃংখলাৰ চূড়ান্ত একাদশত স্থান নিশ্চিত হোৱাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here