Home অসম তিনিদিনীয়া স্বাধীনতা দিৱস

তিনিদিনীয়া স্বাধীনতা দিৱস

60
0

-পুলিন শইকীয়া-

স্বাধীনতা সকলোৰে প্ৰিয় শব্দ। ভাৰতীয় মানুহৰ কৰ্মবিমুখীতা আৰু অত্যধিক নিচাসক্তিৰ সুযোগ গ্ৰহণ কৰি বৃটিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কিছু পলমকৈ হ’লেও আমাৰ অসমো নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা ৰণত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ অন্তত দেশে স্বাধীনতা লাভ কৰিলে। তেতিয়াৰ পৰাই যোৱা বাসত্তৰ বছৰে আমি এই দিবসটো পালন কৰি আহিছোঁ। দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত কাৰো দ্বিমত থাকিব নোৱাৰে। বৰঞ্চ তেনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিজন ভাৰতীয়ই গৰ্ববোধ কৰে।

যোৱা ২-৩ বছৰ ধৰি চৰকাৰৰ ফালৰ পৰা বিদ্যালয়বোৰলৈ তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালনৰ নিৰ্দেশ দি অহা হৈছে। হয়তু দেশৰ স্বাধীনতা আন্দোলনৰ গুৰুত্ব, বীৰ শ্বহীদলৈ শ্ৰদ্ধা আৰু স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ কৰ্তব্য আদি সোঁৱৰাই ভৱিষ্যতে এজন দেশপ্ৰেমিক সুনাগৰিক হ’বলৈ প্ৰেৰণা দিবৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক লৈ এইদৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস পালনৰ কথা ভবা হ’ল। উদ্দেশ্য বোধহয় মহৎ আছিল। কিন্তু চৰকাৰী বিদ্যালয়ৰ একাংশ কামচোৰ শিক্ষকে যেন এই গুঢ়াৰ্থ উপলব্ধি কৰিব নোৱাৰিলে।

বাস্তৱ ক্ষেত্ৰত আমি দেখা পালো কি · বহু সংখ্যক বিদ্যালয়ত সম্পূৰ্ণ তিনিদিন ধৰি পাঠদান সম্পূৰ্ণভাৱে বন্ধ থাকিল। স্বাধীনতা দিৱসৰ নামত দুদিন অতিৰিক্তভাৱে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ’ল একাংশ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নিজ সন্তানক পঢ়িবলৈ পঠোৱা সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত গাঁৱৰ সচেতন দুখীয়া অভিভাৱকসকলক এইধৰণৰ কাণ্ডই নিশ্চয়কৈ আঘাত দিছে। তেওঁলোক যেন নিৰুপায়। বিভাগৰ খণ্ড বা জিলা পৰ্যায়ৰ কাৰ্যালয়েও এনে বহু বিদ্যালয়ৰ নিয়মীয়া পাঠদান নিশ্চিত কৰিব নোৱাৰে। এয়া চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ অন্তৰ্গত এটা সৰু দৃশ্য মাত্ৰ।
(২)
স্বাধীনতা দিৱসৰ দিনাই দুৰদৰ্শন প্ৰতিষ্ঠানৰ খবৰ অনুসৰি চৰকাৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বোৰত চলমান পানীৰ ব্যৱস্থা, ছাত্ৰীৰ বাবে বিশেষ কমন ৰূম, চেনিটেৰি নেপকিন যোগান আদিৰ ব্যৱস্থা কৰি চৰকাৰী বিদ্যালয়বোৰক সুন্দৰ ৰূপত গঢ় দিব বিছাৰিছে। মাতৃভাষা মাধ্যমক ভালপোৱা প্ৰতিজন লোকৰ বাবেই ই অত্যন্ত ভাল খৱৰ। কিন্তু অতি কম ভূমিখণ্ডত হাঁহৰ গঁৰালৰ দৰে বহি থকা বিদ্যালয়বোৰ স্থানান্তৰ কৰি উপযুক্ত ভূ খণ্ডত সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ চৰকাৰ সক্ষম হ’বনে· প্ৰাদেশিকীকৰণৰ সময়ত শিক্ষা বিভাগৰ জিলা কাৰ্যালয়ৰ সহযোগত ভুৱা নথি প্ৰদান কৰা, প্ৰকৃততে ভূমিহীন বিদ্যালয়বোৰক ভূমি প্ৰদানৰ ব্যৱস্থা কৰিবনে চৰকাৰৰ ৰাজহ বিভাগে· উপযুক্ত পৰিমাণৰ ভূমি অৱিহনে বিদ্যালয় চৌহদ সুন্দৰ কৰি সজাব পৰা যাব জানো·
(৩)
সুহৃদ পাঠকে হয়তু ভাবিব-আমি কিয় বাৰে বাৰে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা লিখি থাকোঁ· শিক্ষা ক্ষেত্ৰৰ সতে জড়িত হৈ থকা বাবে সমস্যাসমূহ আমাৰ চকুত সততে ধৰা দিয়ে। বহু অভিভাৱকৰ কথা বাৰ্তাই আমাক ইবোৰ কাকতৰ যোগেদি ৰাইজৰ আগত তুলি ধৰিবলৈ বাধ্য কৰে। কিজানি ৰজাঘৰৰ চকু পৰেই· গাঁৱৰ দুখীয়া সদা সচেতন একাংশ অভিভাৱকৰ দৰে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰলৈ সুদিন ঘূৰি আহিব বুলি আমিও আশাবাদী।
ফোনঃ ৮৬৩৮২৯১৩৫০

LEAVE A REPLY

Please enter your comment!
Please enter your name here